NEWS

Health Tips: আপোনাৰো প্ৰস্ৰাৱ জ্বলা-পোৰা কৰে নেকি? পৰিত্ৰাণ পাবলৈ ঘৰতে কৰক এই কাম

প্ৰস্ৰাৱ জ্বলা-পোৰা কৰাৰ ঘৰুৱা প্ৰতিকাৰ। পৰামৰ্শ দিলে আয়ুৰ্বেদিক চিকিৎসকে। প্ৰস্ৰাৱজ্বলা-পোৰা কৰাৰ কাৰণ আৰু ইয়াৰ ঘৰুৱা প্ৰতিকাৰৰ সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় আয়ুৰ্বেদিক চিকিৎসক ডাঃ বিশ্বজিৎ দাসে। তেওঁ উল্লেখ কৰা অনুসৰি,‌ গৰম দিনত প্ৰায় লোকে প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা সমস্যাত ভোগা দেখা যায়। প্ৰস্ৰাৱ জ্বলা-পোৰা কৰাৰ লগতে ৰোগীজনৰ ভীষণ জ্বৰ হ’ব পাৰে, বমি-বমি লাগিব পাৰে, তল পেটত বিষ হ’ব পাৰে, পেট‌ ফুলিব পাৰে। এনেকৈ প্ৰস্ৰাৱ জ্বলা-পোৰা কৰাৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে। এই গোটেইখিনিক urinary tract infection (UTI) বুলি কোৱা হয়। মূত্ৰ ত্যাগৰ লগত আমাৰ শৰীৰৰ চাৰিটা অংগ জড়িত হৈ আছে। বৃক্কৰ পৰা মূত্ৰাশয় জমা হয়, তাৰ পাছত মূত্ৰ নলীৰে ওলাই আহে। UTI ত এই চাৰিটা অংগ সংক্ৰমণ হয়। প্ৰস্ৰাৱ জ্বলা-পোৰা কৰাৰ কাৰণ হ’ল ইকৰাই নামৰ এবিধ বেক্টেৰিয়া। যেতিয়া ইকৰাই নামৰ এবিধ বেক্টেৰিয়াৰ পৰা মূত্ৰাশয় ব্যৱস্থাটো সংক্ৰমণ হয় তেতিয়াই UTI সমস্যা দেখা দিয়ে। গৰম দিনত বেক্টেৰিয়া বৃদ্ধি হ’বলৈ সহজ সেইবাবে গৰম দিনত এই সমস্যা অধিক দেখা যায়। দ্বিতীয়তে গৰম দিনত আমি বেছিকৈ ঘামো। ঘমাৰ বাবে আমাৰ শৰীৰৰ প্ৰয়োজনীয় জলীয় পদাৰ্থসমূহ ওলাই যায় আৰু তেতিয়া আমাৰ শৰীৰত ডি হাইড্ৰেছন হয়। ডি হাইড্ৰেছনৰ বাবেও আমাৰ শৰীৰত UTI সমস্যাই দেখা দিয়ে। তৃতীয়তে গৰম দিনত আমি প্ৰস্ৰাৱ কমকৈ কৰো বা বহুতে প্ৰস্ৰাৱ লাগিলে ধৰি ৰাখে। ইয়াৰ বাবেও UTI সমস্যাই দেখা দিয়ে। উল্লেখ্য যে পুৰুষৰ তুলনাত মহিলাসকলৰ শৰীৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি।তেওঁলোকৰ শাৰীৰিক গঠনটোৰ বাবে এই ৰোগত বেছিকৈ আক্ৰান্ত হয়। এই ৰোগৰ প্ৰতিৰোধৰ বাবে প্ৰথমতে প্ৰস্ৰাৱ কৰা ঠাইখিনি পৰিষ্কাৰ হ’ব লাগে। প্ৰতিদিনে ৩ৰ পৰা ৪ লিটাৰ পানী খাব লাগে, ভিটামিন C এ এই ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। নেমুৰ চৰবত খাব লাগে,যিমান পাৰে সঘনাই প্ৰস্ৰাৱকৰিব লাগে। যদি প্ৰস্ৰাৱ জ্বলা-পোৰা কৰাৰ সমান্তৰালকৈ বহুত বেছি জ্বৰ হয়, পেটৰ বিষ হয় তেতিয়া হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।‌ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.