NEWS

Karimganj News: অগ্নিগৰ্ভা বাংলাদেশ! কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে পুনৰ উভতিল‌ ৫৫ গৰাকী ভাৰতীয় শিক্ষাৰ্থী

ভাৰতীয় শিক্ষাৰ্থীসকলৰ সৈতে কৰিমগঞ্জৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক। কোটা আন্দোলনত জ্বলিছে চুবুৰীয়া দেশ বাংলাদেশ। ভাৰতীয় হাই কমিছনৰ উদ্যোগত অগ্নিগৰ্ভা বাংলাদেশৰ পৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ঘূৰাই অনাৰ কাম আৰম্ভ হৈছে।শুকুৰবাৰৰ পৰা বাংলাদেশৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়ন কৰ থকা অসমৰ ছাত্র-ছাত্রীসকলক ঘূৰাই অনাৰ কাম চলি আছে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে বাৰ্তালাপ কৰে।মুখ্যমন্ত্ৰী হিমন্তই বাংলাদেশত অধ্যয়ন কৰি থকা অসমৰ ছাত্ৰ-ছাত্ৰীক আনিবলৈ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছিল। কৰিমগঞ্জৰ জিলা দণ্ডাধীশ মৃদুলকুমাৰ যাদৱে জনাইছে যে কালি ৪১ জন লোক আৰু আজি সুস্বাস্থ্যৰে সুতৰকান্দি সীমান্তৰ মাজেৰে আৰু ১৪ জন ছাত্ৰ-ছাত্ৰীক অনা হয়। বৰ্তমানলৈকে মুঠ ৫৫ গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰী সুতাৰকান্দি সীমান্তৰে নিজ দেশলৈ উভতি আহিছে। শ্বেওলা বন্দৰ পাৰ হৈ সুতাৰকান্দি ইমিগ্ৰেচন চেক প’ষ্টত তেওঁলোকক গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন, বি এছ এফ আৰু অভিবাসন বিষয়াসকল উপস্থিত থাকে। ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে বাংলাদেশৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু বিশ্ববিদ্যালয়লৈ গৈ চিকিৎসা আৰু অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিছিল। সংৰক্ষণ ব্যৱস্থা সংস্কাৰৰ দাবীত হিংসাত্মক আন্দোলনৰ ফলত বাংলাদেশত আবদ্ধ হৈ থকা ৩০০ৰো অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক মেঘালয়,অসম আৰু ত্ৰিপুৰাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মাজেৰে নিৰাপদে ঘূৰাই অনা হৈছে। ইপিনে চুবুৰীয়া দেশ ভাৰত, নেপাল, ভূটান, শ্ৰীলংকাৰ‌ লগতে অন্যান্য দেশ বাংলাদেশৰ এনে অস্থিৰ পৰিৱেশক লৈ অতিশয় চিন্তিত। প্ৰতি বছৰে শ-শ ছাত্ৰ-ছাত্ৰী সেই দেশলৈ গৈ পঢ়া-শুনা কৰে।সাম্প্ৰতিক পৰিস্থিতিত ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে বাংলাদেশৰ পৰা কেনেবাকৈ ঘৰলৈ উভতি আহিবলৈ অপেক্ষা কৰি আছে।মেঘালয়ৰ ডাউকি সীমান্তৰ মাজেৰে প্ৰায় ১৯০ জন, ত্ৰিপুৰা সীমান্তৰে ১৫০ জন আৰু সুতাৰকান্দি সীমান্তৰে ৫৫ জন ছাত্ৰ-ছাত্ৰীক নিজৰ দেশলৈ ঘূৰাই অনা হয়। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.