NEWS

শোকাৱহ! জাৱৰ কঢ়িওৱা বাহনৰ খুন্দাত থিতাতে নিহত মেধাবী

শোকাৱহ! হৃদয় বিদাৰক!! আৰু এক আধৰুৱা সপোন। সপোন আছিল লণ্ডলৰ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত Ph.D ডিগ্ৰী লোৱাৰ। কিন্তু নিষ্ঠুৰ নিয়তি কঠোৰ পৰিহাস। আনদিনাৰ দৰে সিদিনাও মেধাৱী ছাত্ৰীগৰাকীয়ে চাইকলে চলাই ঘৰলৈ আহি আছিল, কিন্তু সেই সময়তে জাৱৰ কঢ়িওৱা ট্ৰাকে মহটিয়াই নিয়ে ছাত্ৰীগৰাকীক। যোৱা সপ্তাহত সংঘটিত হৈছিল শোকাৱহ পথ দুঘটনা। জানিব পৰা মতে এই ৩৩ বছৰীয়া চেইষ্ঠা কোছাৰ চাইকেলেৰে ঘৰলৈ উভতি আহিছিল। সেই সময়ত তেওঁ এটা দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়। এখন জাবৰ ট্ৰাকৰ তলত মহটিয়াই নিয়ে চেইষ্ঠাক। পিছফালে আছিল তাইৰ স্বামী। স্বামীৰ চকু সন্মুখতে সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা। আৰু পঢ়ক: কাইলৈ হ’ব নেকি গুৱাহাটীত বৰষুণ? কি সতৰ্কবাণী দিলে বতৰ বিজ্ঞান বিভাগে? ইয়াৰ পূৰ্বে চেইষ্ঠাই নিটি আয়োগত কাম কৰিছিল। শেহতীয়াকৈ তেওঁ লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা ‘বিহেভিয়াৰ ছায়েন্স’ত পি এইচ ডি কৰি আছিল মেধাৱীগৰাকীয়ে। অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ডাঃ এছ পিৰ কন্যা দুৰ্ভগীয়া চেইষ্ঠা। নিটি আয়োগৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে এক সাক্ষাৎকাৰত চেইষ্ঠাৰ মৃত্যুৰ কথা ঘোষণা কৰে। তেওঁ লিখিছে, ‘‘চেইষ্ঠা কোচাৰে মোৰ লগত নীতি আয়োগৰ LIFE প্ৰজেক্টত কাম কৰিছিল। তাৰ পৰাই তেওঁ লণ্ডন স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰে। লণ্ডনলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় এইগৰাকী মেধাৱী ছাত্ৰীৰ।’’ লণ্ডনত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনা। ভাৰতৰ প্ৰতিভাৱান গৱেষক-ছাত্ৰগৰাকীৰ মৃত্যু শোকস্তৱ্ধ হৈ পৰিছে আত্মীয়। ৩৩ বছৰীয়া চেইষ্ঠা কোছাৰে বিশ্বৰ অন্যতম আগশাৰীৰ অৰ্থনীতি বিশ্ববিদ্যালয় লণ্ডন স্কুল অৱ ইকনমিক্সলৈ গৈছিল। গুৰগ্ৰামত বাস কৰিছিল চেইষ্ঠা কোছাৰে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.