NEWS

Health Tips : ঘনে ঘনে চাহ খোৱাৰ অভ্যাস আছে নেকি? কোন সময়ত চাহ খোৱা বিপজ্জনক? জানি লওক বিশেষজ্ঞৰ পৰামৰ্শ

বহুতেই পুৱা খালী পেটত চাহ খায়। একাংশই মত পোষণ কৰে, খালী পেটত দীৰ্ঘদিন চাপ খালে কেঞ্চাৰ হ’ব পাৰে। এয়া সঁচা নেকি? স্বাস্থ্য বিশেষজ্ঞ ডাঃ জে কে মিত্ৰই জনায়, খালী পেটত চাহখালে কেঞ্চাৰ হোৱাৰ কোনো বৈজ্ঞানিক প্ৰমাণ আজি পৰ্যন্ত পোৱা নাই। কিন্তু এই ধৰণৰ অভ্যাসৰ ফলত কেঞ্চাৰ নহ’লেও আন স্বাস্থ্য সমস্যা হ’ব পাৰে। চাহত আছে এণ্টিঅক্সিডেণ্ট আৰু পলিফেনল যি স্বাস্থ্যৰ বাবে যিদৰে উপকাৰী, সেইদৰে সঠিকভাৱে পান নকৰিলে অপকাৰো হ’ব পাৰে। কিন্তু কেঞ্চাৰৰ গুজব বাদ দিব পাৰি। তেওঁ আৰু কয়, খালী পেটত চাহ খালে গেষ্ট্ৰিক এচিডিটি আৰু পেট জ্বলাপোৰাৰ দৰে সমস্যা হ’ব পাৰে। সাধাৰণতে চাহত কেফেইন থাকে, যিয়ে পেটত এচিডিটিৰ পৰিমাণ বঢ়ায়। খালী পেটত চাহ খালে পাচনতন্ত্ৰক প্ৰভাৱিত কৰিব পাৰে আৰু ক্ষুধা হ্ৰাস কৰিব পাৰে, ইয়াৰ ফলত পুষ্টিৰ অভাৱ হয়। ডাঃ মিত্ৰৰ মতে, সঠিক সময়ত আৰু সঠিক উপায়েৰে চাহ খালে উপকাৰ পোৱা যায়। চাহ পানৰ শ্ৰেষ্ঠ সময় পুৱা জলপানৰ পিছত। ইয়াৰ ফলত পেটত এচিডিটিৰ সমস্যা নহয় আৰু হজমশক্তিও ভালে থাকে। দিনত ২-৩ কাপ যথেষ্ট। অতিৰিক্ত চাহ পান কৰিলে কেফেইনৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। গ্ৰীন টি পান- গ্ৰীন টি এণ্টিঅক্সিডেণ্ট সমৃদ্ধ আৰু খালী পেটত পান কৰিব পাৰে, কিন্তু ইয়াৰ সৈতেও পাতল স্নেক্ছ খোৱা ভাল। চাহ খোৱাৰ লগত কেঞ্চাৰৰ পোনপটীয়া কোনো সম্পৰ্ক পোৱা হোৱা নাই। কেঞ্চাৰৰ বহু কাৰণ থাকিব পাৰে, যেনে জেনেটিক কাৰণ, ধূমপান, এলকহল সেৱন, অস্বাস্থ্যকৰ খাদ্য আৰু প্ৰদূষণ। সেয়ে খেলী পেটত চাহ খোৱাটো কেঞ্চাৰৰ কাৰণ বুলি ভবাটো ভুল। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.