NEWS

Samaguri Bye Election 2024: চামগুৰিত তুংগত উঠিছে কংগ্ৰেছ-বিজেপিৰ বাকযুদ্ধ, ৰকিবুল হুছেইনক 'ৰিগিং মাষ্টাৰ' আখ্যা দিপ্লুৰঞ্জন শৰ্মাৰ, ৰিগিঙৰ বলতে চামগুৰিত ৰকিবুল তিষ্ঠি থকাৰ দাবী

চামগুৰিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমে বৃদ্ধি পাইছে কংগ্ৰেছ- বিজেপিৰ বাকযুদ্ধ। ৰকিবুল হুছেইনক টাৰ্গেট কৰি ল’লে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই। ৰকিবুল হুছেইনক ৰিগিং মাষ্টাৰ আখ্যা দিপ্লুৰঞ্জন শৰ্মাৰ। ৰিগিং নহৈ ২০১১ আৰু ২০১৬ চনত মুক্ত নিৰ্বাচন হোৱাহেতেন ৰকিবুল হুছেইন চামগুিৰৰ পৰা কেতিয়াও জিকিব নোৱাৰিলেহেতেন বুলি মন্তব্য দিপ্লুৰঞ্জন শৰ্মাৰ। লগতে দিপ্লুৰঞ্জন শৰ্মাই ৰকিবুলক কটাক্ষ কৰি ক’লে ‘কংগ্ৰেছ পৰা চামগুৰি সমষ্টি গ’লে ভয় ভাবুকিৰ ৰাজনীতিৰ পৰা মুক্ত হ’ব চামগুৰিবাসী। মুক্ত মনেৰে ৰাইজ ভোট দিবলৈ ওলাই আহিব পাৰিব। ৰকিবুল হুছেইন এতিয়া এজন ক্ষমতাহীন ব্যক্তি। তেওঁৰ ক্ষমতা এতিয়া ভূপেন বৰাৰ ওপৰত। ইফালে চামগুৰিৰ সংখ্যালঘূ অধ্যূষিত অঞ্চলত ক্ৰমাৎ শক্তিশালী হৈছে বিজেপি। কংগ্ৰেছৰ দুৰ্গৰূপে পৰিচিত চামগুৰিৰ শিঙিমাৰী জিলা পৰিষদত বিজেপিয়ে দেখুৱালে শক্তি। শিঙিমাৰী জিলা পৰিষদৰ অন্তৰ্গত কাৱৈমাৰীত সহস্ৰাধিক সংখ্যালঘূ মহিলাই অংশগ্ৰহণ কৰিলে বিজেপিৰ পদযাত্ৰাত। বিজেপিৰ নেতা সুৰেশ বৰা আৰু অগপৰ নেতা মজিবুৰ ৰহমানৰ নেতৃত্বত দিপ্লুৰঞ্জণ শৰ্মাৰ সমৰ্থনত ২ কিলোমিটাৰ পদযাত্ৰা কৰিলে সহস্ৰাধিক সংখ্যালঘূ মহিলাই। ইফালে চামগুৰিৰ বিজেপি নেতা মজিবুৰ ৰহমানে ৰকিবুলক কটাক্ষ কৰি ক’লে ‘ৰকিবুল হুছেইন না মিঞা, না গৰীয়া। তেঁও ক্ৰছ। গতিকে তেঁওৰ কথামতে কোনো মিঞা মানুহ নচলে। পদযাত্ৰাত অংশগ্ৰহণ কৰা মহিলাৰ মন্তব্য তানজিল সৰু লৰা দিপ্লুৰঞ্জন শৰ্মা যোগ্য প্ৰাৰ্থী গতিকে চামগুৰিত বিজেপি প্ৰাৰ্থী দিল্পুৰঞ্জন শৰ্মাৰ জয় নিশ্চিত। মহিলাসকলে ক’লে চামগুৰিত আগতে এনেকুৱা সমদল হোৱা নাই, ভয়-ভাবুকিত থাকিবলগীয়া হৈছিল। তানজিল হুছেইন সৰু ল’ৰা, ৰাজনীতি কৰিবৰ হোৱা নাই। ৰকিবুল হুছেইন চামগুৰি এৰি ধুবুৰীলৈ গ’ল। এতিয়া তেঁও আৰু চামগুৰিলৈ আহিব নালাগে। চামগুৰিত ২৪ বছৰ বিধায়ক আছিল ৰকিবুল হুছেইন। সেইখিনি সময়ত চামগুৰিত একো কাম নকৰিলে ৰকিবুল হুছেইনে। ২৪ বছৰত চামগুৰিৰ ৰাস্তাত এটাও শিল পেলাবলৈ সময় নাপালে ৰকিবুল হুছেইনে। চামগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাই সুৰেশ বৰাই ক’লে পিতৃ ৰকিবুল হুছেইনৰ অহংকাৰৰ বাবে আগন্তুক উপ নিৰ্বাচনত চামগুৰিত পৰাজিত হ’ব তানজিল। শেহতীয়াকৈ সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনো এই বাকযুদ্ধত সোমাই পৰিছে। ধুবুৰীৰ সাংসদ ৰকিকুল হুছেইনক সমালোচনা কৰি বিশ্বজিৎ ফুকনে ক’লে- ৰকিবুল হুছেইন ভিলেইন। হিৰ’ কেতিয়াও হ’ব নোৱাৰে। চামগুৰিত যোৱা ২৩ বছৰৰ ৰকিকুল হুছেইনে বাট পথৰ একো কামেই নকৰিলে। একে সময়তে ক’লে নিৰ্বাচনত হাৰিলে কংগ্ৰেছে EVM ক দোষ দিয়ে। এইবাৰ নিৰ্বাচনৰ আগতেই EVMক দোষ দিছে। দাবী ধমকিৰেই কংগ্ৰেছে নিৰ্বাচন জিকি আহিছিল। ৰকিবুল হুছেইনে ভুৱা ভোটাৰেৰে নিৰ্বাচন জিকি আহিছিল। এইবাৰ পুত্ৰৰ প্ৰাৰ্থী দি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছে, সেয়ে এইবাৰ ৰাইজে BJPক ভোট দিব। ইফালে চামগুৰিৰ উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলে একো প্ৰভাৱ পেলাব নোৱাৰে বুলি মন্তব্য দিল্পুৰঞ্জন শৰ্মাৰ। দিল্পুৰঞ্জন শৰ্মাই ক’লে ‘বদৰুদ্দিন আজমল হৈছে পৰাজয়ৰ প্ৰতীক। ১০ লাখ ভোটত হৰা লোকজনে কি প্ৰভাৱ পেলাব? আজমলক লৈ আমি ১ মিনিটো সময় নষ্ট কৰা নাই।’ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.