NEWS

এশ গৰু মাৰিলে বাঘৰো মৰণ! সম্পত্তিৰ লালসাত ৫ বাৰকৈ বিয়া পাতি অৱশেষত কেনেকৈ জালত পৰিল মুকুট?

অভিযুক্তৰ নাম মুকুট হুছেইন। ঘৰ নগাঁৱৰ কুঠৰীত। মুকুট হুছেইনৰ কৰ্মকাণ্ড শুনিলে চকু কঁপালত উঠিব সকলোৰে। যৌতুকৰ লালসাত ৫ বাৰকৈ বিয়া পাতি অৱশেষত জালত পৰিল মুকুট হুছেইন। এগৰাকী দুগৰাকী নহয় ৫ গৰাকী যুৱতীৰে কেৱল যৌতুকৰ বাবেই বিবাহপাশত আৱদ্ধ হৈছিল মুকুট হুছেইন। প্ৰথমে প্ৰেম আৰু পিছত বিবাহ। বিবাহৰ পিছতেই যৌতুক দাবী কৰা আৰম্ভ কৰে মুকুট হুছেইনে। কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ। অতি চতুৰ মুকুটৰ লগতো সেয়াই হ’ল। শেহতীয়াকৈ তিতাবৰৰ এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাই সমাজক সাক্ষী কৰি বিয়া পাতিছিল মুকুটে। বিয়াৰ কেইমাহমান পাৰ হোৱাৰ পিছতে ব্যৱসায় কৰিবলৈ পত্নীৰ পৰিয়ালক ধন বিচাৰে মুকুটে। কিন্তু দাবী কৰা ধন দিবলৈ পত্নীৰ পৰিয়ালে অমান্তি হোৱাত পলায়ন কৰে মুকুট হুছেইনে। ইফালে পত্নীয়ে ফোন কৰিলে মুকুট হুছেইনে কয় ‘মই গৈ আছো।’ কিন্তু এনেকৈ কৈ কৈ ডেৰ বছৰ পাৰ কৰিলে। ঘূৰি নাহিল মুকুট হুছেইন। অৱশেষত তিতাবৰৰ পত্নীয়ে জানিব পাৰিলে যে মুকুটে গোলাঘাটৰ এগৰাকী যুৱতীক বিয়া কৰালে। বিয়া কৰাৰ খবৰটো পাই তিতাবৰৰ যুৱতীগৰাকীয়ে নিজৰ কোঠাত চূড়ান্ত সিদ্ধান্ত ল’বলৈ অপচেষ্টা কৰিছিল। পৰিয়ালৰ তৎপৰতাত জীৱন্তে উদ্ধাৰ কৰে যুৱতীগৰাকীক। ইয়াৰ পিছতে মুকুটৰ সকলো কু-কৰ্ম ওলাই পৰে। মুকুটে তিতাবৰৰ যুৱতীগৰাকীক এৰি অন্য এগৰাকী গোলাঘাটৰ যুৱতীক বিবাহ কৰিলে। মুকুট হুছেইনে গোলাঘাটৰ যুৱতীগৰাকীকো বিচাৰিছিল ধন। পৰিয়ালে ধন নিদিয়াত ১৫ দিনৰ পূৰ্বে নিজা ঘৰলৈ পঠিয়াই দিয়ে। যৌতুক নোপোৱাৰ বাবেই মুকুট হুছেইনে ৫ গৰাকী যুৱতীৰ জীৱন ধ্বংস কৰিলে। মুকুট হুছেইন নাৰী দেহ ব্যৱসায়ৰ লগতো জড়িত থকাৰ সন্দেহ। দিল্লী, কলকাতা আদি ঠাইত ফুৰাবলৈ নিম বুলি কৈ আধাৰ কাৰ্ড পান, কাৰ্ড আদি বিচাৰে বিয়া কৰা যুৱতীসকলক।মুকুট হুছেইনক বিভিন্ন যুৱতীক বিয়া কৰাৰ ক্ষেত্ৰত তেওঁৰ কলকাতাৰ ভিনিহিয়েকে সহায় কৰি অহাৰো অভিযোগ কৰিছে ভুক্তভোগী যুৱতীৰ লগতে পৰিয়ালৰ লোকে। মুকুটৰ সকলো কথা জানিব পাৰি ন্যায় বিচাৰি দুগৰাকী পত্নীয়ে কাষ চাপিছে আৰক্ষীৰ। এজাহাৰ ভিত্তিত থানাত হাজিৰ হ’ল প্ৰবঞ্চক মুকুট হুছেইন। লম্পট মুকুট হুছেইনৰ বিৰুদ্ধে তিতাবৰ আৰু গোলাঘাট থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.