বিষ্ণু শইকীয়াঃ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বাংলাদেশৰ হিন্দু পণ্ডিত চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীৰ জামিন আবেদন নাকচ আদালতৰ। সোমবাৰে বিয়লি ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক। আজি চট্টগ্ৰাম মেট্ৰ’পলিটান আদালতত হাজিৰ কৰোৱা হৈছিল চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক। কিছুদিন পূৰ্বে ঢাকাৰ নিউ মাৰ্কেট স্বাধীনতা স্মাৰক খেল পথাৰত অনুষ্ঠিত হৈছিল হিন্দু সমাবেশ। এই সমাবেশত বাংলাদেশৰ জাতীয় পতাকাক অসন্মান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ ভিতৰত অন্যতম শক্তিশালী নেতা চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰী। বাংলাদেশ সন্মিলিত সনাতনী জাগৰণ মঞ্চ মুখ পাত্ৰৰ লগতে চট্টগ্ৰামৰ হাটহাজাৰী পুণ্ডৰীক ধাম পৰিচালনা সমিতিৰো অধ্যক্ষ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰী। আজি আদালতে চিন্ময় কৃষ্ণ দাসৰ জামিন আবেদন নাকচ কৰে আদালতে। আদালতে পৰা পোনে পোনে কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক। আনহাতে বাংলাদেশৰ জাতীয় পতাকাক অপমান কৰাৰ অভিযোগত চিন্ময় কৃষ্ণ দাসসহ ১৯জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বাংলাদেশ আৰক্ষীয়ে। ইফালে চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পাছতে ৰাজধানী চহৰ ঢাকাৰ শাহবাগত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। সংখ্যালঘু হিন্দু নেতাজনক বিনাচৰ্তে শীঘ্ৰেই মুক্তিৰ দাবী জনায় বাংলাদেশত বাস কৰা লাখ লাখ হিন্দু নাগৰিকে। ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মঙলবাৰে। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ লগে লগে বাংলাদেশত আৰম্ভ হৈছিল হিন্দু নিৰ্যাতনৰ ক’লা অধ্যায়। একাংশ লোকে বাংলাদেশত বাস কৰা হিন্দু সকলৰ ওপৰত ধাৰাবাহিকভাৱে চলায় যায় নিৰ্যাতন। বহু হিন্দু লোকৰ ঘৰ বাৰী, দোকান পোহাৰত লুটপাত চলায় দুৰ্বৃত্তই। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে বাংলাদেশত হিন্দুসকলৰ নিৰাপত্তাৰ ভাবুকি আহি পৰে। কট্টৰপন্থী মৌলবাদী শক্তি আৰু তত্বাৱধায়ক চৰকাৰৰ স্থিতি বাংলাদেশৰ হিন্দুসকলৰ বিপৰীত দিশে যায়। লগে লগে চৰকাৰী হিন্দু চাকৰিয়াল, একাংশ সনাতনী নেতৃত্বৰ ওপৰত চকু ৰাখে চৰকাৰে। হিন্দু সকলৰ ওপৰত চলি থকা আক্ৰমণ বন্ধ কৰিবলৈ হোৱা কেইবাখনো সমাবেশত বাধা প্ৰদান কৰিছিল প্ৰশাসনে। তাৰ মাজতো অনুষ্ঠিত হৈছিল হিন্দুসকলৰ সমাবেশ। এই সমাবেশ কেৱল হিন্দু সকলৰেই নাছিল তাত ভাগ লৈছিল খ্ৰীষ্টিয়ান, বৌদ্ধ ধৰ্মাৱলম্বী সংখ্যালঘু লোকসকলেও। শেহতীয়াকৈ হিন্দু তথ্য সংখ্যালঘুসকলৰ ওপৰত আৰক্ষী বাহিনীয়েও নিৰ্যাতন চলোৱা আৰম্ভ কৰিছে। যাৰ ফলত নিৰাপত্তাহীনতাত ভুগিছে বাংলাদেশত থকা সংখ্যালঘু হিন্দু নাগৰিকসকলে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.