অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত উজ্বলি উঠিবলৈ সক্ষম হোৱা গোলাঘাটৰ বিদিশা । সদ্যঘোষিত APSত ১৬ সংখ্যক স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা গোলাঘাটৰ বিদিশা শইকীয়া। বহু অপেক্ষাৰ অন্তত আহিল ভাল খবৰটো। .কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ জৰিয়তে নিজ সফলতাই আকাশ চুব পাৰে। ইচ্ছা শক্তি প্ৰৱল ভাৱে থাকিলে অতি কঠোৰকো সহজ কৰিব পাৰি। জীৱনৰ বহু প্ৰত্যাহ্বানকো নেওচি গোলাঘাটৰ বিদিশাই সফলতা লাভ কৰিলে অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত। কোনো প্ৰত্যাহ্বান যে জীৱনৰ সফলতাৰ অন্তৰায় হ’ব নোৱাৰে। যদি ইচ্ছা শক্তি প্ৰবল হয় আৰু লক্ষ্য যদি স্থিৰ হয় তেনে উজ্জ্বলি উঠিব পাৰে প্ৰতিজনৰ ভৱিষ্যত। ঠিক একেদৰেই গোলাঘাটৰ এগৰাকী মেধাৱীৰ প্ৰস্ফুটিত হ’ল এটা সুবিশাল সপোন। বহুতো কষ্টৰ মাজেৰে সফলতাৰ দৌৰত যুঁজাৰু হৈ নামিছিল বিদিশা। নিৰৱিচ্ছিন্ন ভাৱে অধ্যয়নৰ যোগেদি যে নিজ সপোন দিঠকত পৰিণত কৰিব পাৰি তাৰে বিদিশা এক সমুজ্বল উদাহৰণ। সফলতাৰ হাঁহি মাৰি স্বচ্ছ আৰু নিকা মনোভাৱেৰে কৰ্মজীৱন আগুৱাই নিবলৈ সংকল্প ল’লে বিদিশাই। গোলাঘাট পুৰণা আমোলাপত্তিৰ নিৱাসী ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী জান্তি শইকীয়া আৰু হস্ত তাতঁ বস্ত্ৰ শিল্প বিভাগৰ কৰ্মচাৰী ৰুণু ফুকন শইকীয়াৰ কন্যা বিদিশা শইকীয়া। পিতৃ মাতৃয়ে সৰুৰে পৰা নৈতিকতা শিক্ষাৰে শিক্ষিত কৰি আগবঢ়ায় দিছিল আকাশ চুবলৈ। নিজ কন্যাৰ সফলতাত অত্যন্ত সুখ অনুভৱ কৰে পিতৃ মাতৃদ্বয়ৰ লগতে বিদিশাৰ বৃদ্ধা আইতাকে। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত অসম অসামৰিক সেৱা বিভাগত ১৬ সংখ্যক স্থান অধিকাৰ কৰি উজ্বলি উঠিবলৈ সক্ষম হয় গোলাঘাটৰ বিদিশা শইকীয়াই। সৰুৰে পৰাই বিদিশাই পঢ়া শুনাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰটো তেওঁৰ দখল আছে। সংগীতত বিশাৰদৰ দৰে সন্মান আছে বিদিশাৰ। গোলাঘাটৰ কুশল কোঁৱৰ বাল্য ভৱনৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত উচ্চ শিক্ষাৰ বাবে বিভিন্ন আগশাৰীৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আনুষ্ঠানিক শিক্ষা সাং কৰে। উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল।ডেৰ বছৰে কঠোৰ চেষ্টা আৰু অধ্যাৱসায়ৰ জৰিয়তে অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ সফলতাৰ হাঁহি মাৰিবলৈ সক্ষম হোৱা বিদিশাৰ কৃতিত্বত সকলোৱে একেমুখে আদৰণি জনোৱাৰ লগতে প্ৰশংসাই উপচাই পেলাইছে। None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.