NEWS

গুৱাহাটীত আজি ৰাজস্থান ৰয়েলছ বনাম পঞ্জাব কিংছৰ খেল

আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইপিএলৰ খেল। ৰাজস্থান ৰয়েলছ মুখামুখি হ’ব পঞ্জাব কিংছৰ। সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব খেল। বিয়লি ৪.৩০ বজাত খুলি দিয়া হ’ব ষ্টেডিয়ামৰ ৭খন গেট। ষ্টেডিয়ামৰ কাষত পাৰ্কিং কৰিব পাৰিব ৩,৫০০ বাহন। চম্পাৱতী খেলপথাৰ, দতালপাৰাতো খেল যাবলৈ যোৱা লোকসকলে ৰাখিব পাৰিব তেওঁলোকৰ বাহন। আনহাতে, লুতুমা ফিল্ড, ৰোলিং মিল ফিল্ডতো ৰাখিব পাৰিব বাহনসমূহ। ষ্টেডিয়ামৰ ভিতৰলৈ নিব পাৰিব মোবাইল ফোন আৰু মাণিবেগ। ইফালে আই পি এলৰ খেলক লৈ জাৰি কৰা হৈছে পথ নিৰ্দেশনা। ৰাষ্ট্ৰীয় ঘাইপথেৰে বাণিজ্যিক বাহন চলাচলত বাধা। বিয়লি ৩ বজাৰ পৰা বাণিজ্যিক বাহন চলাচলত বাধা। নিশা ১২ বজালৈ এই নিষেধাজ্ঞা বাহাল থাকিব। বৰ্ষাপাৰাৰ সমীপৰ পথত চলাব নোৱাৰিব বাণিজ্যিক বাহন। বিয়লি ৩.৩০ বজাৰ পৰা প্ৰযোজ্য হ’ব এই নিৰ্দেশনা। কেৱল জৰুৰীকালীন সেৱাৰ বাহনহে চলাচল কৰিব পাৰিব। তদুপৰি, জিএছ ৰোড, বি কে কাকতি পথত বাণিজ্যিক বাহনৰ চলাচলত বাধা থাকিব। এ কে আজাদ ৰোড, এ কে দেৱ ৰোড, কুল বসুমতাৰী ৰোড, এফ এ ৰোড, ঢপলিয়া ৰোডতো বাণিজ্যিক বাহনৰ চলাচলত থাকিব বাধা। বিষ্ণুপুৰ ৰোড, এম জি ৰোড, এটি ৰোড, আৰএমচি ৰোড, জিএমবি ৰোড, কাহিলীপাৰা ৰোডত বন্ধ থাকিব বাণিজ্যিক বাহন। আৰ্য নগৰৰ পৰা লখৰা চাৰিআলিলৈ থাকিব ৱান ৱে’। ১৫ আৰু ১৯ মে’ত দিনৰ ৩ বজাৰ পৰা নিশা ১২ বজালৈ এই বাধা আৰোপ কৰিছে যান-বাহন আৰক্ষীয়ে। ১৫ আৰু ১৯ মে’ত ৩বজাৰ পৰা আৰ্য নগৰৰ পৰা লখৰা চাৰিআলিলৈ One Way হ’ব। কেৱল বিৰুবাৰী দিশৰ পৰা লখৰা চাৰিআলি দিশলৈহে যাব পাৰিব বাহন। লখৰা দিশৰ পৰা অহা বাহনসমূহ লালগণেশ তিনিআলিৰ পৰা কাহিলীপাৰাৰে নিজৰ গন্তব্যস্থানলৈ যাব পাৰিব। ষ্টেডিয়ামৰ Car Pass থকা বাহনসমূহ আৰু জৰুৰীকালীন সেৱা নিয়োজিত বাহনসমূহ ৰেহাই পাব এই নিষেধাজ্ঞাৰ পৰা। ধীৰেণপাৰা তিনিআলিৰ পৰা বৰ্ষাপাৰা তিনিআলিলৈ বাহন চলাচলত থাকিব সম্পূৰ্ণ ৰূপে বাধা। কেৱল ষ্টেডিয়ামৰ Car Pass থকা বাহনসমূহে যাব পৰা এই পথৰে। অগ্নিনিৰ্বাপক বাহিনীৰ বাহন, এম্বুলেন্স, ঔধষ কঢ়িওৱা বাহন, অক্সিজেন কঢ়িওৱা বাহন, স্থানীয় লোক, স্কুল বাছকে ধৰি সকলো জৰুৰীকালীন সেৱাত নিয়োজিত বাহন এই সকলোবোৰ নিষেধাজ্ঞাৰ পৰা পাব ৰেহাই। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.