NEWS

Paris Olympics 2024: অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে ৰে'লত অগ্নি সংযোগ, ফ্ৰান্সত ব্যাহত ৰে'ল ব্যৱস্থা, পেৰিছত খেলুৱৈৰ নিৰাপত্তাক লৈ শংকা

পেৰিছ অলিম্পিক মুকলি হোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে ফ্ৰান্সৰ ৰে’ল সেৱাত আক্ৰমণৰ সন্মুখীন হৈছে। নিশাৰ অন্ধকাৰত কেইবাঠাইতো ৰে’লত জুই লগাই দিয়া হয়। ফ্ৰান্সৰ ৰে’ল কৰ্তৃপক্ষই কয় যে ক্ষতিৰ পিছত স্বাভাৱিক সেৱা পুনৰ ঘূৰাই আনিবলৈ এসপ্তাহমান সময় লাগিব পাৰে। উদ্বোধনীৰ পূৰ্বে পেৰিছ অলিম্পিক কিমান সুকলমে সম্পূৰ্ণ হ’ব সেই লৈ আশংকা কৰা হৈছিল। তীব্ৰবেগী ৰে’ল সেৱাত ব্যাঘাত জন্মাৰ বাবে আঠ লাখ লোকে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। সাধাৰণ জনতাক আগন্তুক কেইদিনমানৰ বাবে ৰে’লযোগে যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বৃহস্পতিবাৰে নিশা ফ্ৰান্সৰ কেইবাটাও স্থানত ৰে’লত অগ্নিসংযোগ কৰা হয়। কেইবাখনো ৰে’ল আৰু ৰে’লৰ আন্তঃগাঁথনিত অগ্নিসংযোগ কৰি ৰে’ল ব্যৱস্থা সম্পূৰ্ণৰূপে বাধাগ্ৰস্ত কৰা হয়। নিশাৰ আন্ধাৰত একেলগে কেইবাটাও অঞ্চলত ৰে’লসেৱাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। ফ্ৰান্সৰ ৰে’লপথৰ আটলাণ্টিক, উত্তৰ আৰু পূব শাখাৰ বেয়াকৈ ক্ষতিসাধন হয়। দেশজুৰি কোনে এনে আক্ৰমণ সংঘটিত কৰিছিল সেই সন্দৰ্ভত ফ্ৰান্স প্ৰশাসনে এতিয়ালৈ একো কোৱা নাই। ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। পেৰিছ অলিম্পিকত বিক্ষিপ্ত ঘটনা ঘটাৰ সম্ভাৱনা সন্দৰ্ভত আগতীয়াকৈ সতৰ্কবাণী জাৰি কৰা হৈছে। তাৰ বাবে পেৰিছ চহৰক কঠোৰ নিৰাপত্তাৰ মাজত ৰখা হৈছে। ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ এটা বিশেষ দলো নিৰাপত্তাৰ বাবে তালৈ গৈছে। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / Paris Olympics 2024: অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে ৰে'লত অগ্নি সংযোগ, ফ্ৰান্সত ব্যাহত ৰে'ল ব্যৱস্থা, পেৰিছত খেলুৱৈৰ নিৰাপত্তাক লৈ শংকা Paris Olympics 2024: অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে ৰে'লত অগ্নি সংযোগ, ফ্ৰান্সত ব্যাহত ৰে'ল ব্যৱস্থা, পেৰিছত খেলুৱৈৰ নিৰাপত্তাক লৈ শংকা উদ্বোধনীৰ পূৰ্বে পেৰিছ অলিম্পিক কিমান সুকলমে সম্পূৰ্ণ হ’ব সেই লৈ আশংকা কৰা হৈছিল। তীব্ৰবেগী ৰে’ল সেৱাত ব্যাঘাত জন্মাৰ বাবে আঠ লাখ লোকে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : July 26, 2024, 5:49 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami সম্পৰ্কীয় বাতৰি পেৰিছ অলিম্পিক মুকলি হোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে ফ্ৰান্সৰ ৰে’ল সেৱাত আক্ৰমণৰ সন্মুখীন হৈছে। নিশাৰ অন্ধকাৰত কেইবাঠাইতো ৰে’লত জুই লগাই দিয়া হয়। ফ্ৰান্সৰ ৰে’ল কৰ্তৃপক্ষই কয় যে ক্ষতিৰ পিছত স্বাভাৱিক সেৱা পুনৰ ঘূৰাই আনিবলৈ এসপ্তাহমান সময় লাগিব পাৰে। উদ্বোধনীৰ পূৰ্বে পেৰিছ অলিম্পিক কিমান সুকলমে সম্পূৰ্ণ হ’ব সেই লৈ আশংকা কৰা হৈছিল। তীব্ৰবেগী ৰে’ল সেৱাত ব্যাঘাত জন্মাৰ বাবে আঠ লাখ লোকে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। সাধাৰণ জনতাক আগন্তুক কেইদিনমানৰ বাবে ৰে’লযোগে যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বিজ্ঞাপন বৃহস্পতিবাৰে নিশা ফ্ৰান্সৰ কেইবাটাও স্থানত ৰে’লত অগ্নিসংযোগ কৰা হয়। কেইবাখনো ৰে’ল আৰু ৰে’লৰ আন্তঃগাঁথনিত অগ্নিসংযোগ কৰি ৰে’ল ব্যৱস্থা সম্পূৰ্ণৰূপে বাধাগ্ৰস্ত কৰা হয়। নিশাৰ আন্ধাৰত একেলগে কেইবাটাও অঞ্চলত ৰে’লসেৱাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। ফ্ৰান্সৰ ৰে’লপথৰ আটলাণ্টিক, উত্তৰ আৰু পূব শাখাৰ বেয়াকৈ ক্ষতিসাধন হয়। দেশজুৰি কোনে এনে আক্ৰমণ সংঘটিত কৰিছিল সেই সন্দৰ্ভত ফ্ৰান্স প্ৰশাসনে এতিয়ালৈ একো কোৱা নাই। ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। বিজ্ঞাপন পেৰিছ অলিম্পিকত বিক্ষিপ্ত ঘটনা ঘটাৰ সম্ভাৱনা সন্দৰ্ভত আগতীয়াকৈ সতৰ্কবাণী জাৰি কৰা হৈছে। তাৰ বাবে পেৰিছ চহৰক কঠোৰ নিৰাপত্তাৰ মাজত ৰখা হৈছে। ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ এটা বিশেষ দলো নিৰাপত্তাৰ বাবে তালৈ গৈছে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Olympic , Paris Olympics 2024 First Published : July 26, 2024, 5:49 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.