NEWS

Dibrugarh News: অসমৰ লোক সংস্কৃতিৰ ভঁৰাল চহকী কৰা কৃষিভিত্তিক এক উৎসৱ, চাবুৱাত সমূহীয়াকৈ সম্পন্ন হ'ল পিঠা খোৱা পৰ্ব

অসমৰ লোক সংস্কৃতিৰ ভঁৰাল চহকী কৰা কৃষিভিত্তিক উৎসৱ অসমৰ লোক সংস্কৃতিৰ ভঁৰাল চহকী কৰা কৃষিভিত্তিক উৎসৱ ‘নাঙল ধোৱা পিঠা খোৱা পৰ্ব’। নিজা ৰীতি নীতি, ঐতিহাসিক পৰম্পৰাৰে চাবুৱাত সমূহীয়াকৈ সম্পন্ন হ’ল পিঠা খোৱা পৰ্ব। নিজা ৰীতি নীতি, ঐতিহাসিক পৰম্পৰাৰে সমৃদ্ধ এখন চহকী কলা-সংস্কৃতিৰ। বিশেষ ঠাই হৈছে ডিব্ৰুগড় জিলাৰ চাবুৱা। য’ত সমিল মিলেৰে বসবাস কৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সকলে। অতীজৰে পৰা বসবাস কৰি অহা থলুৱা জনগোষ্ঠীৰ লোক সকলে নিজা ৰীতি-নীতিৰে পালন কৰি আহিছে পৰম্পৰাসমূহ। প্ৰধানকৈ কৃষিৰ ওপৰতে নিৰ্ভৰশীল হোৱা থলুৱা লোকসকলে কৃষি ভিত্তিক উৎসৱ পাৰ্বন সমূহো অনুষ্ঠিত কৰি আহিছে। ইয়াৰে ভিতৰত বৰ্তমান সময়ত পালন কৰা এটা কৃষি ভিত্তিক পৰম্পৰা হৈছে ‘নাঙল ধোৱা পিঠা খোৱা পৰ্ব’। এই নাঙল ধোৱা পিঠা খোৱা পৰ্ব টি চাবুৱা অঞ্চলত কৃষক ৰাইজে নিজা ৰীতি নীতিৰে পালন কৰি আহিছে। অসমৰ লোক সংস্কৃতিৰ অন্যতম এক পৰ্ব হৈছে এই নাঙল ধোৱা পিঠা খোৱা। এই নাঙল ধোৱা পিঠা খোৱা পৰ্বটি পথাৰত ধানৰ কঠিয়া ৰুই শেষ কৰি খোৱা হয়। কিছু ঠাইত কোনো এটা পৰিয়ালে গাঁৱৰ জ্যেষ্ঠ সকলক আৰু হালোৱা, ৰোৱানীক নিমন্ত্ৰণ কৰি আপ্যায়ন কৰোৱাই। আন কিছু ঠাইত সমূহীয়াভাৱে আয়োজন কৰি সকলোৱে একেলগে এই পিঠা খোৱা হয়। লাহোৱাল বিধানসভা সমষ্টিৰ হাঁহৰিয়াল গাঁৱৰ নামঘৰতে ৰাইজে সমূহীয়াকৈআয়োজন কৰা পৰিলক্ষিত হয়। বৃহত্তৰ হাঁহৰিয়াল অঞ্চলৰ ভকত বৈষ্ণৱ, জীয়ৰি বোৱাৰী, আয়তী সকলোৱে লগে-ভাগে একেলগ হৈ আনন্দ উল্লাহৰ মাজেৰে নামঘৰ প্ৰাংগণত নাঙল ধোৱা পিঠা খায়। লোকবিশ্বাস অনুসৰি, ‘নাঙল ধোৱা পৰ্ব’ উত্তৰ অসমত শাওন-ভাদমহীয়া কৃষি কৰ্ম শেষ কৰাৰ পাছৰ এটা অনুষ্ঠান। নাঙল ধোৱা পৰ্ব নকৰিলে কৃষকৰ গোটেই বছৰটোলৈ শৰীৰৰ পীড়া বা নৰিয়া শেষ নহয় বুলি লোক বিশ্বাস আছে। হাঁহৰিয়াল গাঁৱৰ নামঘৰত গাঁৱখনৰ ৰাইজে সমূহীয়াকৈ ‘নাঙল ধোৱা পিঠা খোৱা’ অনুষ্ঠানত লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাও উপস্থিত থাকি নাঙল ধোৱা পিঠাৰ সোৱাদ লৈ অতীজৰ পিঠা খোৱাৰ পৰম্পৰাৰ বিষয়ে স্মৃতি ব্যক্ত কৰে। উল্লেখ্য যে, এই পৰ্বত তৰা পাতত বৰা চাউলৰ পিঠাগুৰি চাৰিচুকীয়াকৈ বান্ধি উতলা পানীত সিজাই উক্ত দিনা অথবা পাছৰ দিনটোৰ পুৱা ভাগতে চাহৰ সৈতে খায়। এই পিঠাক ‘নাঙল ধোৱা পিঠা’ বোলা হয়। এই তৰা পাতে শস্য বৃদ্ধি আৰু মানুহৰ বংশ বৃদ্ধিৰ অৰ্থ সূচায়। সেয়ে খেতিয়কে নিজৰ কৃষিভূমিত একোজোপা তৰাগছো ৰোপন কৰে। এই নাঙল ধোৱা উৎসৱত গাঁৱৰ ওচৰ-চুবুৰীয়াক নিমন্ত্ৰণ কৰা হয়। উৎসৱটিয়ে অনাবিল আনন্দ প্ৰদান কৰে। উল্লেখযোগ্য যে, বৰ্তমান অসমীয়া কৃষিজীৱি সমাজত আগৰ দৰে এই উৎসৱ নাই বুলিব পাৰি। কাৰণ এতিয়া খেতি কৰাৰ সঁজুলিৰ পৰা নাঙল ক্ৰমশঃ বিলুপ্ত হৈছে বুলিব পাৰি।নাঙল-ধোৱা নামটোৰ পৰাই বুজিব পাৰি যে হালৰ কাম শেষ কৰি যিদিনা নাঙল ধুই-পখালি খেতিয়কে সুকীয়কৈ থয় সেই দিনাই পৰিয়ালৰ সকলো মিলি নাঙল-ধোৱা পিঠা তৈয়াৰ কৰে। ঠাই বিশেষে নাঙল-ধোৱা পিঠা তৈয়াৰ কৰা প্ৰণালীও বেলেগ বেলেগ ধৰণৰ হয়। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.