NEWS

উংকট গৰম আৰু হিটৱেভে দহিছে পৃথিৱী, কি হ’ব পৃথিৱীৰ ভৱিষ্যৎ?

যোৱাটো মাহৰ পৰা অত্যধিকভাৱে বৃদ্ধি হোৱা জলবায়ু পৰিৱৰ্তনে চিন্তাত পেলাইছে সকলোকে। উদ্যোগীকৰণৰ পিছৰ পৰা পৃথিৱীৰ উষ্ণতা এক ডিগ্ৰী বাঢ়ি গৈছে, ফলত গৰমে ক্ৰমাৎ চিন্তনীয় ৰূপ ধাৰণ কৰিছে। জাৰ্মানীত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন - ইউ এন এফ চিচিচিৰ আন্তঃ অধিৱেশনত বিজ্ঞানীসকলে উষ্ণতা ১.৫ ডিগ্ৰী চেলচিয়াছলৈ সীমিত কৰাৰ বাবে কঠোৰ দাবী জনাইছে। ২০১৫ চনৰ পেৰিছ চুক্তি অনুসৰি, বতৰৰ পৰিস্থিতি বেয়ালৈ গতি কৰিলে কূটনৈতিক আলোচনাৰ দ্বাৰা ইয়াৰ সমাধান কৰিব যিটো দুৰ্বল দেশসমূহৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশসমূহৰ বাবেও জলবায়ু নিয়ন্ত্ৰণ এটা গুৰুত্বপূৰ্ণ কথা। কিন্তু পৰিতাপৰ কথা এইটোৱে যে পূৰ্বতে ভিন্ন চৰকাৰে প্ৰতিশ্ৰুতি দিয়া ১০০ বিলিয়ন ডলাৰৰ কথা এতিয়াও সফল ৰূপায়ণ নহ’লেই। জলবায়ুৰ মূল্য এই বছৰৰ শীৰ্ষ বিষয়। উন্নয়নশীল দেশসমূহত জলবায়ু নিয়ন্ত্ৰণ আৰু ইয়াৰ লগত জড়িত হৈ থকা এটা মূল বিষয় অৰ্থ, এই দুয়োটাৰ অধ্যয়ন খুবেই গুৰুত্বপূৰ্ণ, কিয়নো জলবায়ু নিয়ন্ত্ৰণ কৰিবলৈ হ’লে দেশসমূহ আৰ্থিকভাৱে কিমান শক্তিশালী এইটোও নজৰ দিব লাগিব। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে জলবায়ু পৰিৱৰ্তনে ভাৰতৰ বৃহৎ অংশক গ্ৰাস কৰা মাৰাত্মক হিটৱেভক কেনেদৰে তীব্ৰতৰ কৰি তুলিছে। হিটৱেভ দিনৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে, আৰু যোৱা এমাহৰ পৰা ই অধিক বৃদ্ধি হোৱা দেখা গৈছে। ৱৰ্ল্ড ৱেডাৰ এট্ৰিবিউচন (WWA)ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, জলবায়ু পৰিৱৰ্তনে সমগ্ৰ এছিয়াত এইবাৰ হিটৱেভ ১ ডিগ্ৰী চেলছিয়াছ অধিক। এই বছৰ ভাৰতত যি ভয়ংকৰ হিটৱেভ আহিছে, সেয়া সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে। বিশ্বৰ দক্ষিণৰ বহু অংশই বতৰৰ চৰম প্ৰভাৱত ভুগিছে, যাৰ ফলত বিশেষকৈ দৰিদ্ৰ আৰু দুৰ্বল লোকৰ জীৱন দুৰ্বিসহ হৈ পৰিছে। এই হিটৱে’ভক লৈ বনত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ জলবায়ু আলোচনা আৰু চলিত বৰ্ষৰ শেষৰ ফালে বাকুত অনুষ্ঠিত হ’বলগীয়া চিঅ’পি২৯ শীৰ্ষ সন্মিলনত ৰাজনীতিবিদসকলৰ বাবে এক জাগৰণৰ আহ্বান জনোৱাটো প্ৰয়োজন হৈ পৰিছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.