এতিয়াৰে পৰা ছাত্ৰী সকলে লাভ কৰিব মাহে মাহে ধন। সমগ্ৰ ৰাজ্যৰ লগতে ছিপাঝাৰটো আজি নিযুত ‘মইনা আঁচনি’ শুভাৰম্ভণি কৰা হ’ল। মুখ্যমন্ত্ৰীৰ সপোনৰ আঁচনি নিযুত মইনা আঁচনি চৰকাৰে ৬ তাৰিখে শুভ মুকলি কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল ঠিক তেনেদৰে চৰকাৰে কৰি দেখুৱাবলৈ আগবাঢ়ি আহিছে। অসমৰ প্ৰত্যেক খন জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিত চৰকাৰে এই নিযুত মইনা আঁচনি একেলগে শুভাৰম্ভণি কৰিছে। মুখ্যমন্ত্ৰীয়ে খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত শুভ উদ্বোধন কৰাৰ লগে লগে প্ৰত্যেকখন জিলাতে বিধায়ক সকলে শুভ মহুৰৎ কৰে। ছিপাঝাৰত বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে শুভ মহুৰৎ কৰে। এই মাহত সকলো ছাত্ৰীক একোখনকৈ ড্ৰাফ দিব চৰকাৰে আৰু অহা নৱেম্বৰ মাহৰ পৰা ১১ তাৰিখে এই ধন যিসকল ছাত্ৰী এই আচঁনিৰ অন্তৰ্ভুক্ত হ’ব সকলো ছাত্ৰীক নিবৃত্তি যোগে বেংক একাউণ্টলৈ মুকলি কৰি দিব। এই আচঁনিৰ দ্বাৰা সকলো ছাত্ৰী উপকৃত হ’ব। যিসকল ছাত্ৰীয়ে এই আচঁনিৰ ধন পাব তেওঁলোকৰ পঢ়াৰ যি সমুহ লাগতীয়াল সামগ্ৰী প্ৰয়োজন হয় নাইবা হোষ্টেলত যিসমূহ ছাত্ৰী থাকে তেওঁলোকৰ ৰুমৰ ভাৰা দিয়া,নিজৰ যিকোনো প্ৰয়োজনীয় বস্তু সকলোবোৰ কিনাৰ ক্ষেত্ৰত বহুতো উপকৃত হ’ব। এই আঁচনিৰ দ্বাৰা উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে পাব মাহে ১০০০ টকাকৈ ১০ মাহত ১০০০০ হাজাৰ টকা আৰু ডিগ্ৰী পৰ্যায়ৰ ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ ১০ মাহত ১২৫০০ টকা আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীয়ে লাভ কৰিব ২৫০০ টকাকৈ ১০ মাহত ২৫০০০ টকা। দৰঙৰ তিনিটা বিধানসভা সমষ্টিৰ মুঠ ৩৬৪২ গৰাকী ছাত্ৰীয়ে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন। মঙ্গলদৈ সমষ্টিৰ প্ৰায় ১৬খন বিদ্যালয়ৰ ১৫১৭ গৰাকী ছাত্ৰীয়ে লাভ কৰিব এই আচঁনিৰ সুবিধা। আৰু ছিপাঝাৰ সমষ্টিৰ ২৫ খন বিদ্যালয়ৰ মুঠ ১৪২৩ গৰাকী ছাত্ৰীয়ে পাব এই সুবিধা ঠিক তেনেদৰে দলগাওঁ সমষ্টিৰ ৮খন বিদ্যালয়ৰ মুঠ ৭০২ গৰাকী ছাত্ৰীয়ে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন। দৰঙৰ তিনিটা সমষ্টিৰ ছিপাঝাৰ মঙ্গলদৈ আৰু দলগাও সমষ্টিৰ ছিপাঝাৰৰ শ্বহিদ ভৱনত এই কাৰ্যসূচী শুভাৰম্ভ কৰে আৰু মঙ্গলদৈত জিলা পুথিভঁৰালত অনুস্থিত হয় এই কাৰ্যসূচী আৰু দলগাঁৱৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অনুস্থিত কৰা হয় এই কাৰ্যসূচী। None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.