ঠাণ্ডা পানীৰে গা ধোৱাৰ উপকাৰিতা ঠাণ্ডাৰ দিনত গা ধুবলৈ আপুনিও গৰম পানীৰ ব্যবহাৰ কৰিছে নেকি? কিন্তু ঠাণ্ডা পানীৰে গা ধোৱাৰ আছে বহুতো উপকাৰিত। ঠাণ্ডাৰ দিনত বহু সংখ্যক লোকেই গা ধোৱাৰ ক্ষেত্ৰত ঠাণ্ডা পানীৰ পৰিবৰ্তে ব্যৱহাৰ কৰে গৰম পানীৰ। কিন্তু গৰম পানীৰ পৰিবৰ্তে ঠাণ্ডা পানীৰে গা ধোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াৰ কিছু গুৰুত্বপূর্ণ উপকাৰিতাৰ বিষয়ে জনাইছে ডাক্তৰ পল ৰবচন মেধিয়ে। ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে ৰক্তবাহী নলী সংকুচিত হয়, যাৰ ফলত ৰক্ত সঞ্চালন বৃদ্ধি পায়। এই প্ৰক্ৰিয়াই শৰীৰৰ বিভিন্ন অঙ্গলৈ অধিক ৰক্ত পঠিয়াবলৈ সহায় কৰে আৰু স্বাস্থ্য উন্নত কৰে। নিয়মিত ঠাণ্ডা পানীৰে গা ধোৱাৰ ফলত ইমিউন প্ৰণালী উদ্দীপিত হয়, ফলত ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি পায়। কিছু গৱেষণাৰ মতে ঠাণ্ডা পানীৰে গা ধূলে ৰোগৰ প্ৰতি সংবেদনশীলতা কমাই দিয়ে। আৰু পঢ়ক: গুৱাহাটী ৰে’ল ষ্টেচনত বোমাতংক! শ্বিলং আৰক্ষীৰ খবৰৰ পিছতে গুৱাহাটী ষ্টেচনত লাগিছে হাহাকাৰ ঠাণ্ডা পানীৰে গা ধোৱাৰ ফলত এণ্ডৰফিন আৰু নৰএড্ৰেনালিনৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ ফলত মুড উন্নতি হয় আৰু ডিপ্ৰেচন আদিৰ সমস্যাই সহজে লগ দিব নোৱাৰে। ইয়াৰ লগতে, ঠাণ্ডা পানীৰ ব্যৱহাৰে মানসিক স্পষ্টতা আৰু শক্তি বৃদ্ধি কৰে। ঠাণ্ডা পানী ছালৰ প্ৰাকৃতিক তেল সুৰক্ষিত কৰি ৰাখে আৰু ছাল শুকান হ’বলৈ নিদিয়ে। ই ছালৰ আৰু চুলিৰ সামগ্ৰিক ৰূপ উন্নত কৰিব পাৰে। আৰু পঢ়ক: অষ্ট্ৰেলিয়াত আলৈ-আথানিৰ সন্মুখীন জয়ছোৱাল! কি হ’ল ভাৰতীয় তাৰকাৰ অপেনাৰগৰাকীৰ সৈতে? ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে জ্বলা-পোৰা আৰু, প্ৰদাহ কম কৰাত সহায় কৰে। ঠাণ্ডা পানীৰে গা ধোৱাৰ এই উপকাৰিতাসমূহৰ বাবে, স্বাস্থ্যৰ ক্ষেত্ৰত এক নতুন অভ্যাসৰ ৰূপে ইয়াক গ্ৰহণ কৰিবলৈ আহ্বান জনাই ডাক্তৰ পল ৰবচন মেধিয়ে। কিন্তু স্বাস্থ্যজনিত কাৰণত যদি চিকিৎসকে কোনোবা লোকক গৰম পানী ব্যৱহাৰ কৰিবলৈ উপদেশ দিয়ে তেন্তে অৱশ্যে এই উপদেশ মানি চলা উচিত। None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.