NEWS

Srimanta Sankaradeva Sangha : শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮সংখ্যক প্ৰতিষ্ঠা দিৱস, প্ৰতিকূল বতৰকো নেওচি ঐতিহাসিক গড়গাঁৱত ভকতসকলৰ ব্যাপক প্ৰস্তুতি

২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰতিকূল বতৰকো নেওচি ঐতিহাসিক গড়গাঁৱত ভকতসকলে চলাইছে ব্যাপক প্ৰস্তুতি। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে সাজু হৈছে শিৱসাগৰবাসী। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম সাহিত্য-সংস্কৃতি, শৈক্ষিক-আধ্যাত্মিক আৰু অৰাজনৈতিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মানসপুত্ৰ ‘সেৱা বাহিনী’ৰ ২৮সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ নাজিৰা জিলা শাখাৰ আতিথ্যত আৰু স্থানীয় ৰাইজৰ সহযোগত অহা ৭ আৰু ৮ অক্টোবৰত নাজিৰাৰ মহকুমাৰ ঐতিহাসিক গড়গাঁৱত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি কৰা হৈছে। ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিতব্য সঙ্ঘৰ সেৱা বাহিনীৰ এই প্ৰতিষ্ঠা দিৱসৰ বাবে শিৱসাগৰবাসী আশাৰে ৰৈ আছে। গুৰুজনাৰ সৃষ্টিক ধৰি ৰখাৰ স্বাৰ্থত সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই। ৭ অক্টোবৰত পুৱা জিলা শাখাৰ সেৱা বাহিনীৰ পৰিচালনাৰে পৰিবেশ নিকাকৰণৰ পাছতে গুৰু আসন প্ৰতিষ্ঠা কৰিব সংঘৰ শৰণ সদস্য প্ৰমোদ তামুলীয়ে। পাছত ক্ৰমান্বয়ে নাম প্ৰসংগ, গছপুলি ৰোপণ, মূল প্ৰৱেশ পথ আৰু মূল মণ্ডপৰ তোৰণ উন্মোচন, ভোজনালয়ৰ দ্বাৰ, সেৱক-সেৱিকাৰ শিবিৰ, চিকিৎসা শিবিৰ উন্মোচন কৰা হ’ব। নামঘৰৰ তোৰণ উন্মোচন কৰাৰ পাছতেই দুপৰীয়া মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ সৃষ্টি আৰু দৰ্শন সম্পৰ্কীয় নিৰ্বাচিত গ্ৰন্থৰ পৰ্যালোচনা অনুষ্ঠান ‘পঠন আৰু মন্থন’ৰ সঞ্চালনা কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই। মূলৰ সাহিত্য শাখাৰ সভাপতি ড॰ জগত চন্দ্ৰ কলিতাই মুকলি কৰিবলগীয়া পৰ্যালোচনা অনুষ্ঠানত ড॰ মানস প্ৰতিম বৰা আৰু ড॰ সুৰেশ চন্দ্ৰ বৰাই সমল ব্যক্তি হিচাপে অংশগ্রহণ কৰিব। এই অনুষ্ঠানত কেইবাজনেও নিৰ্বাচিত গ্ৰন্থৰ লেখা পাঠ কৰিব। সন্ধিয়া নাম-প্ৰসংগৰ পাছতে পদাধিকাৰৰ সঞ্চালনাত সেৱক-সেৱিকা আৰু ৰক্তদান সন্মিলন উদ্বোধন কৰিব সঙ্ঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই। অচ্যুত কৃষ্ণ কলিতা আৰু গদাধৰ ৰাজবংশীয়ে নিৰ্দ্দিষ্ট বক্তা হিচাপে বক্তব্য দাঙি ধৰিব। নিশা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব সংঘৰ সংস্কৃতি শাখাৰ সভাপতি পবিত্ৰ প্ৰাণ বৰাই। ৮ অক্টোবৰত পুৱা প্ৰাত:প্ৰসংগ আৰু পৰিবেশ নিকাকৰণৰ পাছতে ধৰ্মধ্বজা উত্তোলন কৰিব সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.