NEWS

Yoga Poses for High Blood Pressure: উচ্চ ৰক্তচাপৰ সমস্যা আছে নেকি? এইকেইটা যোগাসন অভ্যাস কৰি নিয়ন্ত্ৰণত ৰাখিব পাৰে আপোনাৰ উচ্চ ৰক্তচাপ

এইকেইটা আসন অভ্যাস কৰি আপুনি আপোনাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে। আজিকালি প্ৰায় লোকৰে উচ্চ ৰক্তচাপজনীত সমস্যাত ভোগা দেখা যায়। আমাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে এনেবোৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিছে। আপোনাৰ যদি উচ্চ ৰক্তচাপজনীত সমস্যা আছে তেতিয়া হ’লে যোগৰ দ্বাৰা ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি এই সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় যোগ বিশেষজ্ঞ অনিল হাজৰিকাই। তেওঁ কয় যে আপোনাৰ যদি মেদবহুলতা আছে তেতিয়া হ’লে প্ৰথমতে মেদবহুলতা দূৰ কৰিব লাগিব। তেতিয়া উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আনিব পৰা যায়। কেইটামান আসন অভ্যাস কৰি আপুনি আপোনাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে। ১। প্ৰথমতে সহজ প্ৰাণায়াম-১ এই প্ৰাণায়ামটো উদ্ভাৱন কৰিছিল স্বামী শিৱানন্দ সৰস্বতীয়ে। এই প্ৰাণায়ামটো কৰিবলৈ প্ৰথমতে আপুনি ওপৰলৈ মূৰ কৰি শুবলাগে, হাত দুখন কঁকালৰ দুয়োকাষত থাকিব। লাহেকৈ উশাহ লৈ লৈ দুয়োখন হাত মূৰৰ ওপৰলৈকে লৈ যাব লাগে। উশাহ এৰি এৰি আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিব। এনেকৈ ৮ৰ পৰা ১০ বাৰ কৰিব। তাৰ পাছত সোঁ ভৰিখন উশাহ লৈ লৈ ওপৰলৈ উঠাব। উশাহ এৰি এৰি আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিব। তাৰ পাছত বাওঁ ভৰিখন ঠিক একেদৰে উশাহ লৈ লৈ ওপৰলৈ উঠাব, উশাহ এৰি এৰি আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিব। এনেকৈ দুয়োখন ভৰি মিলাই এবাৰ হয়। এনেকৈ দৈনিক ৮ৰ পৰা ১০ বাৰ অভ্যাস কৰিব লাগে। ২। দ্বিতীয়তে ভুজঙ্গাসন এই আসনটো কৰিবলৈ প্ৰথমতে পেট পেলাই শুব লাগে, হাত দুখন বুকুৰ দুয়োকাষত ৰাখিব লাগে। লাহেকৈ উশাহ লৈ লৈ ওপৰলৈ উঠি আহিব লাগে। স্বাভাৱিক উশাহ-নিশাহত ৫ৰ পৰা ১০ চেকেণ্ড সময় এই মুদ্ৰাত থাকিব লাগে। তাৰ পাছত উশাহ এৰি এৰি নমাই দিব। এই আসনটো দৈনিক ১০ বাৰকৈ অভ্যাস কৰিব লাগে। তৃতীয়তে শিতলী প্ৰাণায়াম। এই প্ৰাণায়ামটো কৰিবলৈ যিকোনো ধ্যান আসনত বহিব লাগে। তাৰ পাছত জিভাখন বাহিৰলৈ উলিয়াই আনি জিভাখন ভাঁজ কৰিব লাগে। জিভাখনে উশাহটো টানি লৈ উশাহটো গিলি থুতুৰীটো বুকুত স্পৰ্শ কৰিব লাগে। ৫ৰ পৰা ১০ চেকেণ্ড উশাহ বন্ধ ৰাখিব লাগে। লাহেকৈ নাকেৰে উশাহ এৰি এৰি ওপৰলৈ উঠি আহিব। এই প্ৰণায়ামটো দৈনিক ১০ বাৰকৈ অভ্যাস কৰিব লাগে। যিসকলৰ ক’ল্ড কফৰ সমস্যা আছে তেওঁলোকে শিতলী প্ৰাণায়াম কৰাৰ পৰা বিৰত থাকিব। ৩| সহজ প্ৰাণায়াম-৭ এই প্ৰাণায়ামটো উদ্ভাৱন কৰিছিল স্বামী শিৱানন্দ সৰস্বতীয়ে। প্ৰথমতে যিকোনো ধ‌্যান আসনত বহিব লাগে। বাওঁ হাত চিন মুদ্ৰাত ৰাখিব আৰু সোঁ হাত নাচিকা মুদ্ৰাত ৰাখি বুঢ়া আঙুলিৰে সোঁ নাক বন্ধ কৰিব আৰু লাহে লাহে বাওঁ নাকেৰে উশাহ ল’ব লাগে। তাৰ পাছত অনামিকা আঙুলিৰে বাওঁ নাক বন্ধ কৰি সোঁ নাকেৰে উশাহ এৰি দিব লাগে। তাৰ পাছত সোঁ নাকেৰে উশাহ লৈ বাওঁ নাকেৰে উশাহ এৰি দিব লাগে। এনেকৈ দৈনিক ১০ৰ পৰা ১২ বাৰ অভ্যাস কৰিব লাগে। এনেদৰে যদি দৈনিক সহজ প্ৰাণায়াম ১, সহজ প্ৰাণায়াম ৭, ভুজঙ্গাসন আৰু শিতলী প্ৰাণায়াম অভ‌্যাস কৰে তেতিয়া হ’লে‌ আপুনি আপোনাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.