NEWS

Sawan 2024: শাওণ মাহত শিৱলিংগত কি কি সামগ্ৰী দিব লাগে? কি পৰামৰ্শ দিলে জ্যোতিষীয়ে?

শাওন মাহত এই কাম কৰিলে সন্তানহীনতা দূৰ হয়। শাওন মাহত শিৱলিংগত আপুনি কি কি সামগ্ৰী দিব পাৰে? এই সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় জ্যোতিষী ড০ পৰশমণি শৰ্মাই। তেওঁ উল্লেখ কৰা অনুসৰি, শাওন মাহত প্ৰতিগৰাকী ব্যক্তিয়ে শিৱলিংগত গাখীৰ, পানী ঢলাটো বহুত বেছি গুৰুত্বপূৰ্ণ। শিৱলিঙ্গত বেলপাত দিলে আমাৰ কাৰণে বহুত বেছি ভাল। বেলপাত তিনিপতীয়া কিয় হয়? এই বেলপাততে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ লুকাই আছে। শিৱৰ ত্ৰিশূল আৰু বেলপাত আমি যদি চাওঁ তাতে মা লক্ষ্মী, মা সৰস্বতী, মা কালী অৱস্থা বুলি কোৱা হয়। যিটো ৰজ গুণ, সম গুণ আৰু তম গুণ এইকেইটা অধিকাৰী বুলি কোৱা হয়। অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কথা কোৱা হয়। লগতে মন, শৰীৰ আৰু আত্মাৰ কথা কোৱা হয়। সকলোবিলাক সামঞ্জস্যতে এই তিনিপতীয়া বেলপাত। এই বেলপাত আপুনি শিৱলিংগত দিব পাৰে। যদি আপুনি আয়ুৰ্বেদিক শাস্ত্ৰৰ মতে চাই শিৱলিংগত কুমলীয়া বেলপাত দি দৈনিক খাব পাৰে তেতিয়া আপোনাৰ শৰীৰৰ ভিতৰৰ যিবিলাক সমস্যা আছে সেইবিলাক নাইকীয়া হয়। যাৰ সন্তানহীনতাৰ সমস্যা আছে তেওঁলোকে শিৱলিংগত দুপাত কুমলীয়া বেলপাত দি খাই তেতিয়া হ’লেও ভাল। লগতে শিৱলিঙ্গত যদি বেল, ফল দি ঘৰত আনি খাই তেতিয়াও সন্তানহীনতাৰ সমস্যা দূৰ হয় বুলি কোৱা হয়। শিৱলিঙ্গত ধতুৰা ফুলো দিয়া হয়। ধতুৰা ফুলৰ গুটি আৰু ধতুৰা ফুলো শিৱলিংগত দিব পাৰে। কিয়নো শিৱ‌ৰ খুউব প্ৰিয় ধতুৰা ফুল আৰু গুটি। লগতে আপুনি শিৱলিঙ্গত ৰুদ্ৰাক্ষৰ মালা, ডম্বৰু, বাঘৰ বৰণৰ কাপোৰ, ভাঙৰ চিলিম শিৱ মন্দিৰত গৈ শিৱলিংগত দিব পাৰে। শিৱ মন্দিৰত শৰাই দিয়াৰ লগতে সকলোখিনি কৰাৰ পাছত কি কৰিব? শিৱৰ ওচৰত থাকে নন্দি মহাৰাজ।‌ সোমবাৰে যেতিয়া শিৱ মন্দিৰ যায় তেতিয়া নন্দি মহাৰাজৰ সোঁ কাণখনত ‘ঔম নমঃ ভগৱতেই বাসুদেৱাই’ এই মন্ত্ৰফাকি যদি মাতি আহে তেতিয়া হ’লেও শিৱ প্ৰসন্ন হয় বুলি শাস্ত্ৰত বৰ্ণিত আছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.