বৰ্তমান সময়ত আমাৰ বহুতে পাউৰুটি প্ৰিয়। স্বাস্থ্যকৰ খাদ্যৰ ক্ষেত্ৰত আমাৰ বহুতেই বগা ৰঙৰ পাউৰুটিতকৈ বাদামী ৰঙৰ পাউৰুটি অধিক পছন্দ কৰে। পুষ্টিৰ ক্ষেত্ৰত বিশেষ পাৰ্থক্য নাথাকিলেও নকল ব্ৰাউন ব্ৰেড খোৱাৰ পৰা সাৱধান হ’ব লাগে। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত কেইবাটাও ভিডিঅ’ত ব্ৰাউন ব্ৰেড প্ৰস্তুত কৰাত মিশ্ৰণৰ ইংগিত দিয়া হৈছে য’ত গ্ৰাহকক ব্ৰাউন ব্ৰেড ক্ৰয় কৰাৰ সময়ত সাৱধান হ’বলৈ কোৱা হৈছে। ডায়েটিচিয়ান শিখৰ কুমাৰীয়েও ইনষ্টাগ্ৰাম পোষ্টত কয় যে, ‘বাণিজ্যিক ব্ৰাউন ব্ৰেডৰ সামগ্ৰী তেওঁলোকে দাবী কৰা ধৰণে স্বাস্থ্যকৰ নহ’বও পাৰে। এই কথাত সন্মতি প্ৰকাশ কৰি জাইনোভা শ্বেলবি হাস্পতাল মুম্বাইৰ খাদ্য বিশেষজ্ঞ জিনাল পেটেলে কয় এক বিস্ফোৰক মন্তব্য কৰে। জিনালৰ মতে ‘কিছুমান প্ৰস্তুতকাৰীয়ে বাদামী ৰুটিৰ ৰূপত বগা বা মায়দা ৰুটি বিক্ৰী কৰিব পাৰে, প্ৰায়ে বিভ্ৰান্তিকৰ লেবেল, উপাদানৰ তালিকা বা পেকেজিং ব্যৱহাৰ কৰে। পেটেলে লগতে কয় যে, ‘‘এই বিক্ৰী কৌশলে ব্যক্তি এজনৰ জীৱনত বৃহৎ ক্ষতি কৰিব পাৰে। হঠাৎ ওজন বৃদ্ধি কৰিব পাৰে, ব্লাড ছুগাৰ বৃদ্ধি কৰিব পাৰে। আৰু পুষ্টিকৰ উপাদানৰ অভাৱত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। ব্ৰাউন ব্ৰেড ক্ৰয় কৰাৰ সময়ত ব্যক্তিসকলক সাৱধান আৰু মনোযোগী হ’ব লাগে।’’ নিশ্চিত হওক যে আপুনি সদায় উপাদানৰ তালিকাখন পৰীক্ষা কৰে। “যদি ব্ৰাউন ব্ৰেডত গোটা ঘেঁহুৰ আটাৰ সলনি ৰিফাইন আটা থাকে তেন্তে এয়া নকল ব্ৰাউন ব্ৰেড হোৱাৰ সম্ভাৱনা অধিক। নূন্যতম চেনিৰ পৰিমাণ থকা ব্ৰাউন ব্ৰেড ল’ব লাগে, আৰু কোনো কৃত্ৰিম ৰং নথকা।’’ এই মন্তব্য কৰে জিনাল পেটেলে। আনফালে শিখৰ কুমাৰীয়ে কয় যে পাৰিলে, এজন লোকে ঘৰতে ৰুটি তৈয়াৰক কৰি খাব লাগে। “ঘৰতে গোটা ঘেঁহুৰ ৰুটি বনাই দিলে উপাদানসমূহৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকে। আপুনি ১০০ শতাংশ গোটা ঘেঁহুৰ আটা ব্যৱহাৰ কৰিব পাৰে।’’ “প্ৰকৃত বাদামী পাউৰুটিৰ টেক্সচাৰ ঘন হ’ব লাগে আৰু একে সময়তে আৰ্দ্ৰ যদিও দৃঢ় অনুভৱ হ’ব লাগে। আনহাতে, নকল বাদামী পাউৰুটি বা বগা পাউৰুটি লঘু আৰু স্পঞ্জৰ দৰে টেক্সচাৰৰ থাকে। ইয়াৰ পৰা হাত সাৰিবলৈ সদায় স্থানীয় বেকাৰী বা ব্ৰেণ্ডৰ পৰা পাউৰুটি ল’ব লাগে। যিয়ে স্বাস্থ্যসন্মত আৰু প্ৰামাণিক গোটা ঘেঁহুৰ ৰুটি প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ লগতে মানসম্পন্ন উপাদান ব্যৱহাৰ কৰে।’’ এই মন্তব্য কৰে জিনাল পেটেলে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.