NEWS

প্ৰ’টিনৰ ভাণ্ডাৰ অজগৰৰ মাংস! দূৰ কৰিব পাৰে বিশ্বৰ খাদ্য সংকট!

সমগ্ৰ বিশ্বত মাংসৰ চাহিদা অস্বাভাবিক হাৰত বৃদ্ধি পোৱাৰ সময়ত পৰম্পৰাগত পশুধনে পৰিবেশ বিনষ্ট কৰাৰ আশংকাই দেখা দিছে। তেনে সময়ত অজগৰৰ মাংসই এই আশংকা নিৰাময় কৰাই নহয় সমগ্ৰ বিশ্বৰ খাদ্য সংকট নিৰ্মূল কৰিব। অতি সম্প্ৰতি বিজ্ঞান আলোচনী নেচাৰত এই দিশত এক প্ৰবন্ধ প্ৰকাশ পাইছে । প্ৰবন্ধটোৱে গৱেষক আৰু প্ৰকৃতি প্ৰেমীৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে চীন আৰু ভিয়েটনামত অতি কমেও ৪০০০ অজগৰ পাম আছে আৰু এই পাম সমূহত প্ৰতিবছৰে লাখ লাখ অজগৰ জন্ম হয়। পামবোৰত বিজ্ঞানসন্মত পদ্ধতিৰে অজগৰক প্ৰতিপাল কৰা হয়। অজগৰৰ ছালৰে বেগ, বেল্ট, জোতা, জেকেট আদি প্ৰস্তুত কৰা হয়। কিন্তু বিজ্ঞানীসকলে এতিয়া ক’ব বিচাৰিছে অজগৰৰ উচিত মূল্য ছালত নহয়; ছাল তলত আছে। বিশেষজ্ঞৰ মতে অজগৰে উষ্ম জলবায়ু, আৰ্দ্ৰতা, খৰাং বতৰ আৰু ভীষণ ঠাণ্ডা অনায়াসে সহ্য কৰিব পাৰে। আন পশুধনকৈ প্ৰজনন বেছি আৰু বহুদিন নোখোৱাকৈ থাকিব পাৰে। আন পশুধনৰ তুলনাত কম খাই শৰীৰত অধিক প্ৰ’টিন উৎপাদন কৰিব পাৰে। ৰাষ্ট্ৰ সংঘৰ Intergovernmental Penal on Climate Changeয়ে সদৰী কৰা মতে চৰণীয়া জন্তু আৰু আন পশুধন একমাত্ৰ মাংসৰ উৎস হোৱা ফলত পৰিৱেশ বিনষ্ট হৈছে। পৰিৱেশ বিজ্ঞানীয়ে তৃণভোজী বা নিৰামিষ ভোজ পৰিৱেশ সংৰক্ষণ বিকল্প বুলি ক’ব বিচাৰে। কিন্তু জলবায়ু পৰিবৰ্তনৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত খেতি বিলুপ্ত পাইছে। আৰু Global Burden of Disease Studyৰ সমীক্ষা মতে ২০২১বৰ্ষত সমগ্ৰ বিশ্বত প্ৰ’টিনযুক্ত খাদ্যৰ অভাৱত ২ লাখ লোকৰ মৃত্যু হৈছে। গতিকে অজগৰৰ মাংস এই সংকটৰ সমাধান বুলি একাংশ বিশেষজ্ঞই মতপোষণ কৰিছে। ভাৰতত অজগৰ বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ৰ প্ৰথম অনুসূচীত অন্তৰ্ভুক্ত। আইনখনে বিশেষ পৰিস্থিতিৰ বাদে অজগৰ সাপক সুৰক্ষা প্ৰদান কৰে। এই তালিকাত এচিয়েতিক হাতীও অন্তৰ্ভুক্ত। ভাৰতত সাম্প্ৰতিক কালত খাদ্য সংকটে দেখা দিয়া নাই। বৰঞ্চ দেশত পৰ্যাপ্ত খাদ্য মজুত আছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.