NEWS

দৰ্শকৰ সন্মুখত মঞ্চতে কৰুণ মৃত্যু জনপ্ৰিয় অভিনেতাৰ!

অভিনয় আছিল তেওঁৰ নিচা। জীৱনৰ শেষ উশাহলৈ তেওঁ কৰি গ’ল অভিনয়। মঞ্চত অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে ঢলি পৰে মাৰাঠী মনোৰঞ্জন জগতৰ প্ৰবীণ শিল্পীগৰাকীয়ে। আৰু সেয়াই আছিল শেষ, তাৰ পিছতে চিৰনিদ্ৰাত পৰে মাৰাঠী অভিনেতা সতীশ যোশী। আৰু পঢ়ক: যৌৱন হ’ব শক্তিশালী! এইদৰে নহৰু ব্যৱহাৰ কৰিলে জীৱন হৈ পৰিব সলনি! ৯৯ শতাংশ মানুহে নাজানে এই কথা দেওবাৰে সতীশ যোশীয়ে অভিনয় কৰি আছিল। সেইদিনা নিশা প্ৰায় ১১ বজাত গুৰগাঁৱৰ ব্ৰাহ্মণ সভাত সংঘটিত হয় এই কৰুণ ঘটনা। অনুষ্ঠানলৈ অভিনেতাগৰাকীয়ে নিখুঁতভাৱে সুস্থ আহিছিল। নাটকৰ প্রস্তুতিত সকলো প্রকাৰে অংশগ্রহণ কৰিছিল অভিনেতাগৰাকীয়ে৷ কিন্তু অভিনয় কৰি থাকোঁতে হঠাৎ শৰীৰত অস্বস্তি অনুভৱ কৰিবলৈ ধৰিলে। যোশীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে অভিনেতা সতীশ যোশীক। আৰু পঢ়ক: টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ল’ব ৰোহিত শৰ্মাই! কোন হ’ব ভাৰতীয় দলৰ পৰৱৰ্তী অধিনায়ক? অভিনেতাজনৰ বন্ধু ৰাজেশ দেশপাণ্ডে ফেচবুকত এটা শোক বাৰ্তা লিখিছে, ‘‘মোৰ জ্যেষ্ঠ, বন্ধু তথা অভিনেতা সতীশ যোশী মঞ্চত শেষ নিশ্বাস ত্যাগ কৰিছে। শেষ উশাহলৈকে অভিনয় কৰিলে। ওম শান্তি ওম।’’ আৰু পঢ়ক: শ্বহীদ কন্যাৰ বিয়াত প্ৰাণ খুলি নাচিলে চিআৰপিএফৰ বিষয়া-জোৱানে, নগাঁৱৰ বীৰ শ্বহীদ নৰেশ্বৰ নাথৰ বাসগৃহত উখল-মাখল পৰিৱেশ মাৰাঠী উদ্যোগৰ প্ৰবীণ অভিনেতাগৰাকী অভিনয় দক্ষতাৰ বাবে জনপ্ৰিয় আছিল। ৰূপালী পৰ্দাৰ উপৰিও থিয়েটাৰত অভিনয় কৰি নিজৰ দক্ষতাৰ পৰিচয় দিছিল অভিনেতাগৰাকীয়ে। ‘ভাগ্যলক্ষ্মী’ত তেওঁৰ অভিনয়ে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল। অভিনেতাগৰাকীৰ আকস্মিত বিয়োগত শোকস্তব্ধ হৈ পৰিছে অভিনেতাজনৰ অনুৰাগীসকল। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.