NEWS

এৰা-ধৰা, বুজা-পৰা নীতিৰে চলিব লাগিব বিৰোধী, বিৰোধী বিভাজিত হ’লেই লাভ হ’ব বিজেপিৰঃ অখিল গগৈ-ভূপেন বৰাক আহ্বান লুৰিণ জ্যোতি গগৈৰ

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাজত চলি থকা বাদ-বিবাদক লৈ সকীয়নি বিৰোধী ঐক্যৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ ৷ ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰথমে অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ হুংকাৰ দিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ভূপেন বৰাৰ এই মন্তব্যৰ পিছতে একেই সুৰতে সুৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷ যদি কংগ্ৰেছে ৫ সমষ্টিত উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে তেন্তে ৰাইজৰ দলেও দিব ৫ সমষ্টিত প্ৰাৰ্থী ৷ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতিৰ এনে বাক্যবাণৰ মাজতে পুনৰ ৫ সমষ্টিত উপনিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদানৰ ইংগিত সাংসদ ৰকিবুল হুছেইনৰ ৷ পিছে, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত চলি থকা বাদ-বিবাদ, অৰিয়া-অৰিক লৈ সৰব লুৰিণ জ্যোতি গগৈ- “বাদ-বিবাদ, অৰিয়া-অৰি আমাৰ লক্ষ্য ৷ লক্ষ্য আমাৰ ২০২৬ ৷” সেয়ে ২৬ৰ লক্ষ্যৰে প্ৰতিটো বিৰোধী ৰাজনৈতিক দলক কাম কৰাৰ আহ্বান লুৰিণ জ্যোতি গগৈৰ ৷ প্ৰয়োজন হ’লে এৰিব লাগিব প্ৰতিটো দলে নিজ আত্ম-অহংকাৰ ৷ অহংকাৰে পতনৰ মূল ৷ সেয়ে ধৈৰ্য্য, সংযম আগত লৈ প্ৰতিটো বিৰোধী ৰাজনৈতিক দলক চলাৰ আহ্বান লুৰিণ জ্যোতি গগৈৰ ৷ বিৰোধীৰ এটাও যাতে ভোট বিভাজন নহয় তাৰে শক্তিশালী ৰণকৌশল প্ৰস্তুত কৰাৰ লক্ষ্য লুৰিণ জ্যোতিৰ ৷ নহ’লে সম্ভৱ নহয় বিৰোধী জয় ৷ ২১ পৰা প্ৰতিটো নিৰ্বাচনৰ ৰাজনৈতিক অভিজ্ঞতা গ্ৰহণৰ আহ্বান প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা আৰু অখিল গগৈক ৷ পিছে, বিৰোধী ঐক্যৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে আগবঢ়োৱা এনে পৰামৰ্শ এতিয়া গ্ৰহণ কৰিবনে ভূপেন বৰা অখিল গগৈয়ে? নে ভূপেন বৰা অখিল গগৈৰ সংঘাত সন্মুখত লৈ ২৬ত ৰাইজৰ মাজলৈ যাব বিৰোধী? সেয়া এতিয়া ডাঙৰ প্ৰশ্ন ৷ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.