NEWS

Asam Sahitya Sabha: অসম সাহিত্য সভাত অ-সাহিত্যিক, সাহিত্যৰ বুৰঞ্জীত নাম নথকা সাহিত্যিকৰ দপদপনি!

বিষ্ণু শইকীয়াঃ অসমীয়া জাতিৰ ঐতিহ্যবাহী অনুষ্ঠান অসম সাহিত্য সভাৰ সভাপতিক লৈ বিতৰ্ক অব্যাহত আছে। সভাপতি, সম্পাদকৰ দৰে সন্মানীয় পদবীক লৈ অসম সাহিত্য সভাত যেন এতিয়া খোৱা-কামোৰা চলিছে। ‘অ-সাহিত্যিক’ৰ ৰাজনীতিত সাহিত্য সভাই পূৰ্বৰ গৰিমা হেৰুৱাই পেলাইছে। যাৰ পৰিপ্ৰেক্ষিততে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন শইকীয়াই, “যোৱা শতিকাতে সাহিত্য সভাই গৰিমা হেৰুৱাইছে” বুলি মন্তব্য কৰিছে।শেহতীয়াকৈ অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা সভাপতিৰ প্ৰাৰ্থী পেনেলক লৈ বিতৰ্ক চলি আছে। সাহিত্য সভাৰ উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে প্ৰস্তুত কৰা সভাপতি পদৰ প্ৰাৰ্থী পেনেলত নিজৰে নাম অন্তৰ্ভুক্ত কৰি সভাপতি হোৱাৰ মন মেলিছে বৰ্তমানৰ উপ সভাপতি ডা০ গিৰীশ সন্দিকৈ আৰু নাহেন্দ্ৰ পাদুনে। লক্ষণীয়ভাৱে দুয়োজন হৈছে উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ অন্যতম সদস্য। যাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইফালে এই ঘটনাৰ পাছতে সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি সূৰ্য হাজৰিকাই সভাপতিৰ পেনেল সলনি কৰিবলৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মা আৰু আইন উপদেষ্টালৈ। লগতে সভাপতিৰ পেনেল সলনি কৰিবলৈ অহা ১০ নৱেম্বৰৰ পূৰ্বে উচ্চ ক্ষমতা সম্পন্ন কমিটীৰ বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে সভাপতিয়ে। বিপৰীতে সভাপতিৰ নিৰ্দেশক কেৰেপ নকৰি সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মাই বৰ্তমানৰ উপ-সভাপতি গিৰীশ সন্দিকৈকে সভাপতি পতাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে। এইক্ষেত্ৰত সভাৰ প্ৰাক্তন সভাপতি তথা উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ অন্যতম সদস্য কুলধৰ শইকীয়াও উঠি পৰি লগাৰ অভিযোগ উত্থাপন হৈছে। উচ্চস্তৰীয় কমিটীয়ে প্ৰস্তুত কৰা সভাপতি পদৰ প্ৰাৰ্থী পেনেলত নাম আছিল ডা০ গিৰীশ সন্দিকৈ, নাহেন্দ্ৰ পাদুন আৰু প্ৰথিতযশা সাহিত্যিক ড০ লীলাৱতী শইকীয়া বৰা, ড০ হিতেশ ডেকা আৰু ড০ মালিনীৰ নাম। এইসকল স্বনামধন্য সাহিত্যিকৰ বিপৰীতে ডা০ গিৰীশ সন্দিকৈৰ দৰে সাহিত্যিক হিচাপে বিশেষ নাম নথকা লোকৰ নাম সোমাইছে। একাংশ নিস্ক্ৰিয় সমিতিক সাহিত্য সভাৰ ভোটাৰ তালিকাত সুমুৱাই ডা০ গিৰীশ সন্দিকৈয়ে সভাপতি হোৱাৰ বাট মোকোলাইছে যদিও সূৰ্য হাজৰিকাৰ নিৰ্দেশৰ পাছতে সাহিত্য সভাৰ মাজতে অন্তৰ্কন্দলৰ সৃষ্টি হৈছে। ইফালে অসম সাহিত্য সভাক লৈ বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সাহিত্য সভাৰ খামখেয়ালিক লৈ শেহতীয়াকৈ বিতৰ্কৰ সৃষ্টি হৈছে ৰাজ্যত। যোৱাতো শতিকাতে অসম সাহিত্য সভাই গৰিমা হেৰুৱাইছে বুলি মন্তব্য সাহিত্যিক ড০ নগেন শইকীয়াৰ। সাহিত্য সভা সম্পৰ্কত আক্ষেপ প্ৰকাশ কৰি ড০ শইকীয়াই কয় যে, “বৰ্তমান সাহিত্য সভা অসাহিত্যিকৰ যুঁজৰ থলীত পৰিণত হৈছে। অসম সাহিত্য সভা সম্পৰ্কত মই বহুদিন মাত মতা নাই। মাত নামাতো বুলিয়েই ভাবি আছিলোঁ।” লগতে বিশিষ্ট সাহিত্যিকজনে প্ৰয়াত প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিক অপমান কৰি লখিমপুৰ অধিবেশনত সভাৰ নিয়মাৱলী সলনি কৰাকলৈও আক্ষেপ প্ৰকাশ কৰে। অসমীয়া সাহিত্য সভাৰ বুৰঞ্জীত নাম নথকা লোকেৰ যুঁজৰ থলীত পৰিণত হৈছে অসম সাহিত্য সভা। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.