NEWS

কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ দৈনিক খাওক ভাতকেৰেলা, জানেনে ইয়াৰ উপকাৰিতা?

Spiny Gourd বাৰিষাৰ এবিধ জনপ্ৰিয় পাচলি হ’ল ভাত কেৰেলা।‌ এই পাচলি অতি পুষ্টিকৰ উপাদানৰে ভৰপূৰ।ইয়াৰ উপৰিও যদি আপুনি বাৰিষাত ৰোগমুক্ত হৈ থাকিব বিচাৰে তেন্তে দৈনিক ভাতৰ পাতত ৰাখকভাত কেৰেলা। ভাত কেৰেলা বহু ধৰণে ৰান্ধিব পাৰি। ভাজি, বৰা আদিকে ধৰি বিভিন্ন ঝোল বনাই খাব পাৰি ভাত কেৰেলা। শিলচৰৰ আয়ুৰ্বেদিক চিকিৎসক ডাঃ শুভশ্ৰী দত্তই জনাইছে যে, ভাত কেৰেলা হৈছে ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টি অক্সিডেন্টৰ ভঁৰাল।ইয়াৰ বাহিৰেও এই পাচলিত পৰ্যাপ্ত পৰিমাণৰ আঁহ থাকে।গতিকে কেইবাটাও সৰু-ডাঙৰ ৰোগ আঁতৰাই ৰখাত ইয়াৰ সংমিশ্ৰণ অতি গুৰুত্বপূৰ্ণ। ভাত কেৰেলাত বিটা-কেৰটিনৰ পৰা আৰম্ভ কৰি কেইবাটাও উপকাৰী এন্টিঅক্সিডেন্ট থাকে। এই উপাদানসমূহে আমাৰ চকুক সুস্থ কৰি ৰখাত সহায় কৰে।ইয়াৰ উপৰিও নিয়মিতভাৱে এই পাচলি খালে বয়সৰ লগত জড়িত চকুৰ সমস্যাৰ পৰাও হাত সাৰিব পাৰি। এই পাচলিত থকা এন্টি অক্সিডেন্টে শৰীৰত কেন্সাৰ কোষৰ বৃদ্ধি ৰোধকৰিব পাৰে।ই সুস্থ হৈ থকাৰ পথ প্ৰশস্ত কৰে। তেজত কলেষ্টেৰলৰ মাত্ৰা বাঢ়িলে একাধিক জটিল ৰোগৰ আশংকা থাকে।গতিকে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ দৈনিক ভাত কেৰেলা খাদ্যৰ তালিকাত ৰখাৰ পৰামৰ্শ দিয়েডা: শুভশ্ৰী দত্ত। চিকিৎচক গৰাকীৰ মতে ভাত কেৰেলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু ফলিক এচিড থাকে। যিয়ে হিম’গ্লবিনৰ সংখ্যা বৃদ্ধিৰ কৰাত সহায় কৰে।নিয়মিতভাৱে ভাত কেৰেলা খালে ৰক্তহীনতাৰ প্ৰাদুৰ্ভাৱ কমি যাব। অত্যধিক মানসিক চাপত থাকিলে উদ্বেগ আৰু হতাশাৰ সৃষ্টি হ’ব পাৰে।এই ধৰণৰ মানসিক ৰোগে একাধিক জটিল শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। এনেধৰণৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰতোভাত কেৰেলাই সহায় কৰিব পাৰে কয় ডা: শুভশ্ৰী দত্তই।ইয়াত এনে কিছুমান উপাদান থাকে যিয়ে মগজুত সুখী হৰম’নৰ মাত্ৰা বৃদ্ধি কৰে বুলি অৱগত কৰিছে আয়ুৰ্বেদিক চিকিৎসকগৰাকীয়ে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.