NEWS

১৯৯৯ চনতে ভাৰতৰ ‘বিশ্বাস’ ভাঙিছিল পাকিস্তানে, ২ভুল স্বীকাৰ নৱাজ শ্বৰীফৰ

ভুল আমাৰেই - পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ এয়া অকপট স্বীকাৰোক্তি। ১৯৯৯ চনত পাকিস্তানে ভাৰত আক্ৰমণ কৰাক লৈ এই স্বীকাৰোক্তি কৰিলে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা শাসকীয় পাকিস্তান মুছলীম লীগ নৱাজৰ মুৰব্বী নৱাজ শ্বৰীফে। নৱাজ শ্বৰীফ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হৈ থকা সময়ছোৱাত ভাৰতৰ তদানীন্তত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মাজত স্বাক্ষৰিত হোৱা চুক্তি, ১৯৯৯ চনত ভংগ কৰিছিল চুবুৰীয়া পাকিস্তানে। যাৰ ফলত ভাৰত পাকিস্তানৰ মাজত হৈছিল কাৰ্গিল যুদ্ধ। সুদীৰ্ঘ ২৫ বছৰৰ পূৰ্বে হোৱা কাৰ্গিল যুদ্ধৰ বাবে প্ৰকাৰন্তৰে জেনেৰেল পাৰভেজ মুছাৰফক দোষাৰোপ কৰিলে নৱাজ শ্বৰীফে। নৱাজ শ্বৰীফে ক’লে- ১৯৯৮ চনৰ ২৮ মে’ত পাকিস্তানে পাঁচোটাকৈ পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। আৰু তাৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বহাৰী বাজপেয়ী ডাঙৰীয়া পাকিস্তানলৈ আহি চুক্তি স্বাক্ষৰিত কৰিছিল। কিন্তু আমিয়ে সেই চুক্তি ভংগ কৰিলো। সেয়া আমাৰে ভুল। পাকিস্তান মুছলীম লীগ নৱাজৰ সাধাৰণ পৰিষদে ছবছৰৰ অন্তত তেওঁকে পুনৰ দলৰ মুৰব্বী নিৰ্বাচিত কৰাৰ পাছত এই মন্তব্য কৰে নৱাজ শ্বৰীফে। নৱাজ শ্বৰীফ-অটল বিহাৰী বাজপেয়ীৰ মাজত ১৯৯৯ চনত ২১ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল লাহোৰ ঘোষণাপত্ৰ। এক ঐতিহাসিক সন্মিলনৰ জড়িয়তে, শান্তি আৰু দুই দেশৰ মাজত সুস্থিৰতাৰ লক্ষ্যৰে স্বাক্ষৰিত হোৱা ঘোষণা পত্ৰৰ কেইমাহ মানৰ পাছতে পাকিস্তানে চুক্তি ভংগ কৰে। যাৰ ফলক সৃষ্টি হয় কাৰ্গিল যুদ্ধ। পাকিস্তানে জম্মু-কাশ্মীৰৰ কাৰ্গিল জিলাত কৰা আক্ৰমণৰ পাছতে দুই দেশৰ মাজত হয় তৃতীয়খন যুদ্ধ। আৰু যুদ্ধৰ ২৫ বছৰৰ পাছত কাৰ্গিল যুদ্ধৰ বাবে দোষ নিজৰ বুলি স্বীকাৰ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে। ২৮ মে’ত পাকিস্তানে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰা ২৬ বছৰ সম্পূৰ্ণ হোৱা দিনটোতে, কাৰ্গিল যুদ্ধৰ বাবে পাকিস্তানেই বুলি জগৰীয়া বুলি ক’লেও, পিছে পাকিস্তান তেহৰিক ই ইনছাফৰ মুৰব্বী তথা দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক কটাক্ষ কৰিবলৈ নাপাহৰিলে শ্বৰীফে। ক’লে -‘পাকিস্তানক পাৰমাণিক পৰীক্ষণ নকৰিবলৈ তদানীন্তন মাৰ্কিন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে মোক ৫শ কোটি মাৰ্কিন ডলাৰ উপঢৌকন দিব বিচাৰিছিল। মোৰ স্থানত ইমৰাণ খানৰ দৰে ব্যক্তি থকা হ’লে ক্লিণ্টনৰ উপঢৌকন স্বীকাৰ কৰিলে হয়।’ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.