NEWS

কোন ৰাশিৰ কি আছে আজিৰ দিনটোৰ ভাগ্যফল, ১৭ জুলাইৰ ৰাশিফল

মেষ ৰাশি : শ্ৰীগণেশে কৈছে, আজিৰ দিনটোত কোনো চৰকাৰী সুবিধা পাব পাৰে। কোনো অমামীংসিত চুক্তি চূড়ান্ত হ’ব, যাক লৈ আপুনি আনন্দিত হ’ব। সন্তানৰ ক্ষেত্ৰত কোনো ভাল খবৰ পাব পাৰে। ভাল কামত ব্যয়ৰ কাৰণে সমাজত খ্যাতি বাঢ়িব। কিন্তু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ হঠাৎ অৱনতিৰ বাবে দৌৰাদৌৰি কৰিব লাগিব পাৰে। নিজৰ ৰৈ থকা কামবোৰৰ প্ৰতিও নজৰ দিব লাগিব। তেতিয়াহে তাৰ পৰা মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ’ব। কোনো আইনী কাম দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থাকিলে সেয়া আপোনাৰ বাবে উদ্বেগৰ কাৰণ হৈ উঠিব। শুভ ৰং : গুলপীয়া শুভ সংখ্যা : ৮ বৃষ ৰাশি : শ্ৰীগণেশে কৈছে, আজিৰ দিনটোত সাহসিকতা বৃদ্ধি পাব। কোনো ঐশ্বৰিক স্থান ভ্ৰমণৰ সুযোগ পাব, যিয়ে আপোনাৰ মনত শান্তি দিব। দীৰ্ঘ সময় পিছত কৰ্মক্ষেত্ৰত স্বস্তি পাব। যদি নতুন চাকৰি বিচাৰিছে, তেন্তে কোনো প্ৰস্তাৱ পাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি হ’ব। যাৰ বাবে আপুনি কাম উপভোগ কৰিব। পৰিয়ালতকোনো পাৰ্টীৰ আয়োজন হ’ব পাৰে। যাৰ বাবে পৰিয়ালৰ সদস্যসকলৰ সৈতে দেখা হ’ব। শুভ ৰং : গাঢ় সেউজীয়া শুভ সংখ্যা : ১৬ মিথুন ৰাশি : শ্ৰীগণেশে কৈছে, আজিৰ দিনটোত কোনো ব্যৱসায়িক পৰিকল্পনা বাস্তবায়িত কৰিব পাৰে। সন্তানৰ কোনো বৰ্ধিত ব্যয়ৰ দিশে মনোযোগ দিব লাগিব। অন্যথা তেওঁলোকৰ সঞ্চয়ো শেষ হ’ব। কোনো বন্ধুৰ বাবে টকাৰ ব্যৱস্থা কৰিবলগীয়া হ’ব পাৰে। শহুৰৰ ঘৰৰ পৰা সন্মান পাব। শিক্ষাৰ্থীসকলে জ্যেষ্ঠসকলৰ সহায়ত সমস্যাৰ সমাধানত সফল হ’ব। ভাতৃয়ে বিৰোধিতা কৰিলে বুজনি দিয়াৰ বাবে চেষ্টা কৰিব লাগিব। শুভ ৰং : নীলা শুভ সংখ্যা : ৬ কৰ্কট ৰাশি : শ্ৰীগণেশে কৈছে, এই দিনটো খুবেই সৃজনশীল হ’ব। কৰ্মক্ষেত্ৰত নিজৰ ইচ্ছা অনুসৰি কাম পাব। এয়া দেখি সহকৰ্মীসকল বিৰক্ত হ’ব পাৰে। আজি অসমাপ্ত কাম সম্পূৰ্ণ কৰাৰ বােব কোনো গুৰুত্বপূৰ্ণ আলোচনা হ’ব। মনত কোনো নতুন ধাৰণা আহিলে সেয়া অবিলম্বে অনুসৰণ কৰিব লাগিব। যদি সেয়া কাৰোবাৰ সৈতে শ্বেয়াৰ কৰে, তেন্তে তেওঁলোকে ইয়াৰ সুবিধা ল’ব পাৰে। মাতৃৰ সৈতে বিবাদ হ’ব পাৰে, যাৰ বাবে আপোনাৰ মন অস্থিৰ হৈ থাকিব। শুভ ৰং : নেভি ব্লু শুভ সংখ্যা : ৭ সিংহ ৰাশি : শ্ৰীগণেশে কৈছে, আজিৰ দিনটোত ব্যস্ততা থাকিব। ঊৰ্ধ্বতন লোকে কৰ্মক্ষেত্ৰত বাধাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিব। কিন্তু নিজৰ চতুৰ বুদ্ধি ব্যৱহাৰ কৰি সেইবোৰ বাধা দূৰ কৰিবলৈ সক্ষম হ’ব। শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মন দিব লাগিব আৰু বন্ধুৰ সৈতে বহি সময় নষ্ট নকৰিব। তেতিয়া সফলতা অৰ্জন কৰিব পাৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো শুভ উৎসৱত অংশগ্ৰহণ কৰিব পাৰে। মূৰৰ বিষ, ষ্ট্ৰেচ আদিৰ দৰে সমস্যা থাকিলে যোগাভ্যাস আৰু ধ্যানৰ জৰিয়তে সেয়া সমাধান কৰিব পাৰিব। নিজৰ জীৱনসংগীৰ পৰা যথেষ্ট সমৰ্থন আৰু সহযোগ পাব। শুভ ৰং : ক’লা শুভ সংখ্যা : ৩ কন্যা ৰাশি : শ্ৰীগণেশে কৈছে, ভাগ্যৰ ফালৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে ভাল। নতুন কোনো কাম হাতত লোৱাটো আপোনাৰ পক্ষে ভাল হ’ব। কিন্তু জীৱনসংগীৰ কেৰিয়াৰক লৈ চিন্তিত হ’ব। পৰিয়ালৰ সদস্যসকলৰ মাজত যদি কোনো বিবাদ দেখা দিয়ে, ধৈৰ্য ধৰি সেয়া সমাধান কৰা ভল। কোনো শুভ অনুষ্ঠানক লৈ আলোচনা হ’ব পাৰে। ওচৰ-পাজৰৰ মানুহৰ মাজত বিৰোধ দেখা দিলে তেওঁলোকৰ পৰা দূৰত থকাই ভাল। শুভ ৰং : ক’লা শুভ সংখ্যা : ১১ তুলা ৰাশি : শ্ৰীগণেশে কৈছে, আজিৰ দিনটোত কোনো নতুন কাম কৰাত ইমানেই ব্যস্ত থাকিব যে আপুনি নিজৰ কোনো কাম স্থগিত ৰাখিব পাৰে। কামৰ ক্ষেত্ৰত আপোনাৰ আচৰণ সম্পৰ্কিত সকলো সমস্যা দূৰ হ’ব। কিন্তু পৰিয়ালৰ কোনো সদস্যই আপোনাৰ বাবে নতুন সমস্যাও সৃষ্টি কৰিব পাৰে। যাৰ বাবে মন অস্থিৰ হ’ব পাৰে। যদি ব্যৱসায়ৰ বিষয়ে কাৰোবাৰ পৰামৰ্শ ল’ব বিচাৰে, তেন্তে জ্যেষ্ঠ সদস্য বা অভিজ্ঞ ব্যক্তিৰ সৈতে পৰামৰ্শ কৰা ভাল। শুভ ৰং : মেৰুন শুভ সংখ্যা : ৯ বৃশ্চিক ৰাশি : শ্ৰীগণেশে কৈছে, আজিৰ দিনটো আপোনাৰ বাবে খুব শক্তিশালী হ’ব। কাৰণ ব্যৱসায়ত আপুনি পাবলগীয়া ধন ঘূৰাই পাব, যিটো আপুনি আশা কৰাই নাছিল। কৰ্মক্ষেত্ৰত সমগ্ৰ দিনটো লাভৰ সুযোগ পাব। যদি ব্যৱসায়ত কোনো উদ্ভাৱন কৰিব পাৰে, ভৱিষ্যতে ইয়াৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিব পাৰিব। ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাত সফল হ’ব আৰু সম্পত্তি সম্পৰ্কীয় বিবাদৰ সমাধান হ’ব পাৰে। য’ত আপুনি বিজয়ী হ’ব। কোনো ধৰ্মীয় অনুষ্ঠানত অংশ ল’ব। শুভ ৰং : ৰঙা শুভ সংখ্যা : ১৮ ধনু ৰাশি : শ্ৰীগণেশে কৈছে, এই দিনটোত আপোনাৰ চাৰিওফালে নতুন সুযোগ আহিব, আপুনি সেয়া চিনাক্ত কৰিব লাগিব। আৰু তাক লৈ কাম কৰিব লাগিব। যাতে ভৱিষ্যৎ আৰু উজ্জ্বল কৰিব পাৰি। আজিৰ দিনটোত সংগীৰ সৈতে মতবিৰোধ হ’ব পাৰে। যাৰ বাবে কামত মন নবহিব। শিক্ষাৰ্থীসকলে সমষ্ট নকৰিব। তেতিয়াহে পৰীক্ষাত ভাল ফলাফল কৰিব পাৰিব। শহুৰৰ ঘৰৰ সৈতে কোনো সমস্যাৰ সমাধানৰ বাবে যাব পাৰে। শুভ ৰং : হালধীয়া শুভ সংখ্যা : ১২ মকৰ ৰাশি : শ্ৰীগণেশে কৈছে, আজিৰ দিনটো আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ’ব। সন্তানৰ ভৱিষ্যৎ সম্পৰ্কীয় সিদ্ধান্ত আপুনি ল’ব লাগিব পাৰে। বাহিৰৰ পৰা কোনো কামৰ অফাৰ পালে তালৈ যোৱাটো ভাল হ’ব। লগতে বিভিন্ন ধৰণৰ কাম পৰিচালনা কৰিলে আপোনাৰ একাগ্ৰতা বাঢ়িব। কিন্তু কোনটো কাম আগত কৰিব লাগিব আৰু কোনটো পিছত কৰিব লাগিব, সেই বিষয়ে মনোযোগ দিব লাগিব। নিজৰ দৈনন্দিত ৰুটিনত কিছু পৰিৱৰ্তন কৰিব পাৰে। যাতে পৰিয়ালৰ বাবে কিছু সময় উলিয়াব পৰা যায়। কোনো পুৰণি বন্ধুৰ সৈতে দেখা হ’ব। শুভ ৰং : সেউজীয়া শুভ সংখ্যা : ৪ কুম্ভ ৰাশি : শ্ৰীগণেশে কৈছে, আজি আপুনি স্বাস্থ্যক লৈ সচেতন হ’ব লাগিব। কাৰণ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা আছে। যদি খাদ্যাভাসত অসাৱধানতা অৱলম্বন কৰে, তেন্তে আপুনি পেট সংক্ৰান্তীয় সমস্যাত ভুগিব পাৰে। কৰ্মক্ষেত্ৰত খৰখেদা কৰি কোনো সিদ্ধান্ত ল’লে সেয়া ডাঙৰ ভুল বুলি প্ৰমাণিত হ’ব পাৰে। যাক লৈ আপুনি অনুতপ্ত হ’ব। ব্যৱসায়ীসকলৰ বাবে দিনটো মিশ্ৰিত হ’ব। কিন্তু তেওঁলোকে নিজৰ দৈনন্দিত খৰচ সহজতে দূৰ কৰিবলৈ সক্ষম হ’ব। জ্যেষ্ঠ সদস্যৰ পৰা কোনো ভাল খবৰ শুনিব পাৰে। শুভ ৰং : আকাশী নীলা শুভ সংখ্যা : ২ মীন ৰাশি : শ্ৰীগণেশে কৈছে, এই দিনটো আপোনাৰ বাবে খুব ফলদায়ক হ’ব। ব্যৱসায়ীসকলে যদি ৰিস্ক লোৱাৰ সুযোগ পায়, তেন্তে ল’ব পাৰে। এয়া তেওঁলোকৰ বাবে উপকাৰী হ’ব। দুখীয়া ব্যক্তিক সহায় কৰিলে উপকৃত হ’ব, মানসিক শান্তি লাভ কৰিব। কোনো সমস্যাই দেখা দিলে ধৈৰ্য ধৰক। তেতিয়া সফলতা অৰ্জন কৰিব পাৰিব। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেওঁলোকে কিছু সময় অপেক্ষা কৰিব লাগিব। শুভ ৰং : গুলপীয়া শুভ সংখ্যা : ১৬ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.