NEWS

‘‘এইজনীয়ে মোৰ মাথা খাই দিছে’’, তাৰপিছতে চতুৰ্থ পত্নীৰ বাসগৃহত ৰহস্যজনক অৱস্থাত উদ্ধাৰ গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ মৃতদেহ, মৃত ব্যৱসায়ীৰ তৃতীয় পত্নীৰ ভাষ্যত বহু চাঞ্চল্যকৰ তথ্য

মহানগৰীৰ মাজ-মজিয়াত চাঞ্চল্যকৰ ঘটনা। ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী কোটিপতি ব্যৱসায়ীৰ মৃতদেহ। ‘কুমাৰ ইঞ্জিনীয়াৰিঙ’ৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱৰ ৰহস্যজনক মৃতদেহ। গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আছিল গৌৰৱ কুমাৰ। নুনমাটি বাসগৃহৰ পৰা উদ্ধাৰ কুমাৰ গৌৰৱৰ মৃতদেহ। উল্লেখ্য যে চতুৰ্থ পত্নীৰ সৈতে নুনমাটিত বসবাস কৰে কুমাৰ গৌৰৱে। বৰ্তমান GMCHত মৰ্গত ৰখা হৈছে কুমাৰ গৌৰৱ মৃতদেহ। আনহাতে GMCHৰ মৰ্গত উপস্থিত গৌৰৱৰ তৃতীয় পত্নী। GMCHত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ উজাৰিলে কুমাৰ গৌৰৱ তৃতীয় পত্নীয়ে। আৰু পঢ়ক: এটা কুকুৰাৰ মৃত্যুৰ বাবে গোচৰ দিছিল আৰক্ষীক! কিন্তু গোচৰ মীমাংসাৰ নামত ‘লুভীয়া’ আৰক্ষীয়ে বিচাৰিলে ধন! অৱশেষত CIDৰ ওচৰ পালেগৈ ভুক্তভোগী দুৰ্ভগীয়া পৰিয়াল ‘‘মানসিকভাৱে হাৰাশাস্তি কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে কুমাৰ গৌৰৱক।’’ কুমাৰ গৌৰৱৰ ভাষ্য অনুসৰি তৃতীয় পত্নীৰ সৈতে হোৱা শেষ বাৰ্তালাপত বাৰে বাৰে কুমাৰ গৌৰৱে কৈছিল “এইজনীয়ে মোৰ মাথা খাই দিছে৷” সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীক উচিত তদন্তৰ দাবী কৰিলে তৃতীয় পত্নীয়ে। আনহাতে সংবাদ মাধ্যমক মন্তব্য দিয়াৰ পৰা আঁতৰি থাকিল ব্যৱসায়ী কুমাৰ গৌৰৱৰ চতুৰ্থ পত্নী। ইতিমধ্যে বিহাৰৰ পৰাও গৌৰৱৰ আত্মীয় আহি উপস্থিত হৈছে GMCHত। আৰু পঢ়ক: ‘সুন্দৰী’ত ভয়ংকৰ কাণ্ড! ‘সুন্দৰী’ত ভয়ংকৰ কাণ্ড কৰা অভিষেক আৰক্ষীৰ জালত! ভয়ংকৰ ঘটনাৰ দৃশ্য বন্দী হৈছিল CCTVত উল্লেখ্য যে কুমাৰ ইঞ্জিনীয়াৰিঙৰ ১৭ টা পাৱাৰটিলাৰ,ট্ৰেক্টৰ,অটো আৰু ফাইনেন্স কোম্পানীৰ স্বত্বাধিকাৰী আছিল কুমাৰ গৌৰৱ। তৃতীয় পত্নী ভাষ্য অনুসৰি কুমাৰ গৌৰৱৰ ফাইনেন্স কোম্পানী পৰিচালন সঞ্চালক হৈছে কুমাৰ গৌৱৰৰ চতুৰ্থ পত্নী। আৰু পঢ়ক: সংসাৰে নহয়, এই সপোনো ভাঙি চুৰমাৰ হ’ল হাৰ্দিক পাণ্ডিয়াৰ! শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত কিয় দিয়া নহ’ল অধিনায়কৰ দায়িত্ব? আঁৰৰ কাৰণ পোহৰলৈ… উল্লেখ্যে যে কুমাৰ গৌৰৱৰ আছিল ৪গৰাকীকৈ পত্নী। কুমাৰ গৌৰৱৰ প্ৰথম পত্নী থাকে বিহাৰত, আনহাতে বাকী ৩গৰাকী পত্নী থাকে গুৱাহাটী। ইফালে চতুৰ্থ পত্নীৰ সৈতে নুনমাটিত বাস কৰিছিল কুমাৰ গৌৰৱে। তৃতীয় পত্নীৰ ভাষ্যৰ পিছতে সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ মাজত সোমাই পৰিছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.