NEWS

Uttarakhand Bus Accident: উত্তৰাখণ্ডৰ আলমেৰাত শিহৰণকাৰী বাছ দুৰ্ঘটনাত শিশু-মহিলাসহ ৩৬ যাত্ৰীৰ কৰুণ মৃত্যু! নিয়ন্ত্ৰণ হেৰুৱাই ২০০ মিটাৰ দ খাৱৈত বাগৰিল বাছ

উত্তৰাখণ্ডৰ আলমেৰাত সোমবাৰে সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। শিশু-মহিলাসহ ৩৬ যাত্ৰীৰ কৰুণ মৃত্যু। নিয়ন্ত্ৰণ হেৰুৱাই ২০০ মিটাৰ দ’ খাৱৈত বাগৰিল বাছ। অতিৰিক্তভাৱে যাত্ৰী কঢ়িয়াই নিয়াই কাল হ’ল বাছখনৰ। চিকিৎসালয়ত জীৱন–মৃত্যুৰে যুঁজ কেইবাজনো আহতৰ। সোমবাৰে পুৱাই উত্তৰাখণ্ডৰ আলমোৰা জিলাৰ মাৰচুলাত সংঘটিত হ’ল শোকাৱহ বাছ দুৰ্ঘটনা। গড়ৱালৰ পৌৰিৰ নাইনি দণ্ডাৰ পৰা ৰামনগৰ অভিমুখে যাত্ৰা কৰিছিল অতিৰিক্তভাৱে যাত্ৰী কঢ়িওৱা অভিশপ্ত বাছখনে। গন্তব্যস্থলী পাবলৈ ৩৫ কিলোমিটাৰ থকাৰ সময়তে আলমেৰাৰ গীত জাগীৰ নদীৰ পাৰত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ ২০০ মিটাৰ তলৰ দ’ খাৱৈত পৰিল বাছখন। পুৱা প্ৰায় ৮.২৫ মিনিটত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। শিহৰণকাৰী দুৰ্ঘটনাটোত শিশু-মহিলাসহ ২২জন যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ লগতে চিকিৎসালয়ত মৃত্যু হয় আন ১৪ জন যাত্ৰীৰ। আনহাতে খবৰ পোৱাৰ মাত্ৰেই ঘটনাস্থলীত আৰক্ষী আৰু SRDF বাহিনী উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান। স্থানীয় লোকৰ সহায়ত আৰক্ষী আৰু SRDFএ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে ২২জন যাত্ৰীৰ নিঠৰ দেহ। আনহাতে আহতসকলক ততাতৈয়াকৈ প্ৰেৰণ কৰে চিকিৎসালয়লৈ। কিন্তু চিকিৎসালয়তে মৃত্যুক আকোঁৱালি লয় আন কেইবাজনেও। ইফালে গুৰুতৰভাৱে আহত তিনিজন যাত্ৰীক বিমানৰ সহায়ত এইমছলৈ প্ৰেৰণ কৰে। ভয়ংকৰ দুৰ্ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰিবলৈ নিৰ্দেশ দিয়ে প্ৰশাসনক। শোকাৱহ দুৰ্ঘটনাটোত নিহতৰ পৰিয়াললৈ ৪ লাখ টকা আৰু আহতসকলক ১লাখ টকাৰ সাহায্য দিয়াৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে। সমান্তৰালকৈ আহতসকলৰ চিকিৎসা ব্যৱস্থা সুনিশ্চিত কৰাৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইপিনে শিহৰণকাৰী দুৰ্ঘটনাকলৈ টুইটাৰত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইপিনে দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও। দুৰ্ঘটনাত নিহতসকলৰ আত্মীয়লৈ কেন্দ্ৰৰ তৰফৰ পৰা ২ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। সোমবাৰে পুৱাই সংঘটিত শিহৰণকাৰী দুৰ্ঘটনাই দেশজুৰি শোকৰ ছাঁ পেলাইছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.