NEWS

Bhupen Hazarika Death Anniversary 2024: সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ আজি ত্ৰয়োদশ সংখ্যক মৃত্যু বাৰ্ষিকী, ৰাজ্যজুৰি স্মৰণ অসমীয়াৰ হিয়াৰ আমঠু ড॰ ভূপেন হাজৰিকাক

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি ত্ৰয়োদশ সংখ্যক মৃত্যু বাৰ্ষিকী। ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনটোত মহাপ্ৰয়াণ ঘটিছিল ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ। অসমীয়া সমাজ সংস্কৃতিৰ বৰপেৰা সমৃদ্ধ কৰি থৈ যোৱা ভূপেন হাজৰিকা দেৱক ৰাজ্যজুৰি সোঁৱৰণ। ৰাজ্যজুৰি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰিছে বৰ্ণাঢ্য অনুষ্ঠানৰ। গীতে-মাতে ৰাজ্যবাসীয়ে পুনৰ এবাৰ স্মৰণ কৰিব প্ৰাণৰ শিল্পীগৰাকীক। ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আজি জালুকবাৰীৰ সমাধীস্থলীত পুৱা ৯.৩০ বজাৰ পৰা স্মৃতিচাৰণ সভা আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠান আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ইপিনে, বিগত বৰ্ষসমূহৰ দৰে সদৌ অসম ছাত্ৰ সন্থাই বিশ্ব বৰেণ্য শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় দীঘলীপুখুৰীৰ প্ৰতিমূৰ্ত্তি স্থলীত ১০ হেজাৰ বন্তি প্ৰজ্বলন কৰিব। একেদৰে, ড০ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে সুধাকণ্ঠৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যৰে মহানগৰীৰ চচলতো সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে। প্ৰগতিশীল মঞ্চৰ উদ্যোগতো ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উপলক্ষে মহানগৰীৰ ভেটাপাৰাৰ দুৰ্গা মন্দিৰ প্ৰাংগনত আবৃত্তি, গীত-মাতৰ অনুষ্ঠান আৰু সন্ধিয়ালৈ সমূহীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এসময়ৰ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ শৈশৱ পাৰ কৰা তেজপুৰতো ৰাইজে সশ্ৰদ্ধ সোঁৱৰণ কৰিলে প্ৰিয় শিল্পী গৰাকী। মহাপ্ৰয়াণৰ দিনটোত তেজপুৰত নৃত্যৰ জৰিয়তে শ্ৰদ্ধা জনালে ভূপেন হাজিৰকাক। তেজপুৰৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাত নৃত্য পটিয়সী দীপাই সুধাকণ্ঠৰ গীতত নৃত্যৰ জৰিয়তে শ্ৰদ্ধা জনাই ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী আজি স্মৃতি দিৱস হিচাপে দৰং জিলাতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে উদযাপন কৰে। ড০ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি, মানুহে মানুহৰ বাবে আৰু সাংস্কৃতিক মহাসভা দৰং জিলা সমিতিৰ উদ্যোগত এই উপলক্ষে মঙলদৈৰ ভূপেন হাজৰিকা স্মৃতি উদ্যানৰ পৰা পুৱা ৫-৩০ বজাত প্ৰভাত ফেৰী, তাৰ পিছত উদ্যানত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন, বন্তি প্ৰজ্বলন আৰু তেখেতৰ কালজয়ী কেইটামান গীত পৰিবেশনৰে পুৱা ৬-৩০ বজাত কাৰ্যসূচীৰ অন্ত পেলোৱা হয়। সেইদৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাই আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ সহযোগত একেখন উদ্যানতে আজি বিয়লি ৩বজাৰ পৰা ভাৰতৰত্ন গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে প্ৰণিপাত শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানত গীত, কথা, কবিতা আদিৰে বিশ্ববৰেণ্য শিল্পী গৰাকীলৈ শ্ৰদ্ধা জনোৱা হ’ব বুলি উদ্যোক্তাসকলে জনায়। ১৩ সংখ্যক মৃত্যু দিৱসৰ দিনাও উকা হৈ ৰ’ল ভূপেন হাজৰিকাৰ কুঠৰীৰ আপোন ঘৰখন। কলিয়াবৰৰ পূৱ প্ৰান্তৰ মনোৰম কুঠৰীত ১৯৬৭তে সুধাকণ্ঠই সাজি উলিয়াইছিল এটা বাসগৃহ৷ এই “কুঠৰীতে মোৰ প্ৰাণটো লুকাই আছে” বুলি কোৱা সুধাকণ্ঠ ভূপেন হাজৰিকাই মৰমৰ বাসগৃহটোত ৰচনা কৰিছিল কেইবাটাও কালজয়ী গীতৰ। সুধাকণ্ঠৰ একালৰ প্ৰানৱন্ত আৰু বৰ্তমানে জৰাজীৰ্ণ কলিয়াবৰৰ কুঠৰীৰ ঘৰখনৰ অৱস্থা তথৈৱচ৷ ’মন প্ৰজাপতি’ কথাছবিৰ একালৰ ছুটিং স্থলী এই বাসগৃহটোৰ মজিয়াত বৰ্তমান বেংছতা, কাঠফুলাৰ পয়োভৰ৷ এজাক সামান্য বৰষুণতে ছালেৰে ভিতৰত সৰি পৰে বৰষুণৰ টোপাল। সুধাকণ্ঠই জিৰণি লোৱা বিছনাখনো বৰ্তমানে ভগ্নাৱশেষৰ ৰূপত হে আছে। মন্ত্ৰী বিমল বৰাই সুধাকণ্ঠৰ গৃহ সম্পৰ্কত সেই স্থানত উপস্থিত হৈ সংৰক্ষণৰ লগতে সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ আশ্বাস দিছিল যদিও সি আজিও কাৰ্যকৰী ৰূপ নাপালে। ইয়াৰ ফলশ্ৰুতিতে আজি সুধাকন্ঠ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসৰ দিনাও উকা হৈ পৰি ৰৈছে বাসগৃহটো৷ ৰজাঘৰীয়া প্ৰজাঘৰীয়া কাৰোৰে যেন অৱকাশ নাই সুধাকণ্ঠক স্মৰণ কৰাৰ। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.