NEWS

টি-২০ বিশ্বকাপৰ ফাইনেলক লৈ ডাঙৰ ভৱিষ্যদ্বাণী কৰিলে সৌৰভ গাংগুলীয়ে!

কিছুসময়ৰ পিছতেই আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টি-২০ বিশ্বকাপৰ ফাইনেল খেলখন। উৎকণ্ঠাৰ অন্ত পেলাই আজি বাৰবাডোজ ষ্টেডিয়ামত নিশ্চিত হ’ব বিজয়ৰ শেষ হাঁহি কোনে মাৰিব। আজি হ’ব লগা ফাইনেল খেলখনত দুয়োটা দলেই তীব্ৰ প্ৰতিদ্বন্দিতাৰ সন্মুখীন হ’ব। ৰোহিত আৰু এডেন মাৰক্ৰাম টীমৰ মাজৰ এই খেলখনক লৈ ক্ৰিকেট প্ৰেমীৰ মাজত ব্য়াপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে। ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা সৌৰভ গাংগুলীয়ে এই সন্দৰ্ভত কয় যে ‘‘ভাৰতীয় দলৰ বাবে মোৰ কোনো পৰামৰ্শ নাই, টুৰ্ণামেণ্টৰ আৰম্ভণিতে মই এটা পৰামৰ্শ দিছিলো, যোৱা আৰু মুক্তভাৱে খেলা কাৰণ ই টি-২০ ফৰ্মেট’’। ভাৰতক এটা অতি শক্তিশালী দল, আৰম্ভণিতেই মই কৈছিলোঁ। তদুপৰি ৭মাহত দুখনকৈ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰা দলটোৰ ভৱিষ্য়ৎ সম্ভাৱনাও বেছি। এই দলটোৱে ভাল প্ৰদৰ্শন কৰিব।” আৰু পঢ়ক: কিছুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল, পুৱাই শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত পাঠশালাৰ ভাৰ্গৱ প্ৰসংগক্ৰমে তেঁও কয়, ‘‘এই টুৰ্ণামেণ্টত বাৰে বাৰে এই ভাৰতীয় দলটো কিমান বেলেগ সেইটো প্ৰমাণিত হৈছে। এই দলটোত বিৰাট কোহলী, ৰবীন্দ্ৰ জাডেজাৰৰ দৰে তাৰকা আছে। তেওঁলোকে বিপক্ষক ধূলিস্য়াৎ কৰিব জানে। এই দলটোৱে ২২ গজৰ ক্ষতিপূৰণ ২২ গজত কিদৰে ল’ব লাগে জানে। যোৱা বছৰৰ ১৯ নৱেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপ ফাইনেলত পৰাজয়ৰ প্ৰতিশোধ ইতিমধ্য়ে দলটোৱে ল’লে ছুপাৰ এইটত। এই দলটোৱে ইংৰাজৰ বিৰুদ্ধে প্ৰতিশোধ লৈ ভাৰতৰ শক্তি বিশ্ববাসীক দেখুওৱাইছিল। এতিয়া কেৱল মাথোঁ উৎকণ্ঠা আৰু উৎকণ্ঠা। ২০০৭ চনৰ নিশাটো ২০২৪ চনত ঘূৰি আহিব। ১৫০ কোটিৰ এখন দেশ অধীৰ আগ্ৰহেৰে ৰৈ আছে আজিৰ নিশাটোলৈ।’’ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.