NEWS

সমালোচনাক কেনেকৈ গ্ৰহণ কৰে জনপ্ৰিয় অভিনেতা যতীন বৰাই?

সমালোচনাক কেনেকৈ গ্ৰহণ কৰে জনপ্ৰিয় অভিনেতা যতীন বৰাই? কি ক'লে অভিনেতাগৰাকীয়ে? অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই বিভিন্ন সময়ত বহু সমালোচনাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। কিন্তু একাংশই কৰা এই সমালোচনাক তেওঁ কেনেকৈ গ্ৰহণ কৰে? অসমীয়া অভিনয় জগতৰ এজন মহাতাৰকা অভিনেতা যতীন বৰা এই কথা সকলোৱে জ্ঞাত। উল্লেখ্য যে ১৯৯৪ চনত ভ্ৰাম্যমাণ থিয়েটাৰত খোজ পেলোৱা যতীন‌ বৰাই বিগত ৬টা বছৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত নাছিল। সুদীৰ্ঘ ৬ বছৰ বিৰতিৰ পাছত পুনৰ ভ্ৰাম্যমাণ জগতলৈ ঘূৰি আহিছে অভিনেতা যতীন বৰা। ভ্ৰাম্যমাণ থিয়েটাৰৰ বহুখিনি অভিজ্ঞতাৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে যতীন বৰাই। তেওঁ উল্লেখ কৰে যে, তেওঁৰ কেৰিয়াৰত ভ্ৰাম্যমাণ থিয়েটাৰৰ অৰিহণা যথেষ্ট বেছি। ভ্ৰাম্যমাণৰ নাটকৰ জৰিয়তে ভৱেন্দ্ৰ নাথ শইকীয়া,‌ মুনিন বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ, হেমন্ত দত্তক তেওঁ লগ পাইছিল। আৰু এতিয়া পৰ্যায় ক্ৰমে অভিজিত ভট্টাচাৰ্যক লগ পাইছে অভিনেতাগৰাকীয়ে। তেওঁ কোনো আনুষ্ঠানিক শিক্ষানুষ্ঠানৰ পৰা অভিনয়ৰ শিক্ষা গ্ৰহণ কৰা নাই। আৱাহন থিয়েটাৰত যেতিয়া মুনিন বৰুৱাক লগ পাইছিল তেতিয়া যতীন বৰাই ‘হিয়া দিয়া নিয়া’ ছবিখনত অভিনয় কৰিবলৈ সুযোগ পাইছিল। নাটক কৰি কৰিয়েই ছবি জগতলৈ আহি তেওঁ এগৰাকী প্ৰতিষ্ঠিত অভিনেতা হ’বলৈ সক্ষম হৈছে। ১৯৯৪ চনত যেতিয়া প্ৰথম ভ্ৰাম্যমাণ জগতত খোজ পেলাইছিল তেতিয়া প্ৰথম অৱস্থাত চিন্তিত হৈছিল। কিন্তু লাহে লাহে ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰি আজি এইখিনি স্থান‌ পাবলৈ সক্ষম হৈছে। ১৯৯৪ চনৰ পৰা ২০১৭ চনলৈকে এৰা ধৰাকে ভ্ৰাম্যমাণ থিয়েটাৰত কাম কৰিছে যতীন‌ বৰাই। তেওঁ উল্লেখ কৰা মতে, এজন‌ পৰিপক্ক অভিনেতা অভিনেত্ৰী হোৱাৰ এখনেই মঞ্চ আছে সেইখনেই হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চ। উল্লেখ্য যে ৬ বছৰ বিৰতিৰ পাছত এইবাৰ ইতিহাস থিয়েটাৰৰ মঞ্চত নতুন ৰূপত দেখিবলৈ পাব জনপ্ৰিয় অভিনেতাগৰাকীক। তেওঁ এইবাৰ নাটকৰ জৰিয়তে অভিনয়ৰ জৰিয়তে নতুনত্ব আনিবলৈ চেষ্টা কৰিব বুলি উল্লেখ কৰে। ইপিনে বহু সময়ত একাংশ ৰাইজে তেওঁক সমালোচনা কৰা দেখা যায়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, ভালটো যেনেকৈ আমি গ্ৰহণ কৰো ঠিক তেনেকৈ বেয়াটো অৰ্থাৎ দুয়োটাই আপুনি গ্ৰহণ কৰিব লাগিব। সকলোৱে যে ধনাত্মকভাৱে ক’ব সেইটো কথা নহয়। লগতে তেওঁ কয় সক্ৰিয়ভাৱে সকলো ক্ষেত্ৰ এৰি এতিয়া কেৱল অভিনেতা হিচাপে অভিনয় কৰি যাব যতীন বৰাই। যিহেতু অভিনেতা হিচাপে অসমৰ দৰ্শকে তেওঁক স্বীকৃতি দিছে। সেইবাবে অভিনেতাটো জীয়াই ৰাখি ভাল ভাল অভিনয়, ভাল চিনেমা দৰ্শকক উপহাৰ দিবলৈ চেষ্টা কৰিব। আৰু এইবাৰ ইতিহাস থিয়েটাৰৰ তিনিখন নাটক ৰাইজক চাবলৈ অনুৰোধ জনাই অভিনেতা যতীন বৰাই। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.