NEWS

চলি আছিল শপত গ্ৰহণ, ৰাষ্ট্ৰপতি ভৱনত হঠাৎ ক'ৰ পৰা ওলাল ৰহস্যময় প্ৰাণী!

দেওবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলে। শপতগ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি ভৱনত বিভিন্ন দেশৰ ৰাষ্ট্ৰপতিকে ধৰি দেশ-বিদেশৰ প্ৰায় ৮ হাজাৰ বিশিষ্ট অতিথি উপস্থিত থাকে। কিন্তু মন্ত্ৰীসকলৰ শপতগ্ৰহণৰ সময়ত সংঘটিত এক ঘটনাৰ ভাইৰেল ভিডিঅ’য়ে সম্প্ৰতি ছ’চিয়েল মিডিয়াত তোলপাৰ লগাইছে। ভিডিঅ’টোত দেখা গৈছে যে এজন মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত তেওঁৰ পিছফালে ৰাষ্ট্ৰপতি ভৱনৰ বাৰাণ্ডাৰ মাজেৰে খোজ কাঢ়ি গৈছে এটা প্ৰাণী। যদিও এই জন্তুটো ভিডিঅ’টোত বৰ স্পষ্টকৈ ধৰিব পৰা নাই, তথাপিও ইয়াৰ আকৃতি চিতা বাঘৰ সৈতে বহুত মিল আছে। সেই ভাইৰেল ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰা দেখি বহুতে জন্তুটোক চিতা বাঘ বুলি দাবী কৰিছে যদিও কিছু লোকৰ মতে প্ৰাণীবিধ মেকুৰীও হ’ব পাৰে! এই ঘটনা সংঘটিত হোৱাৰ সময়ত শপত গ্ৰহণ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ সৈতে সৌজন্য বিনিময় কৰি আছিল দুৰ্গা দাস ৱিকি নামৰ এজন সাংসদে। শপত গ্ৰহণ অনুষ্ঠানত মঞ্চৰ পিছফালে খোজ কাঢ়ি যোৱাৰ সময়ত কোনেও লক্ষ্য কৰা নাছিল যদিও পিছত যেতিয়া এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত বিয়পি পৰে তেতিয়া বিষয়টোক লৈ তোলপাৰ লাগিছে। An animal was seen strolling back in the Rashtrapati Bhavan after MP Durga Das finished the paperwork ~ Some say it was a LEOPARD while others call it some pet animal. Have a look 🐆 pic.twitter.com/owu3ZXacU3 এজনে X হেণ্ডেলত লিখিছে, “আকৃতিৰ পৰা স্পষ্ট, প্ৰাণীটো নাহৰফুটুকী।” সৌভাগ্যৰ কথা যে জন্তুটোৱে কাকো আক্ৰমণ নকৰাকৈয়ে মনে মনে পাৰ হৈ গৈছে!' আন এজনে দাবী কৰিছে, ‘ভিডিঅ’টোৰ প্ৰথম পাঁচ ছেকেণ্ডৰ পৰাই স্পষ্ট হৈ পৰিছে, ই এটা সাধাৰণ মেকুৰী।’ অৱশ্যে ৰাষ্ট্ৰপতি ভৱনে এই ভাইৰেল ভিডিঅ’টো সম্পৰ্কে এইপৰ্যন্ত কোনো মন্তব্য প্ৰকাশ কৰা নাই। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.