NEWS

Nilim Kumar: অসম সাহিত্য সভাৰ ভিতৰচ'ৰাৰ কথা ভাবিলে নিজেই ঢাকিব লগা হয় নিজৰ মুখঃ নীলিম কুমাৰ

“চিৰ চেনেহী মোৰ ভাষা জননী”, স্বদেশক ভাল পোৱা, গুণৰ কোনোদিন শেষ নোহোৱা ৰূপহী অসমক ভালপোৱা প্ৰতিগৰাকী লোকৰ শিৰাই শিৰাই প্ৰবাহমান এই গীতটি, কিয়নো এই গীতটি অসম সাহিত্য সভাৰ আদৰণি গীত। অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে ১৯১৭ চনত জন্ম লাভ কৰা অসম সাহিত্য সভাৰ বৰ্তমান অসমৰ লগতে বহিঃ ৰাজ্যতো আছে হাজাৰৰো অধিক শাখা। কিন্তু, প্ৰতিগৰাকী অসমীয়াৰ দাপোণস্বৰূপ অসম সাহিত্য সভা ক্ৰমান্বয়ে সোমাই পৰিছে এটাৰ পিছত আন এটা বিতৰ্কত। যিবোৰ ঘটনাৰ কথা অসম সাহিত্য সভাৰ ভিতৰচ’ৰাত কেতিয়াও গ্ৰহণযোগ্য নহয়, বা ই আমাৰ বাবে, প্ৰতিগৰাকী অসমীয়াৰ বাবে খুৱেই এক দুৰ্ভাগ্যৰ বিষয়। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বেণুধৰ ৰাজখোৱা, ডালিমচন্দ্ৰ বৰা, তীৰ্থনাথ শৰ্মাৰ দৰে যিসকল পুৰোধা ব্যক্তিয়ে অসম সাহিত্য সভাৰ মজিয়া শুৱনি কৰি ৰাখিছিল, সেই অসম সাহিত্য সভাৰ মজিয়াতে এতিয়া ইটোৰ পিছত আনটো বিতৰ্ক। শেহতীয়াকৈ, অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি পদক লৈ সূত্ৰপাত হৈছে বিতৰ্কৰ। অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই জাতীয় অনুষ্ঠানটোক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ। বিশেষকৈ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি গঠন কৰা ৭ জনীয়া উচ্চস্তৰীয় কমিটিৰে দুই সদস্য ক্ৰমে ডা° গিৰিশ সন্দিকৈ আৰু ড° নাহেন্দ্ৰ পাডুনৰ নাম পৰৱৰ্তী সভাপতি নিৰ্বাচনৰ তালিকাত অন্তৰ্ভুক্ত হোৱাক লৈয়ে অসম সাহিত্য সভাৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে তীব্ৰ বাকবিতণ্ডাৰ। আৰু সেই সকলো খবৰ সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতে বিতৰ্কত সোমাই পৰিছে অসম সাহিত্য সভা। অসম সাহিত্য সভাৰ ভিতৰচ’ৰাত সভাপতি পদক লৈ আৰম্ভ হোৱা এই লেতেৰা কাৰবাৰক লৈ অসম NE ৰ সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত অসম সাহিত্য সভা বৰ্তমান স্খলিত হৈছে বুলি মন্তব্য কৰে বিশিষ্ট কবি তথা ঔপন্যাসিক নিলীম কুমাৰে। তেওঁ কয়- “অসম সাহিত্য সভাত বহুদিনৰ পূৰ্বৰে পৰা ‘অ-সাহিত্যিক’ৰ সমাহাৰ ঘটিছে। যাৰ বাবে অসম সাহিত্য সভাৰ এগৰাকী সভাপতিয়ে চেণ্ডেলৰ কোব পৰ্যন্ত খাইছিল। তেতিয়াৰ পৰাই অসম সাহিত্য সভা স্খলিত হৈছে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা কেনে এজন অসম সাহিত্য সভাৰ সভাপতি আছিল, আৰু আজিৰ কেনেকুৱা মানুহবোৰ সভাপতি হ’বলৈ ওলাইছে, যিটো অতিকৈ চিন্তনীয়। আজিৰ দিনত অসম সাহিত্য সভাৰ ভিতৰচ’ৰাৰ কথা ভাবিলে নিজেই মুখ ঢাকিব লগা এক অৱস্থাৰ সৃষ্টি হৈছে। আজিৰ দিনত কেৱল গামোচা পিন্ধোৱা আৰু শাখা সাহিত্য সভা গঠন কৰাতে ব্যস্ত অসম সাহিত্য সভা। আনকি, আজিৰ দিনত অসম সাহিত্য সভা ব্যৰ্থ হৈছে এজন নতুন কবিক উৎসাহ জনোৱাত।” None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.