NEWS

ভাৰতীয় শ্বেয়াৰ বজাৰত পতন! ৯৪২ পইণ্ট কমিল ছেনছেক্স, সোমবাৰে ২৩ হাজাৰ ৮১৬ পইণ্টলৈ নামিল NIFTY 50

ভাৰতীয় শ্বেয়াৰ বজাৰত পতন। Nifty50ত ১.২৭ শতাংশৰ অৱনমন। ৯৪২ পইণ্ট কমিল Sensex। শুকুৰবাৰৰ সন্ধিয়াৰ মুহুৰৎ ট্ৰেডিঙৰ দিনা ৮০ হাজাৰ ২৩ পইণ্টলৈ উঠিছিল বম্বে ষ্টক এক্সচেঞ্জৰ সূচক ছেনছেক্স। কিন্তু সোমবাৰে বজাৰ খোলা মাত্ৰকে আৰম্ভ হ’ল ভয়ংকৰ খহনীয়া। এসময়ত ৭৮ হাজাৰ ২৩২ পইণ্টলৈ নমা ছেনছেক্স বন্ধ হ’ল ৭৮ হাজাৰ ৭৮২ পইণ্টত। Nifty50 তো অব্যাহত আছে পতন। প্ৰায় ২৪ হাজাৰ ৪০০ পইণ্টৰ পৰা সোমবাৰে ২৩ হাজাৰ ৮১৬ পইণ্টলৈ নামিল Nifty50। অৱশ্যে বজাৰ শেষ হোৱালৈ সামান্য উত্থানেৰে ২৪ হাজাৰৰ ঘৰৰ ওচৰে পাজৰে বন্ধ হ’ল নেচনেল ষ্টক এক্সচেঞ্জৰ ইনডেক্স। ছেনছেক্স আৰু নিফটিৰ লগতে দশমিক ৮৯ শতাংশ নিম্নগামী হ’ল বেংক নিফিটি। ছুপাৰ টিউছডেৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পতনে চিন্তাত পেলাইছে বিনিয়োগকাৰীক। মাৰ্কিন মুলুকৰ ৰাষ্ট্ৰপতিক লৈ দেখা দিয়া অনিশ্বয়তাৰ প্ৰভাৱ পৰিছে ভাৰতৰ বজাৰত। অৱশ্যে ভাৰত আৰু জাপানৰ বাহিৰে বিশ্বৰ আন দেশত বিশেষ প্ৰভাৱ পেলাব পৰা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনে। আনকি মাৰ্কিন বজাৰৰ Dow Jones ইনডেক্সত দেখা গৈছে ২৩৭ পইণ্টৰ উত্থান। নিৰ্বাচনৰ এদিন পূৰ্বে ১২০ ফইণ্ট উপৰলৈ উঠিৰ আমেৰিকাৰ NASDAQ ইনডেক্সো। ইংলেণ্ড আৰু জাৰ্মানীৰ লগতে এচিয়াৰ বহুকেইখন বজাৰত দেখা গ’ল উত্থান। এইক্ষেত্ৰত ভাৰতৰ সৈতে ব্যতিক্ৰম হ’ল কেৱল জাপানৰ বজাৰ। এহেজাৰৰো অধিক পইণ্ট তললৈ নামিল জাপানৰ Nikkie 225 ইনডেক্স। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছতো অব্যাহত থাকিব পাৰে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পতন। ২৩ হাজাৰ ৬৫০ পইণ্ট কিম্বা ২৩৩৫০ পইণ্টলৈকো NIFTY50ৰ পতনৰ উমান পাইছে বজাৰ বিশেষজ্ঞই। অৱশ্যে মহাসাগৰতকৈয়ো বিশাল এই শ্বেয়াৰ বজাৰে বহুসময়ত ভুল প্ৰমাণিত কৰে পূৰ্বানুমান। অতীতৰ তেনে অভিজ্ঞতাক সাৰথি কৰি পতনৰ পাছত ভাল দিনৰ আশা কৰিছে একাংশ বিনিয়োগৰাকীয়ে। শ্বেয়াৰ বজাৰৰ চৰিত্ৰ মূলতঃ উৰ্ধমূখী হোৱা হেতুকেই এনে পতনৰ সময়ত ভাল ভাল কোম্পানীত বিনিয়োগ কৰিবলৈ চেগ চাই আছে ভাৰতৰ লাখ বিনিয়োগকাৰী। বিশেষজ্ঞৰ পৰামৰ্শত পতনৰ মুখত পৰা ভাৰতৰ এই বজাৰত বিনিয়োগৰ সুবৰ্ণ সুযোগ ল’ব পাৰে বহুজনে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.