NEWS

দেহৰ পৰা মাহ-হালধিৰ গোন্ধ যোৱাই নাছিল, স্বামীয়ে হত্যা কৰিলে দেৱলীনাক!

ঢকুৱাখনাৰ নাৰায়ণপুৰ চাপৰিত ন-বোৱাৰিক হত্যা। স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ। হত্যা কৰি অন্য ৰূপ দিয়াৰ চেষ্টা স্বামীৰ। হত্যাকাৰী স্বামীক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ঢকুৱাখনা থানাৰ অধীনৰ নাৰায়ণপুৰ চাপৰিৰ মৃদুল বৰুৱাৰ পুত্ৰ পৱন বৰুৱাই দুমাহ পূৰ্বে পলুৱাই আনিছিল সোণাৰি চাপৰি উপ-আৰক্ষী চকীৰ অন্তৰ্গত কেকুৰী কছাৰীৰ প্ৰদীপ সোণোৱালৰ কন্যা দেৱলীনা সোণোৱাল নামৰ নাবালিকাগৰাকীক। ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাত দ্বিতীয় বৰ্ষত পঢ়ি থকা ওঠৰ বছৰ সম্পূৰ্ণ নোহোৱা কিশোৰীগৰাকীক পলুৱাই আনি বিয়া পতাৰ পিছৰে পৰা যৌতুক বিচাৰি বহুবাৰ অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল। আৰু পঢ়ক : মাজুলীত মানস ৰবীনৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতি, কমিটীয়ে চুক্তিমতে দিব নোৱাৰিলে ধন, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ পেঞ্চনৰ চেক গ্ৰহণ নকৰিলে কণ্ঠশিল্পীগৰাকীয়ে কিন্তু আজি দুপৰীয়াৰ ভাগত পৱনে দেৱলীনাক হত্যা কৰি অন্য ৰূপ দিবলৈ চেষ্টা কৰিছিল যদিও হাত-মুখত আঘাতৰ চিন পোৱাৰ লগতে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই মৃতদেহ নমাই থোৱাত হত্যাৰ সন্দেহ উপজে। লগে লগে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লগতে পঢ়ক : হোম গাৰ্ড আৰু SPOক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, চাকৰি হেৰুওৱা ৭০০ SPOৰ পৰিয়াললৈ সকাহ ইপিনে মৃত দেৱলীনাৰ পিতৃগৃহই এয়া হত্যাকাণ্ড বুলি অভিযোগ তুলি ঢকুৱাখনা থানাত এক গোচৰ ৰুজু কৰাৰ লগতে উপযুক্ত তদন্তৰ দাবী জনাইছে। আৰক্ষীয়ে পৱনক আটক কৰি জেৰা অব্যাহত ৰাখিছে। অসমৰ বাতৰি / খবৰ / অসম / দেহৰ পৰা মাহ-হালধিৰ গোন্ধ যোৱাই নাছিল, স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে দেৱলীনাক! দেহৰ পৰা মাহ-হালধিৰ গোন্ধ যোৱাই নাছিল, স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে দেৱলীনাক! আজি দুপৰীয়াৰ ভাগত পৱনে দেৱলীনাক হত্যা কৰি অন্য ৰূপ দিবলৈ চেষ্টা কৰিছিল যদিও হাত-মুখত আঘাতৰ চিন পোৱাৰ লগতে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই মৃতদেহ নমাই থোৱাত হত্যাৰ সন্দেহ উপজে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : May 15, 2024, 2:54 pm IST Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি ঢকুৱাখনাৰ নাৰায়ণপুৰ চাপৰিত ন-বোৱাৰিক হত্যা। স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ। হত্যা কৰি অন্য ৰূপ দিয়াৰ চেষ্টা স্বামীৰ। হত্যাকাৰী স্বামীক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ঢকুৱাখনা থানাৰ অধীনৰ নাৰায়ণপুৰ চাপৰিৰ মৃদুল বৰুৱাৰ পুত্ৰ পৱন বৰুৱাই দুমাহ পূৰ্বে পলুৱাই আনিছিল সোণাৰি চাপৰি উপ-আৰক্ষী চকীৰ অন্তৰ্গত কেকুৰী কছাৰীৰ প্ৰদীপ সোণোৱালৰ কন্যা দেৱলীনা সোণোৱাল নামৰ নাবালিকাগৰাকীক। ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাত দ্বিতীয় বৰ্ষত পঢ়ি থকা ওঠৰ বছৰ সম্পূৰ্ণ নোহোৱা কিশোৰীগৰাকীক পলুৱাই আনি বিয়া পতাৰ পিছৰে পৰা যৌতুক বিচাৰি বহুবাৰ অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল। বিজ্ঞাপন আৰু পঢ়ক : মাজুলীত মানস ৰবীনৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতি, কমিটীয়ে চুক্তিমতে দিব নোৱাৰিলে ধন, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ পেঞ্চনৰ চেক গ্ৰহণ নকৰিলে কণ্ঠশিল্পীগৰাকীয়ে কিন্তু আজি দুপৰীয়াৰ ভাগত পৱনে দেৱলীনাক হত্যা কৰি অন্য ৰূপ দিবলৈ চেষ্টা কৰিছিল যদিও হাত-মুখত আঘাতৰ চিন পোৱাৰ লগতে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই মৃতদেহ নমাই থোৱাত হত্যাৰ সন্দেহ উপজে। লগে লগে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বিজ্ঞাপন লগতে পঢ়ক : হোম গাৰ্ড আৰু SPOক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, চাকৰি হেৰুওৱা ৭০০ SPOৰ পৰিয়াললৈ সকাহ ইপিনে মৃত দেৱলীনাৰ পিতৃগৃহই এয়া হত্যাকাণ্ড বুলি অভিযোগ তুলি ঢকুৱাখনা থানাত এক গোচৰ ৰুজু কৰাৰ লগতে উপযুক্ত তদন্তৰ দাবী জনাইছে। আৰক্ষীয়ে পৱনক আটক কৰি জেৰা অব্যাহত ৰাখিছে। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News First Published : May 15, 2024, 2:54 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.