মন্ত্ৰী পীযুষ হাজৰিকাঃ শেহতীয়াকৈ অসম চৰকাৰৰ আৰ্থিক অৱস্থা জুৰুলা বুলি এক অপপ্ৰচাৰ চলা আমাৰ দৃষ্টিগোচৰ হৈছে। এই বিষয়ে মই কওঁ যে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অসমৰ আৰ্থ-সামাজিক অৱস্থা বৰ্তমান বহু উন্নত। দুৰ্নীতি, অপশাসনেৰে একপ্ৰকাৰে অভিলেখ সৃষ্টি কৰি কংগ্ৰেছ চৰকাৰে বিধ্বস্ত কৰি যোৱা অসমৰ অৰ্থনৈতিক, ঔদ্যোগিক, সামাজিক ভেটি বিজেপি চৰকাৰে বহু কষ্টৰে পুনৰ গঢ়ি তুলিছে। উগ্ৰপন্থী সমস্যা দমন কৰা, ৰাস্তা-ঘাটৰ উন্নয়ন কৰি যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ লগে লগে অসমত এক ঔদ্যোগিক বিপ্লৱ আৰম্ভ হৈছে। টাটা গ্ৰুপে প্ৰায় ২৭ হাজাৰ কোটি টকা বিনিয়োগ কৰি অসমত ছেমি কণ্ডাক্টৰ ইউনিট স্থাপন কৰিছে। স্বচ্ছ, নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছে অসমে। অসমৰ এই উন্নয়নমূলক যাত্ৰাত সৰ্বস্তৰৰ ৰাইজ উপকৃত হৈছে আৰু আমাৰ যাত্ৰাৰ সহযাত্ৰী হৈছে। ইয়াক দেখি চকুচৰহা কংগ্ৰেছ দল আৰু এচাম অসম বিৰোধী লোকে অপপ্ৰচাৰত লিপ্ত হৈছে, অসমৰ শান্তি বিঘ্নিত কৰিবলৈ উঠিপৰি লাগিছে। এখন ৰাজ্যই ঋণ লাভ কৰাৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কিছু সুস্পষ্ট নীতি-নিৰ্দেশনা আছে। ৰাজ্য এখনক কিমান পৰিমাণলৈ ধাৰ দিব পৰা যায়, সেয়াও ৰিজাৰ্ভ বেংকে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা চালি-জাৰি চাইহে নিৰ্ণয় কৰে। ৰিজাৰ্ভ বেংকৰ নীতি অনুসৰি অসমৰ বহু পৰিমাণৰ ধাৰ ল’ব পৰা ক্ষমতা আছে, কিন্তু সিমান পৰিমাণলৈ ধাৰ লোৱা নাই, ল’বলগীয়া পৰিস্থিতিও হোৱা নাই আৰু ভৱিষ্যতেও নহয়। আনহাতে এখন ৰাজ্যই ধাৰ লাভ কৰা মানে জানিব যে সেইখন ৰাজ্যৰ আৰ্থিক অৱস্থা উন্নত। আৰ্থিক অৱস্থা উন্নত নহ’লে কোনো এজেঞ্চীয়ে ৰাজ্য এখনক ঋণ প্ৰদান নকৰে। অসমৰ অৰ্থনৈতিক অৱস্থাক লৈ অপপ্ৰচাৰ চলাই থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে মই কংগ্ৰেছ তথা বিৰোধী দলসমূহে শাসন কৰা কেইখনমান ৰাজ্যৰ ঋণৰ পৰিমাণ উল্লেখ কৰিছোঁ- কেৰালা- প্ৰায় ৪.২৯ লাখ কোটি টকাৰ ঋণ তেলেংগানা- প্ৰায় ৪.৫ লাখ কোটি টকাৰ ঋণ পশ্চিম বংগ- প্ৰায় ৬.৯৩ লাখ কোটি টকাৰ ঋণ পঞ্জাৱ- প্ৰায় ৩.৭৪ লাখ কোটি টকাৰ ঋণ তামিলনাডু- প্ৰায় ৮.৩৩ লাখ কোটি টকাৰ ঋণ উল্লেখযোগ্য যে এই গোটেইকেইখন ৰাজ্য হৈছে কংগ্ৰেছ দল অথবা কংগ্ৰেছৰ মিত্ৰদলৰ শাসিত ৰাজ্য। ইয়াৰ বিপৰীতে অসমৰ ঋণৰ পৰিমাণ হৈছে প্ৰায় ডেৰ লাখ কোটি টকা আৰু ইয়াৰে ৪১,৯৬৪ কোটি টকাৰ ঋণ ২০১৬ চনত শাসনৰ পৰা যাবৰ সময়ত কংগ্ৰেছ চৰকাৰে থৈ গৈছিল। এতিয়া আপোনালোকেই কওক, কোন ৰাজ্য বেছি ধাৰত পোত গৈ আছে। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে ৰাইজৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰি আছে। সকলোৱে আমাৰ ওপৰত আস্থা, বিশ্বাস ৰাখক। অপপ্ৰচাৰত ভোল নাযাবলৈ সকলোকে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। কংগ্ৰেছ আৰু অসমবিৰোধীসকলে অপপ্ৰচাৰ চলাই থাকক, আমি মানুহৰ সেৱা কৰি যাম, আপোচবিহীনভাৱে উন্নয়ন কৰি যাম। None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.