NEWS

Middle East Crisis: হিজবুল্লাৰ গুপ্তচৰ ঘাটি ধূলিস্যাৎ! হিজবুল্লাৰ সম্ভাব্য মুৰব্বীকো হত্যা কৰাৰ দাবী ইজৰাইলৰ, এইপৰ্যন্ত নীৰৱ হিজবুল্লা শিবিৰ

ছৈয়দ ছাফেঈদ্দিন জীৱিত নে মৃত? মধ্যপ্ৰাচ্যৰ ৰাজনীতিৰ কোটিটকীয়া প্ৰশ্ন মুৰব্বীৰ দায়িত্ব লোৱাৰ পূৰ্বেই হিজবুল্লাৰ নেতা ছৈয়দ ছাফেঈদ্দিনক বোমাৰে উৰুৱাই দিয়াৰ দাবী ইজৰাইল কৰ্তৃপক্ষৰ। বিপৰীতে ছৈয়দ ছাফেঈদ্দিনক লৈ নীৰৱ হিজবুল্লা শিবিৰ। শুকুৰবাৰে নিশা দক্ষিণ লেবাননৰ ডাহিয়াত থকা হিজবুল্লাৰ গুপ্তচৰৰ ঘাটিত ভয়ংকৰ আক্ৰমণৰ পাছতে সন্ধান নাই ছৈয়দ ছাফেঈদ্দিনৰ। কিছুসময়ৰ ভিতৰতে চলোৱা ১১টা বিমান আক্ৰমণত ধুলিসাৎ হৈ গৈছিল হিজবুল্লাৰ গুপ্তচৰৰ ঘাটি। আন কেইবাজনো নেতাৰ সৈতে সেই ঘাটিতে চৈয়দ ছাফেঈদ্দিন থকাৰ দাবী ইজৰাইলৰ। ইৰান আৰু লেবাননত সক্ৰিয় হৈ থকা ইজৰাইলৰ গুপ্তচৰে সমগ্ৰ বিশ্বত বিয়পাই দিছে এই খবৰ। কিন্তু এই পৰ্যন্ত চূৰ্ণ-বিচূৰ্ণ হৈ পৰা গুপ্তচৰৰ ঘাটিত ভৰি দিব পৰা নাই হিজবুল্লা সদস্যই। কাৰণ এতিয়াও সেই গুপ্তচৰ ঘাটিক টাৰ্গেট কৰিছে ইজৰাইলে। হিজবুল্লা সদস্যই গুপ্তচৰ ঘাটিৰ কাষ চপাৰ চেষ্টা কৰিলেই ইজৰাইলে নিক্ষেপ কৰিছে দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ। যাৰ বাবে ছৈয়দ ছাফেঈদ্দিন জীবিত নে মৃত সেই সম্পৰ্কে এতিয়াও নিশ্চিত হ’ব পৰা নাই খোদ হিজবুল্লা শিৱিৰ। ২২ বছৰে হিজবুল্লাক সন্মুখৰ পৰা নেতৃত্ব দিয়া হাছান নাছাৰুল্লাৰ মৃত্যুৰ এসপ্তাহ পাছতে ছৈয়দ ছাফেঈদ্দিনৰে যোগাযোগ বিচ্ছিন্ন হোৱা ঘটনাই বেকফুটলৈ ঠেলি দিছে বিশ্বত্ৰাস সংগঠনটোক। সম্পৰ্কত হাছান নাছাৰুল্লাৰ মোমায়েকৰ পুতেক ছৈয়দ ছাফেঈদ্দিনেই হিজবুল্লাৰ নেতৃত্ব দিব বুলি চৰ্চা চলাৰ সময়তে মৃত্যুৰ খবৰে শ’লঠেকত পেলাইছে ইজৰাইলৰ শত্ৰু শিৱিৰক। দিন বাগৰাৰ লগে লগে লেবাননত বৃদ্ধি পাইছে ইজৰাইলৰ আক্ৰমণ। দক্ষিণ লেবাননৰ হিজবুল্লাৰ ঘাটিৰ সমান্তৰালকৈ উত্তৰৰ পেলেষ্টাইনী শৰণাৰ্থী শিৱিৰতো ইজৰাইলৰ তুমুল বোমাবৰ্ষণ। ধাৰাবাহিক বিমান আক্ৰমণত জনশূন্য হৈ পৰিছে দক্ষিণ লেবানন। বন্ধ হৈ আছে দোকান পোহাৰ। ডাহিয়া চহৰৰ চৌদিশে বিৰাজ কৰিছে মৰিশালীৰ নিস্তব্ধতা। ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণত এই পৰ্যন্ত নিহত হৈছে ৪৫০ গৰাকী হিজবুল্লাৰ নেতা। হিজবুল্লাৰ নিহত নেতাৰ মাজত আছে ৩০ জন কামাণ্ডাৰ। বোমাবৰ্ষণৰ সমান্তৰালকৈ কদমত কদম মিলাই দক্ষিণ লেবাননত প্ৰৱেশ কৰিছে ইজৰাইলৰ পদাতিক সেনা। ক্ৰমে বেইৰুটৰ দিশে আগবাঢ়িছে ইজৰাইলী ডিফেঞ্চ ফৰ্চৰ পদাতিক বাহিনী। কাৰ্যতঃ শনিবাৰে নিশাৰ পৰা হঠাৎ শক্তি বৃদ্ধি পাইছে ইজৰাইলৰ। ইহুদী সকলৰ নৱবৰ্ষ পৰ্বৰ সামৰণিৰ পাছতে মধ্যপ্ৰাচ্যত নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ বদ্ধপৰিকৰ হৈছে বেঞ্জামিন নেতান্যাহুৰ ইজৰাইল। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.