পৱন গগৈ: মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ শনিবাৰে নিশা কইনাধৰাৰ ৰাজ্যিক অতিথিশালত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। মন্ত্ৰীসভাত স্থান পোৱা ৪ গৰাকী নতুন মন্ত্ৰীয়ে শপত লোৱাৰ পাছতেই কেবিনেট বৈঠকৰ আয়োজন কৰা হৈছিল। কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰি কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সমূহ উল্লেখ কৰে। সেই অনুসৰি বৰাক উপত্যকাৰ বাবে এটা নতুন বিভাগ গঠনত অনুমোদন দিছে ৰাজ্যিক কেবিনেটে। লগতে ইথানল উৎপাদনৰ বাবে তিনিটা উদ্যোগক তিনিটা বৰ্ষৰ বাবে ৰাজসাহায্য আগবঢোৱাৰ সিদ্ধান্ত লৈছে। ইপিনে জে’লৰ ভিতৰত থকা কয়দীৰ আকস্মিক মৃত্যু হ’লে দিব সাহায্য দিব ৰাজ্য চৰকাৰে। সেই অনুসৰি জে’লত কয়দীয়ে চৰম সিদ্ধান্ত ল’লে পৰিয়ালে লাভ কৰিব ৩ লাখ টকা। জে’লৰ ভিতৰত কাজিয়া হৈ মৃত্যু হ’লে লাভ কৰিব ২লাখ টকা। জে’ল কৰ্তৃপক্ষৰ পেৰামেডিকেলৰ গাফিলতিত মৃত্যু হ’লে পাব ৪ লাখ টকা। জে’ল কৰ্তৃপক্ষৰ গাফিলতিত মৃত্যু হ’লে কয়দীয়ে লাভ কৰিব ৩ লাখ টকাৰ সাহায্য। ইপিনে ক্ৰীড়া ক্ষেত্ৰত জড়িত সকলৰ পেঞ্চন চিলিং ফ্ৰী কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। উল্লেখযোগ্য যে, নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পাছতে ব্যাপক হাৰত হ’ব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দপ্তৰৰ ৰদবদল। সেই অনুসৰি মুখ্যমন্ত্ৰীয়ে বহুকেইটা দপ্তৰ নিজৰ হাততে ৰখাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীৰ হাতত থকা স্বাস্থ্য আৰু পৰিকল্পনা বিভাগৰ দায়িত্ব দিব পাৰে জয়ন্ত মল্ল বৰুৱাক। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰ প্ৰশান্ত ফুকনে লাভ কৰাৰ সম্ভাৱনা। একেদৰে আবকাৰী দপ্তৰ পাব পাৰে কৌশিক ৰায়ে। আনফালে পৰ্যটন আৰু শ্ৰম, চাহ জনগোষ্ঠী কল্যাণ দপ্তৰ পাব পাৰে ৰূপেশ গোৱালাই। কৃষ্ণেন্দু পালে শক্তি বিভাগৰ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা। জয়ন্ত মল্ল বৰুৱাৰ পৰা কৰ্তন হ’ব পাৰে পৰ্যটন বিভাগ। কেশৱ মহন্তৰ পৰা কৰ্তন হ’ব পাৰে আবকাৰী বিভাগ। ৰণজিত দাসৰ পৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰ কৰ্তনৰ সম্ভাৱনা। সোমবাৰে দপ্তৰ বিতৰণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.