আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চন্দন মহন্তৰ ৱাটাৰ কালাৰ চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠান। গুৱাহাটী আৰ্টিষ্ট গীল্ডত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চন্দন মহন্তৰ ৱাটাৰ কালাৰ চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠান। স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত গ্ৰহণযোগ্যতা লাভ কৰাৰ লগতে ইতিমধ্যে কেইবাটাও বঁটাৰে পুৰস্কৃত হৈছে চন্দন মহন্ত। ৭ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ অনুষ্ঠিত কৰা হৈছে অনুষ্ঠানটো। প্ৰতিদিনে বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৭ বাজি ৩০ মিনিটলৈ প্ৰদৰ্শিত কৰা হ’ব চিত্ৰসমূহ। উল্লেখ্য যে চন্দন মহন্ত আমেৰিকাৰ ছেইণ্ট লুইছৰ অৱসৰপ্ৰাপ্ত স্থপতিবিদ। মূলতঃ অসমৰ শিৱসাগৰ জিলাৰ নামতিৰ বাসিন্দা। তেওঁ নামতি হাইস্কুল, গুৱাহাটীৰ ডন বস্কো হাইস্কুল আৰু কটন কলেজত শিক্ষা গ্ৰহণ কৰিছিল। ১৯৬৮ চনত খড়গপুৰৰ আই আই টিৰ পৰা স্থাপত্য ডিগ্ৰী লাভ কৰি ১৯৭০ চনত আমেৰিকালৈ প্ৰব্ৰজন কৰে। যোৰহাটৰ এজন প্ৰখ্যাত ফটোগ্ৰাফাৰ আৰু এজন প্ৰশিক্ষিত বাণিজ্যিক শিল্পী হিচাপে পৰিগণিত হোৱা তেওঁৰ পিতৃৰ পৰা অনুপ্ৰাণিত হৈ ল’ৰালিৰ পৰাই চন্দন মহন্তৰ ছবি অঁকা আৰু চিত্ৰকলাৰ দক্ষতা আছিল। কিন্তু আমেৰিকালৈ প্ৰব্ৰজন কৰাৰ পাছত চাকৰি আৰু ঘৰৰ দায়িত্বৰ বাবে ৱাটাৰ কালাৰৰ সৈতে সংযোগ হেৰুৱাবলগীয়া হৈছিল।এতিয়া অৱসৰৰ পাছত অৰ্থাৎ ৫০ বছৰৰ বিৰতিৰ পিছত পুনৰ ৱাটাৰ কালাৰ চিত্ৰৰ জৰিয়তে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে চন্দন মহন্ত।International Watercolour Masters 2024, আৰ্টিষ্টছ মেগাজিনে আয়োজন কৰা বেষ্ট অৱ ৱাটাৰকলাৰ স্প্লেছ25 প্ৰতিযোগিতাত চূড়ান্ত প্ৰতিযোগী, ছেইণ্ট লুইছ ৱাটাৰ কালাৰ ছ’চাইটিৰ ২৩ সংখ্যক প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ আৰু পিপলছ চয়ছ বঁটা (People’s Choice awards), ছেইণ্ট লুইছ ৱাটাৰ কালাৰ ছ’চাইটিৰ ২৪ সংখ্যক প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ, তৃতীয় স্বীকৃতি বঁটা, ছেইণ্ট লুইছ ৱাটাৰ কালাৰ ছ’চাইটিৰ বিগ স্প্লেছ ২০২৪ প্ৰতিযোগিতাত। ব্লু স্পেচ গেলেৰীয়ে আয়োজন কৰা ইমাৰ্জিং আৰ্টিষ্ট ২০২৪ প্ৰতিযোগিতাত চূড়ান্ত প্ৰতিযোগী। ৱাইল্ড আৰ্ট ২০২৪ আন্তঃৰাষ্ট্ৰীয় জুৰী কলা প্ৰদৰ্শনীৰ চূড়ান্ত প্ৰতিযোগী। এইদৰে চন্দন মহন্তই বহু প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিবলৈ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.