NEWS

গৌৰৱে কঢ়িয়াই আনিলে গৌৰৱ! শিৱসাগৰৰ বিশেষভাৱে সক্ষম গৌৰৱে শৰীৰ চৰ্চা প্ৰতিযোগিতাত লাভ কৰিলে স্বৰ্ণ পদক

জীৱন যুঁজত হাৰ মনা নাই শিৱসাগৰৰ এইজন যুৱকে শাৰীৰিকভাৱে সক্ষম যদিও জীৱনত হাৰ মানিব নোখোজা এজন যুৱক। বিশেষভাৱে সক্ষম হৈও সোণৰ পদক অৰ্জন কৰিলে শিৱসাগৰৰ যুৱকে। পাঁচ বছৰ বয়সলৈকে খোজ কাঢ়িব নোৱাৰা লৰাটোৱে অৰ্জন কৰিলে সোণৰ পদক। জীৱন যুঁজত বহু লোকে হাৰ মানি বিচলিত হৈ পৰিছে কিন্তু তাৰ সমান্তৰালভাৱে জীৱন যুঁজত হাৰ মানিব নোখোজা, সাহসেৰে আগবাঢ়ি যোৱা বহু ব্যক্তিৰ জীৱন সংগ্ৰামৰ বিষয়ে আমি শুনিছো। সেইসকলৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে আন দহজনকো জীৱনত আগবাঢ়ি যাবলৈ উৎসাহ প্ৰদান কৰে। বিশেষকৈ বিশেষভাৱে সক্ষম হৈও জীৱনত সফলতাৰ শিখৰলৈ আগবাঢ়ি যোৱাও বহু ব্যক্তিৰ উদাহৰণ আমাৰ সমাজত আছে। সেইসকলৰ দৰে শিৱসাগৰৰ এজন বিশেষভাৱে সক্ষম যুৱকেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিশেষভাৱে সক্ষম যদিও জীৱনত হাৰ মানিব খোজা নাই ১৬ বছৰীয়া শিৱসাগৰ সৌকাজান সত্ৰৰ এই যুৱকজনে। যুৱকজনৰ নাম হৈছে গৌৰৱ মহন্ত। জন্মৰ পৰা পাঁচ বছৰলৈকে খোজ কাঢ়িব পৰা নাছিল গৌৰৱ মহন্তই। কিন্তু বৰ্তমান শাৰীৰিকভাৱে সক্ষম যদিও যুৱকজনে শৰীৰ চৰ্চা কৰি আহিছে আৰু শৰীৰ চৰ্চা কৰিয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰ জিলাৰ সৌকাজান সত্ৰৰ অমৃত মহন্ত আৰু পপী মহন্তৰ জ্যেষ্ঠ পুত্ৰ গৌৰৱ মহন্তই শৰীৰ চৰ্চা প্ৰতিযোগিতাত শিৱসাগৰ জিলাৰ ভিতৰতে সোণৰ পদক অৰ্জন কৰি জীৱন সংগ্ৰামৰ এক নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। শিৱসাগৰত অনুষ্ঠিত হোৱা ৪২ সংখ্যক ৰংপুৰ শ্ৰী শৰীৰ চৰ্চা প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি অনা গৌৰৱ মহন্তই আগন্তুক লখিমপুৰ নাৰায়ণপুৰত অনুষ্ঠিত হব লগা ৰাজ্যিক পৰ্যায়ৰ শৰীৰ চৰ্চা প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে। জীৱন যুঁজত সাহসিকতাৰে আগবাঢ়ি যাব খোজা গৌৰৱ মহন্তক বৰ্তমান সময়ত বিভিন্নজনে প্ৰশংসাৰে উপচাই তোলা দেখিবলৈ পোৱা গৈছে । আৰু উঠি অহা প্ৰজন্মৰ বাবে এক পথ প্ৰদৰ্শক হিচাপেও গৌৰৱ কক উদাহৰণ হৈ পৰিছে । None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.