NEWS

Summer Health Tips: উৎকট গৰমে দহিছে ৰাজ্য! গ্ৰীষ্মকালত লওক স্বাস্থ্যৰ সঠিক যতন, মানি চলক এইসমূহ নীতি-নিয়ম

extremely heat in assam, follow these rules and regulations in summer উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য । উদ্বেগজনক ভাৱে বৃদ্ধি পোৱা উষ্ণতাই সকলোকে চিন্তিত কৰি তুলিছে । গৰমৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই যাবলৈও হৈছে চিন্তাৰ কাৰক । নিজৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছে জনসাধাৰণ । সেয়ে স্বাস্থ্যৰ যত্ন ল’বলৈ আহ্বান জনাইছে বিশেষজ্ঞ, চিকিৎসকসকলে ।তীব্ৰ গৰমৰ বাবে দেহত বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে । যাৰ বাবে গৰমৰ সময়ত নিজৰ দেহৰ উচিত যতন লোৱাটো খুবেই প্ৰয়োজনীয় । এই সন্দৰ্ভত বাক্সা বিশিষ্ট চিকিৎসক ডাঃ প্ৰাণকান্ত ভট্টাচাৰ্যৰ সৈতে মত বিনিময় কৰাত গৰমক লৈ তেওঁ যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰে । গৰমৰ বাবে এই সময়ত মানুহৰ ছালৰ যথেষ্ট সমস্যা যেনে ঘামচি আদি ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । তেওঁ এই সন্দৰ্ভত কয় যে গৰমৰ এই সময়চোৱাত যথেষ্ট পৰিমাণে পানী খোৱাটো দৰকাৰ । এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে এদিনত তিনিৰ পৰা পাচ লিটাৰ পানী সেৱন কৰিব লাগে । দেহ সতেজ কৰি ৰাখিবলৈ গৰমৰ দিনত ঘনাই পানী খোৱাটো ভাল । ইয়াৰ উপৰিওডাবৰ পানী ,নেমুটেঙাৰ চৰবত অথবা আদি খাব লাগে। শৰীৰ সুস্থ ৰাখিবলৈ বৰ্তমান সময়ত উপলব্ধ বিভিন্ন ধৰণৰ ৰসাল ফলমূল খালে ভাল । নেমু, কমলা, মৌচম্বী, কুঁহিয়াৰ আদিৰ ৰস আদি উত্তম জুলীয়া পানীয়। আম, জাম, বেল, তৰমুজ, আঙুৰ আদি বতৰৰ ফলবোৰ খালে শৰীৰক লাগতিয়াল উপাদানবোৰ লগতে পুষ্টিও যোগায় । হোটেল ৰেষ্টুৰাত খোৱাৰ অভ্যাস থকাসকলে গৰমৰ দিনকেইটা এই অভ্যাস পৰিত্যাগ কৰাই শ্ৰেয় । এই সময়ত বেছি মছলাযুক্ত খাদ্য খোৱাৰ পৰিৱৰ্তে সাধাৰণ খাদ্য খাব লাগে । ইয়াৰ উপৰিও পৰাপক্ষত দেহ শীতল ৰাখিবলৈ অতি জৰুৰী কাম নাথাকিলে ঘৰতে থাকিবলৈ পৰামৰ্শ দিয়ে চিকিৎসক ডাঃ প্ৰাণকান্ত ভট্টাচাৰ্যই । এইসমূহ নিয়ম মানি চলিলে গৰমৰ দিনতহিট ষ্ট্ৰ’কৰ বাবে হোৱা তীব্ৰ জ্বৰ, মানসিক সমস্যা, বমি, মূৰৰ বিষ, মূৰ ঘূৰোৱা আদি বেমাৰৰ পৰা আতৰি থাকিব পাৰিব। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.