NEWS

সম্ৰাট নিৰোৰ দৰেই যুদ্ধৰ চিন্তা এৰি ফুটবলতেই সমস্ত উজাৰিছে জেলেনেস্কীয়ে

ইতিহাসৰ যেন পুনৰাবৃত্তি ঘটিছে। আমি প্ৰায়েই উদাহৰণ দিয়া দেখো- ৰোম যেতিয়া জ্বলিছিল, সম্ৰাট নিৰোৱে বাঁহী বজাই আছিল… তেনে এক পৰিস্থিতি, পৰিবেশৰেই যেন পুনৰাবৃত্তি ঘটিছে বিশ্বত। এইবাৰ ঘটনাৰ স্থান ইউক্ৰেইন। সম্ৰাট নিৰো নহয়, ৰাষ্ট্ৰপতি ভলড’মিৰ জেলেনেস্কী। তিনি বছৰে মহাপ্ৰতাপী ৰাছিয়াৰ সেনা বাহিনীৰ সৈতে যুঁজিও পাৰ পোৱা নাই ইউক্ৰেইনৰ সেনা বাহিনীয়ে। এফালৰ পৰা ৰুছ সেনাই তচনচ কৰি গৈছে ইউক্ৰেইন ভূমি, ধাৰাবাহিক বোমা, গুলীবৰ্ষণত নিহত হৈছে ইউক্ৰেইনৰ সেনা জোৱান। ইয়াৰ বিপৰীতে জেলেনস্কী ব্যস্ত অইন ক’ৰ’বাতহে। যুদ্ধৰ কি পৰিহাস, নিশ্চিত পৰাজয়ৰ কথা অনুমান কৰি সৈন্যই নিবিচাৰে যুদ্ধ কৰিবলৈ, সেনাধ্যক্ষই বিচাৰে সৈন্য মৰিলেও অব্যাহত থাকক যুদ্ধ। সম্প্ৰতি ইউক্ৰেইনত পৰিহাসমূলক পৰিস্থিতি। এফালে ৰাছিয়াৰ সেনা বাহিনীৰ বিশাল সমৰ-সজ্জা, আনফালে ইউক্ৰেইন সেনাৰ পলৰীয়া মনোভাৱ। ৰুছ সেনাৰ প্ৰতাপত তিষ্ঠিব নোৱাৰি আত্মসমৰ্পণৰ গত্যন্তৰ নোহোৱা হৈছে ইউক্ৰেইন সেনাৰ। তিনি বছৰে যুদ্ধ কৰি ভাগৰি পৰিছে ইউক্ৰেইনৰ সেনা বাহিনী। যুদ্ধ নহয়, যুদ্ধ বিৰতি বিচাৰিছে ইউক্ৰেইন সেনাই। ৰাছিয়াৰ তুলনাত নাই যুদ্ধ সামগ্ৰী, নাই বিশাল বাহিনী। নাই ৰাছিয়াৰ দৰে অত্যাধুনিক সমৰশৈলীৰ অভিজ্ঞতাও। ফলত বিনা যুদ্ধই যেন আত্মসমৰ্পণ কৰিবলৈ আগবাঢ়িছে ইউক্ৰেইন সেনাই। কিন্তু ৰাষ্ট্ৰপতি জেলেনাস্কী নাচোৰবান্দা। মৰিলেও মৰক ইউক্ৰেইনৰ সেনা, যুদ্ধ অব্যাহত থাকিব- এয়াই তেওঁৰ মত। কিন্তু, শেহতীয়াকৈ যুদ্ধ বাদ দি জেলেনস্কী ব্যস্ত আন ক’ৰবাতহে! যুদ্ধত হাৰিলেও ফুটবলত জিকিব! যুদ্ধ নিবিচাৰে ইউক্ৰেইন সেনাই, বিপৰীতে সেনাধ্যক্ষ আকোঁৰগোজ। ঠিক টেন ইংৰাজ কবি ALFRED TENNYSON (আলফ্ৰেড টেননিছন)ৰ ছাৰ্জ অৱ দ্য লাইট ব্ৰিগে’ড কবিতাটোৰেই জীৱন্ত ৰূপ! সেনাধ্যক্ষৰ ভুল নিৰ্দেশ মানি যিদৰে লাইট ব্ৰিগেডে জানি শুনিও ‘‘মৃত্যুৰ গহ্বৰ’’ত সোমাই গৈছিল, চাৰিও দিশৰ পৰা কৰা বৰটোপ আক্ৰমণৰ সন্মুখীন হৈছিল, ঠিক তেনেদৰেই ৰুছ সেনাৰে যুঁজি আওমৰণে মৰিছে ইউক্ৰেইন সেনা। অঁকৰা উঠিছে মৈত, নাওঁ বুৰিলেও নানামে টিঙৰ পৰা। আঁকোৰগোজ ভলড’মিৰ জেলেনেস্কী। তেওঁ বিচাৰে অব্যাহত থাকক যুদ্ধ। আনহাতে, ৰাষ্ট্ৰপতিগৰাকীৰ এতিয়া নতুন চখ, ফুটবল ফিল্ডত ৰণ জয় কৰক ইউক্ৰেইনৰ ফুটবল দলে। ফুটবলেৰে চমক দিব বিশ্বক, কিন্তু সন্মতি নিদিয়ে যুদ্ধ বিৰতিত। যুদ্ধ ক্ষেত্ৰত দৰকাৰ হ’লে মৰি শেষ হওক ইউক্ৰেইন সেনা! কিন্তু ফুটবলৰ ক্ষেত্ৰত জয়ী হওক ইউক্ৰেইন। ফুটবলৰ ক্ষেত্ৰত সাফল্য আহিলেই উৎফুল্লিত হৈ পৰে জেলেনেস্কী। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনেস্কীৰ এই স্থিতিয়ে সম্প্ৰতি ভয়াবহ ভবিষ্যতলৈ ঠেলি দিছে ইউক্ৰেইন সেনাক। এতিয়া তেওঁলোকৰ সন্মুখত দুটাই পথ- আত্মসমৰ্পণ অথবা আত্ম বিসৰ্জন। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.