NEWS

অক্টোবৰ মাহত ১০ কোটি পাঠকৰে Network18ৰ Moneycontrolৰ অভূতপূৰ্ব সফলতা, সম্প্ৰসাৰিত হৈছে দেশৰ শীৰ্ষ ব্যৱসায়িক আৰু বিত্তীয় সংবাদ প্লেটফৰ্ম Moneycontrol

Network 18’s Moneycontrolএ অক্টোবৰ মাহত ১০ কোটি দৰ্শকৰ সীমা অতিক্ৰম কৰিছে। ভাৰতৰ শীৰ্ষ ব্যৱসায়িক আৰু বিত্তীয় বাতৰি মঞ্চ হিচাপে Moneycontrolএ অধিক সবল কৰিছে স্থিতি। লেনদেনৰ দ্বাৰা সমৰ্থিত ষ্ট’ক মাৰ্কেটৰ তথ্য, বিত্তীয় সঁজুলি, ষ্টক আৰু বজাৰৰ ওপৰত একচেটিয়া গৱেষণা আৰু গুৰুত্বপূৰ্ণ ব্যৱসায়িক বাতৰিৰ অনন্য সংমিশ্ৰণে Moneycontrolক অপ্ৰতিৰোধ্য কৰি তুলিছে। গ্লৱেল ডিজিটেল জোখ-মাখ সংস্থা কমস্কোৰৰ মতে, ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত Moneycontrolৰ দৰ্শক দ্য ইকনমিক টাইমছতকৈ ৩১% অধিক আছিল। দ্ৰুতগতিত বিকশিত হৈ অহা ডিজিটেল লেণ্ডস্কেপ হৈছে Moneycontrol। প্লেটফৰ্মৰ প্ৰিমিয়াম চাবস্ক্ৰিপচন সেৱা Moneycontrol Proই শেহতীয়াকৈ ১০ কোটি গ্ৰাহক অতিক্ৰম কৰি ভাৰতৰ সৰ্ববৃহৎ ডিজিটেল বাতৰি চাবস্ক্ৰিপচন প্লেটফৰ্ম হিচাপে নিজৰ স্থান দৃঢ় কৰি বিশ্বৰ শীৰ্ষ ১৫ টাৰ ভিতৰত স্থান দখল কৰিছে। পাঁচ বছৰ পূৰ্বে মুকলি হোৱাৰ পৰাই Moneycontrol Proই প্ৰমাণ কৰিছে যে ই এক বিশ্বমানৰ অফাৰ যিয়ে ইয়াৰ ব্যৱহাৰকাৰীসকলক অতুলনীয় মূল্য প্ৰদান কৰে। প্ৰতি কেইমাহমানৰ ব্যৱধানত অত্যাধুনিক বৈশিষ্ট্য সংযোজন কৰি বুদ্ধিমান বিনিয়োগকাৰীক বজাৰৰ শীৰ্ষত থাকিবলৈ সহায় কৰিছে Moneycontrol Proই। Moneycontrol এপটো প্ৰতিমাহে ৭০ লাখতকৈ অধিক (৭ মিলিয়ন) সক্ৰিয় ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰে আৰু ইয়াৰ ব্যৱহাৰকাৰীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। Network 18ৰ অধ্যক্ষ আদিল জৈনুলভাইয়ে কয় যে, “Moneycontrolএ ভাৰতৰ প্ৰিমিয়াৰ ডিজিটেল ফাইনেন্স প্লেটফৰ্ম যথেষ্ট সফল হৈছে। ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ ধন অধিক স্মাৰ্টভাৱে বিনিয়োগ কৰাত সহায় কৰে।”দৰ্শক আৰু গ্ৰাহক বৃদ্ধিৰ বাহিৰেও Moneycontrolএ ইয়াৰ ব্যৱহাৰকাৰীৰ সৈতেও শক্তিশালী সংযোগ গঢ়ি তুলিছে। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ইয়াৰ পেজ ভিউ দ্য ইকনমিক টাইমছতকৈ প্ৰায় ৪০ শতাংশৰো অধিক আছিল। লগতে ব্যৱহাকাৰীসকলে Moneycontrolত সৰ্বাধিক সময় আছিল অথাৎ ছেপ্টেম্বৰ মাহটোত ৪০৭.৪৮ মিলিয়ন মিনিট Moneycontrolত আছিল ব্যৱহাৰকাৰীসকল। এই তথ্যই প্ৰমাণ কৰে যে ব্যৱহাৰকাৰীসকলে Moneycontrolত অধিক সময় থাকে আৰু প্ৰতিদিনে প্লেটফৰ্মে আগবঢ়োৱা বস্তুৰ সৈতে অধিক সময় কটায়। মাত্ৰ এমাহৰ ভিতৰতে ১০ কোটিৰো অধিক লোকে Moneycontrol ব্যৱহাৰ কৰিবলৈ বাছি লোৱাটো কন্টেন্টৰ মানদণ্ড আৰু বিনিয়োগৰ সিদ্ধান্ত ল’ব বিচৰা খুচুৰা বিনিয়োগকাৰীসকলৰ বাবে ইয়াৰ দ্বাৰা যোগ কৰা মূল্যৰ ওপৰত আস্থাৰ এক বৃহৎ ভোট।’ মানিকণ্ট্ৰলে ব্যক্তিগত ঋণ, ফিক্সড ডিপ’জিট, বেংক একাউণ্ট পৰিচালনা সঁজুলি আৰু ক্ৰেডিট স্ক’ৰৰ জৰিয়তে ফিনটেক স্থানত নিজৰ স্থান সম্প্ৰসাৰণ কৰি ইয়াক এক অতুলনীয় ব্যাপক বিত্তীয় পৰিৱেশ তন্ত্ৰ হিচাপে স্থান দিছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.