NEWS

টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰি মাতৃভূমিত উপস্থিত Men in Blue

টী-২০ বিশ্বকাপ জয়ী কৰি গৃহভূমিত উপস্থিত টীম ইণ্ডিয়া। ভাৰতীয় ক্ৰিকেট দলটোৱে বৃহস্পতিবাৰে পুৱা নতুন দিল্লীত উপস্থিত হয়। ভাৰতীয় দলটো দিল্লী বিমানবন্দৰৰ পৰা পোনে-পোনে ITC মৌৰ্য হোটেলৈ ৰাওনা হয়। ভাৰতীয় তাৰকাক আদৰিবলৈ হোটেলখনত কৰা হৈছে বিশেষ ব্যৱস্থা। বিশ্বকাপৰ ট্ৰফীৰ ষ্টাইলত তৈয়াৰ কৰা হৈছে কেক। বাৰ্বাডোজৰ পৰা বিশেষ বিমানযোগে পোনেপোনে নতুন দিল্লীত উপস্থিত হয় ভাৰতীয় দল। বাৰ্বাডোজ হোৱা ঘূৰ্ণি বতাহৰ বাবে বিগত ৩ দিনে বাৰ্বাডোজতে আৱদ্ধ হৈ থাকিব লগা হৈছিল ভাৰতীয় দল। অৱশেষত আজি মাতৃভূমিত উপস্থিত হয় মেন ইন ব্লু। #WATCH | Rohit Sharma with the T20 World Cup trophy arrives at Delhi airport. India defeated South Africa by 7 runs on June 29, in Barbados, to clinch the second T20I title. pic.twitter.com/fJlKsWd0xh দিনৰ ১০ বজাত ভাৰতীয় দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। ITC মৌৰ্য হোটেলেত সাক্ষাৎ কৰিব দেশৰ প্ৰধানমন্ত্ৰীক। আজিয়েই দিনৰ ২ বজাত বিশেষ বিমান যোগে মুম্বাইলৈ ৰাওনা হ’ব ভাৰতীয় দল। আবেলি ৪ বজাত উপস্থিত হ’ব মুম্বাইত। আজি আৱেলি ৫ বজাত মুম্বাই মেৰিণ ড্ৰাইভত হ’ব খোলা বাছত বিশাল ৰেলী। বিশ্ব বিজয়ী ভাৰতীয় দলটোৱে মেৰিণ ড্ৰাইভত কৰিব বিজয় পেৰেড। সন্ধিয়া ৭ বজাত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশেষ সম্বৰ্ধনা অনুষ্ঠান। T20 WC winning Team India receives warm welcome at Delhi airport, reaches ITC Maurya Read @ANI Story | #TeamIndia #ICCT20WorldCup #cricket #MeninBlue #DelhiAirport pic.twitter.com/CkTcVmeiyK উল্লেখ্যে যে ১৭ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিছে টি-২০ বিশ্বকাপৰ ট্ৰফী। ইয়াৰ পূৰ্বে ভাৰতে ২০০৭ চনত মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত প্ৰথমবাৰৰ টি-২০ বিশ্বকাপ ট্ৰ’ফী লাভ কৰিছিল টীম ইণ্ডিয়াই। ইয়াৰ পিছত ভাৰতে টি-২০ত বিশ্ব চেম্পিয়ন হ’বলৈ বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল। #WATCH | Virat Kohli and Hardik Pandya at ITC Maurya Hotel in Delhi, after winning the #T20WorldCup2024 trophy. pic.twitter.com/o6yzbhcnzl অৱশেষত ২৯ জুনত ৰোহিত শৰ্মা বাহিনীয়ে দেশবাসীৰ সেই সপোন পূৰণ কৰিলে। ২০২৪ৰ বৰ্ষৰ ৰোমাঞ্চৰ টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিলে টীম ইণ্ডিয়াই। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.