NEWS

বিধ্বংসী অগ্নিকাণ্ডত ৪০গৰাকীকৈ লোকৰ কৰুণ মৃত্যু!

কুৱেইটৰ মংগোফ জিলাত সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ড ৪০গৰাকীকৈ লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লৈছে। এই কথা প্ৰকাশ কৰিছে কুৱেইটৰ চৰকাৰী সংবাদ মাধ্যমে। বুধবাৰে পুৱাৰ ভাগত সংঘটিত হৈছে শোকাৱহ ঘটনা। তৎমুহূৰ্ততে বহুমহলীয়া অট্টালিকাটো ক’লা ধোঁৱাৰে আগুৰি ধৰিছিল। পুৱাই জুই লাহে লাহে সমগ্ৰ বহুমহলীয়া অট্টালিকাটোত বিয়পি পৰে আৰু তাত বহু লোক আবদ্ধ হৈ পৰে। ভাৰতৰ কেইবাটাও সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, নিহতসকলৰ ভিতৰত কেৰালাৰ ৫গৰাকীকৈ লোকেও আছে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত কুৱেটৰ ভাৰতীয় ৰাষ্ট্ৰদূত উপস্থিত হৈছে। এছ জয়শংকৰে ‘X’ত লিখিছে, ‘‘কুৱেইটৰ ঘটনাত মই স্তম্ভিত হৈছো। অনুমান কৰা হৈছে যে এই ঘটনাত ৪০ জন লোকৰ মৃত্যু হৈছে, ৫০ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আমাৰ ৰাষ্ট্ৰদূত স্থানলৈ গৈছে আমি আৰু খবৰৰ বাবে অপেক্ষা কৰি আছো।’’ Deeply shocked by the news of the fire incident in Kuwait city. There are reportedly over 40 deaths and over 50 have been hospitalized. Our Ambassador has gone to the camp. We are awaiting further information. Deepest condolences to the families of those who tragically lost… ঘটনাক লৈ প্ৰধানমন্ত্ৰীয়েও শোকপ্ৰকাশ কৰিছে। The fire mishap in Kuwait City is saddening. My thoughts are with all those who have lost their near and dear ones. I pray that the injured recover at the earliest. The Indian Embassy in Kuwait is closely monitoring the situation and working with the authorities there to assist… কুৱেটৰ স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ইতিমধ্যে জুই নিয়ন্ত্ৰণ কৰা হৈছে। অৱশ্যে এতিয়াও অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ স্পষ্ট হোৱা নাই। অগ্নিকাণ্ড সংঘটিত হোৱা অট্টালিকাটোৰ পৰা বহু লোকক উদ্ধাৰ কৰা হৈছে। এই ঘটনাত ৫০ জন লোক আহত হৈছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.