NEWS

এইবোৰ খাদ্য ফেটি লিভাৰ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰৰ ৰোগৰ মূল কাৰণ!

এইবোৰ খাদ্য ফেটি লিভাৰ, বহুমূত্ৰ, উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰৰ ৰোগৰ মূল কাৰণ। দৈনন্দিন খাদ্যাভাসৰ সৈতে আমাৰ স্বাস্থ্য নিৰ্ভৰ কৰে। খাদ্যাভাসৰ পৰাই আজিকালি আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। ফেটি লিভাৰ, বহুমূত্ৰ, উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰৰ ৰোগৰ ক্ষেত্ৰতো খাদ্যাভাসৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। বৰ্তমান সময়ত নৱপ্ৰজন্মৰ মাজত ফাষ্ট ফুড, Cool drinks গ্ৰহণ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। সেইসমূহ খাদ্যই ভৱিষ্যতে বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় মেডিচিন বিশেষজ্ঞ ডাঃ অমিয় কুমাৰ শৰ্মাই। তেওঁ উল্লেখ কৰা অনুসৰি, সাম্প্ৰতিক সময়ত আমাৰ সমাজত ফাষ্ট ফুড, Cool drinksৰ ব্যৱহাৰ দেখিবলৈ পোৱা গৈছে। ঘৰুৱা তথা সামাজিক অনুষ্ঠানত আজিকালি ফাষ্ট ফুড, Cool drinks জাতীয় খাদ্যৰ ব্যৱহাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। নেমুৰ পানী, কুঁহিয়াৰ ৰস, নাৰিকলৰ পানী, তেতেলী পানী আদি আমাৰ শৰীৰৰ বাবে উপকাৰী। অথবা গ্ৰীষ্মকালত ইয়াৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে। কিন্তু ইয়াৰ পৰিৱৰ্তে আমি যিবোৰ ঠাণ্ডা জাতীয় পানীয় বা খাদ্য গ্ৰহণ কৰো অথবা যিবিলাক পেকেজিঙৰ ঠাণ্ডা সামগ্ৰী আমি গ্ৰহণ কৰো সেইবোৰে আমাৰ শৰীৰত ক্ষতিকাৰক প্ৰভাৱ পেলাই। এই সামগ্ৰীসমূহত যথেষ্ট পৰিমাণে চুগাৰ, কেলৰী থাকে। আৰু এইবিলাকে আমাৰ শৰীৰত গৈ ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা থাকে। আজিৰ দিনত সাধাৰণতে প্ৰায় ৬০-৮০ শতাংশ ল’ৰা-ছোৱালীৰ ফেটি লিভাৰ হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ ফলত পিছত বহুমূত্ৰ ৰোগ, উচ্চ ৰক্তচাপ বা হৃদযন্ত্ৰৰ ৰোগত ভুগিব পাৰে। সেইবাবে এনেধৰণৰ পানীয় সৰুৰে পৰা গ্ৰহণ‌ নকৰাৰ অভ্যাস গঢ়িব লাগে। বিশেষকৈ মাতৃ সকল বা জ্যেষ্ঠসকলে এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.