Hemanta Nath- A mushroom cultivator বিদেশৰ বজাৰত নলবাৰীৰ এগৰাকী যুৱকৰ ফাৰ্মত উৎপাদিত মাছৰুম। মাছৰুম খেতিৰে স্বাৱলম্বী হৈছে নলবাৰী জিলাৰ বৰজাৰৰ যুৱক হেমন্ত নাথ। চৰকাৰী চাকৰিৰ পাছত দৌৰি হাবাথুৰি নাখায় নিজাববীয়াকৈ কিবা এটা কৰাৰ মন লৈছিল হেমন্ত নাথে। বৰ্তমান সময়ত এইগৰাকী যুৱক আদৰ্শ হৈ পৰিছে আন দহজনৰ। বৰজাৰৰ হেমন্ত নাথ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰগতিশীল কাঠফুলা উৎপাদক। নিজ জন্মগাঁও বৰজাৰতেই ২০১২ চনৰ পৰা মাছৰুম উৎপাদন কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈও উৎপাদিত মাছৰুম ৰপ্তানি কৰিছে যুৱকজনে। ভূটানৰ বজাৰত যথেষ্ট চাহিদা আছে মাছৰুমৰ। নিজাববীয়াকৈ তেওঁ ভূটানলৈ ৰপ্তানি কৰি আহিছে মাছৰুম। হেমন্ত নাথে গঢ় দিয়া ‘কাঠফু’ নামৰ মাছৰুম বেণ্ডৰ আছে এখন লাভজনক বজাৰ। এই ব্যৱসায়েৰে হেমন্তই নিজেই স্বাৱলম্বী হোৱাৰ লগতে আন দহজন যুৱককো সংস্থাপন দিৱলৈ সক্ষম হৈছে। ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো যুৱকজনে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন সময়ত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও পৰিদৰ্শন কৰে হেমন্ত নাথৰ মাছৰুম ফাৰ্ম, বিভিন্নজনে এই ফাৰ্মত মাছৰুম খেতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি নিজাববীয়াকৈ মাছৰুম খেতি আৰম্ভ কৰিছে। বৰ্তমান সময়ত এক লাভজনক ব্যৱসায়লৈ ৰূপান্তৰিত হৈছে এই ব্যৱসায়। বছৰি মাছৰুম উৎপাদনেৰে ৫০ লক্ষাধিক টকাৰ মাছৰুম ৰপ্তানি কৰে হেমন্ত নাথে। নিবনুৱা যুৱক-যুৱতীসকলে মাছৰুম উৎপাদনেৰে স্বাৱলম্বী হ’ব পাৰে বুলি জনায় ‘কাঠফু’ৰ স্বত্বাধিকাৰী হেমন্ত নাথে। অসমৰ বাতৰি / খবৰ / অসম / Nalbari News: বিদেশৰ বজাৰত সমাদৰ পাইছে নলবাৰীৰ এগৰাকী যুৱকৰ ফাৰ্মত উৎপাদিত কাঠফুলাই, হেমন্ত নাথ হৈ পৰিছে তৰুণ প্ৰজন্মৰ অনুপ্ৰেৰণা Nalbari News: বিদেশৰ বজাৰত সমাদৰ পাইছে নলবাৰীৰ এগৰাকী যুৱকৰ ফাৰ্মত উৎপাদিত কাঠফুলাই, হেমন্ত নাথ হৈ পৰিছে তৰুণ প্ৰজন্মৰ অনুপ্ৰেৰণা Hemanta Nath- A mushroom cultivator মাছৰুম খেতিৰে স্বাৱলম্বী হৈছে নলবাৰী জিলাৰ বৰজাৰৰ যুৱক হেমন্ত নাথ। চৰকাৰী চাকৰিৰ পাছত দৌৰি হাবাথুৰি নাখায় নিজাববীয়াকৈ কিবা এটা কৰাৰ মন লৈছিল হেমন্ত নাথে। অধিক পঢ়ক … 1-MIN READ local18 Nalbari,Assam Last Updated : December 8, 2024, 6:07 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Reported By : Rajesh Baishya সম্পৰ্কীয় বাতৰি বিদেশৰ বজাৰত নলবাৰীৰ এগৰাকী যুৱকৰ ফাৰ্মত উৎপাদিত মাছৰুম। মাছৰুম খেতিৰে স্বাৱলম্বী হৈছে নলবাৰী জিলাৰ বৰজাৰৰ যুৱক হেমন্ত নাথ। চৰকাৰী চাকৰিৰ পাছত দৌৰি হাবাথুৰি নাখায় নিজাববীয়াকৈ কিবা এটা কৰাৰ মন লৈছিল হেমন্ত নাথে। বৰ্তমান সময়ত এইগৰাকী যুৱক আদৰ্শ হৈ পৰিছে আন দহজনৰ। বৰজাৰৰ হেমন্ত নাথ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰগতিশীল কাঠফুলা উৎপাদক। নিজ জন্মগাঁও বৰজাৰতেই ২০১২ চনৰ পৰা মাছৰুম উৎপাদন কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈও উৎপাদিত মাছৰুম ৰপ্তানি কৰিছে যুৱকজনে। ভূটানৰ বজাৰত যথেষ্ট চাহিদা আছে মাছৰুমৰ। নিজাববীয়াকৈ তেওঁ ভূটানলৈ ৰপ্তানি কৰি আহিছে মাছৰুম। বিজ্ঞাপন হেমন্ত নাথে গঢ় দিয়া ‘কাঠফু’ নামৰ মাছৰুম বেণ্ডৰ আছে এখন লাভজনক বজাৰ। এই ব্যৱসায়েৰে হেমন্তই নিজেই স্বাৱলম্বী হোৱাৰ লগতে আন দহজন যুৱককো সংস্থাপন দিৱলৈ সক্ষম হৈছে। ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো যুৱকজনে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন সময়ত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও পৰিদৰ্শন কৰে হেমন্ত নাথৰ মাছৰুম ফাৰ্ম, বিভিন্নজনে এই ফাৰ্মত মাছৰুম খেতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি নিজাববীয়াকৈ মাছৰুম খেতি আৰম্ভ কৰিছে। বৰ্তমান সময়ত এক লাভজনক ব্যৱসায়লৈ ৰূপান্তৰিত হৈছে এই ব্যৱসায়। বছৰি মাছৰুম উৎপাদনেৰে ৫০ লক্ষাধিক টকাৰ মাছৰুম ৰপ্তানি কৰে হেমন্ত নাথে। নিবনুৱা যুৱক-যুৱতীসকলে মাছৰুম উৎপাদনেৰে স্বাৱলম্বী হ’ব পাৰে বুলি জনায় ‘কাঠফু’ৰ স্বত্বাধিকাৰী হেমন্ত নাথে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , local18 , Nalbari First Published : December 8, 2024, 6:07 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.