NEWS

অসমত পোৱা বিষাক্ত সাপসমূহৰ নাম জানানে?

16 July celebrated as world snake day আজি বিশ্ব সৰ্প দিৱস৷ সমগ্ৰ বিশ্বতে ১৬ জুলাইৰ দিনটোক বিশ্ব সৰ্প দিৱস হিচাপে পালন কৰা হয়। মূলত বিভিন্ন প্ৰজাতিৰ সাপৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে এই সৰ্প দিৱস পালন কৰা হয়৷ সাপৰ চিন্তাই সাধাৰণতে মানুহৰ মনত ভয় বা নেতিবাচক আৱেগৰ সৃষ্টি কৰিলেও আমি বাস কৰা পৰিৱেশৰ বাবে এইবিধ সৰীসৃপ অত্যন্ত অপৰিহাৰ্য। সমগ্ৰ বিশ্বত প্ৰায় তিনি হাজাৰৰো অধিক সাপ পোৱা যায়৷ ভাৰতত উপলব্ধ ২১৬ বিধৰ মাত্ৰ ৫২ বিধ সাপহে বিষাক্ত হিচাপে চিহ্নিত হৈছে৷ খাদ্য শৃংখলৰ বাবে সাপ অতি প্ৰয়োজনীয় আৰু ভাৰসাম্য ৰক্ষা কৰাৰ লগতে সাপে এন্দুৰ নিগনি ভক্ষণ কৰাৰ লগতে খেতিৰ অনিষ্টকাৰী জীৱ ভক্ষণ কৰি খেতিয়কক সহায় কৰিছে। ইয়াৰ উপৰিও এন্টিভেনম প্ৰস্তুতৰ ক্ষেত্ৰতো সাপেই প্ৰয়োজনীয়, গতিকে সৰীসৃপ পৰিস্থিতিতন্ত্ৰৰ বাবে প্ৰয়োজনীয়। অসমত ৬ বিধ বিষাক্ত সৰ্প পোৱা যায়। নলবাৰীৰ স্বেচ্ছাসেৱী সংগঠন দি গ্ৰীণ গ্লোৱৰ অন্যতম সদস্য তথা সৰ্প উদ্ধাৰ সৈতে জড়িত ৰাজেশ দত্তবৰুৱাই জানিবলৈ দিয়া অনুসৰি চকৰী ফেটী, শংখচূড়, কলা শংখচূড়, ৰজা ফেঁটী, পিট ভাইপাৰ, নাগফেঁটী অতি বিষাক্ত প্ৰজাতিৰ সাপ, ইয়াৰ উপৰিও অসমৰ ইতিমধ্যে কোনো কোনো ঠাইত বিষাক্ত ৰাছেল ভাইপাৰৰ অৱস্থিতিও ধৰা পৰিছে। সৰ্প দংশনৰ ক্ষেত্ৰত এতিয়াও জন সচেতনাৰ প্ৰয়োজনীয়তা আছে। অসমৰ প্ৰতিখন জিলাৰ চৰকাৰী চিকিৎসালয়ত এন্টিভেনম পোৱা যায়। যদিহে সৰ্পই দংশন কৰে তেন্তে আতংকিত নহৈ তাক্ষণিকভাৱে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। বিশ্ব সৰ্প দিৱসৰ উদ্দেশ্য হৈছে সাপ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰা৷ বিগত ত্ৰিশ বছৰত বিশ্বত সাপৰ সংখ্যা ৬০ শতাংশতকৈ অধিক হ্ৰাস হৈছে, আৰু বহুতো সাপৰ প্ৰজাতি বিলুপ্তিৰ সন্মুখীন হৈছে আৰু ইয়াক বিপন্ন হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। আজি বিভিন্ন প্ৰান্তত সৰ্পৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী লোৱা হ’ব। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.