দুৰ্গাপূজাৰ প্ৰাকক্ষণত জমি উঠিল প্ৰদৰ্শনী। ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গা পূজাৰ প্ৰস্তুতি। চাৰিওফালে এতিয়া উখল মাখল পৰিৱেশ। পূজাৰ পাঁচটা দিনত কি কি সাজপাৰ পৰিধান কৰিব, কেনেদৰে কৰিব পেণ্ডেল হোপিং সেয়া চলিছে নানা পৰিকল্পনা। এই দুৰ্গা পূজাৰ প্ৰাকক্ষণত এখন বিশেষ বজাৰে কৰিলে সকলোৰ দৃষ্টি আকৰ্ষণ। ৰাজ্য চৰকাৰে বৰ্তমান সময়ত হস্তশিল্পৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই পূজাৰ বতৰতো হস্তশিল্প ক্ৰয় কৰাৰ আহ্বান জনাই ছাত্ৰ-ছাত্ৰীসকলে আয়োজন কৰিলে এখন বিশেষ বজাৰৰ। সুলভ মূল্যত ছাত্ৰ-ছাত্ৰীৰ হাতেৰে নিৰ্মিত বিভিন্ন ধৰণৰ গয়না, শাৰী, বেগ, বেড চিট, মেখলা চাদৰ, মণিপুৰী টাৱেল, পাটৰ সামগ্ৰী, কেনভাছ পেইণ্টিং, লিপন আৰ্ট, ড’ৰ মেট সকলো ক্ৰয় কৰিব পাৰিব। শিলচৰ ৰাধামাধৱ কলেজ এণ্ট্ৰাপেনিৱৰশ্বিপ ডেভেলপমেণ্ট চেল-মহিলা চেলৰ যৌথ উদ্যোগত আৰু আইকিউএচি-ৰ সহযোগত কলেজৰ চৌহদত এখন হস্তশিল্প প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। দুৰ্গা পূজাৰ প্ৰাকক্ষণত যাতে সকলোৱে সুলভ মূল্যত পছন্দ অনুসৰি কিনিব পাৰে বিভিন্ন সা-সামগ্ৰী আৰু লগতে ছাত্ৰ-ছাত্ৰীক পঢ়া-শুনাৰ লগতে স্বাৱলম্বী কৰিব তুলিবলৈ এই বিশেষ কাৰ্যসূচী হাতত লোৱা হয়। ৰাধামাধৱ কলেজ আইকিউএচিৰ সমন্বয়ক সোণালী চৌধুৰী আৰু উপাধ্যক্ষ ডঃ ৰাহুল চক্ৰৱৰ্তীয়ে উদ্বোধন কৰে হস্তশিল্প প্ৰদৰ্শনীৰ। এই হস্তশিল্প প্ৰদৰ্শনীত ৰাধামাধৱ কলেজ আৰু গুৰুচৰণ কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সামূহিক সংগঠন ‘এৰা আমাদেৰ এন জি অ’, চিনলাইমা ৱেবাৰ্ছ প্ৰডাক্টৰ ছ’চাইটি কো-অপাৰেটিভ লিমিটেডৰ বিষয়াসকলে বিভিন্ন ষ্টল স্থাপন কৰা দেখা যায়। মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অশিক্ষক কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে ষ্টলৰ পৰা হাতেৰে নিৰ্মিত বেগ, বেড চিট, মেখলা চাদৰ, মণিপুৰী টাৱেল, পাটৰ সামগ্ৰী, কেনভাছ পেইণ্টিং , লিপন আৰ্ট, ড’ৰ মেট, ৰঙীন লেম্প আদি ক্ৰয় কৰে। উদ্যোগীকৰণ বিকাশ কোষৰ আহ্বায়ক তথা ইংৰাজী বিভাগৰ মুৰব্বী ডঃ অৰুন্ধতী দত্ত চৌধুৰীয়ে কয় যে ইয়াত হস্তশিল্প প্ৰদৰ্শনী কেৱল সামগ্ৰী প্ৰদৰ্শনৰ বাবেই আয়োজন কৰা নহয়। পঢ়া-শুনাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো স্বাৱলম্বী কৰি তোলাৰ এক ক্ষুদ্ৰ প্ৰয়াস মাথোঁ। চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰাৰ পৰিৱৰ্তে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ অৰুন্ধতীয়ে আহ্বান জনায়। এই প্ৰদৰ্শনী সফল কৰি তোলাৰ বাবেমহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেবাশীষ ৰায়, আইকিউএচিৰ সমন্বয়ক, উপাধ্যক্ষ আৰু অন্যান্য শিক্ষক আৰু অশিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে তেওঁ। None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.