NEWS

‘পঞ্চায়ত ছিজন-৩’ত কোনে গুলীয়ালে প্ৰধানক?

দা ভাইৰেল ফিভাৰ নামৰ এন্টাৰটেইনমেন্ট চেনেলটোৱে TVF প্ৰডাকচনৰ নামেৰে বিভিন্ন সময়ত ভিন্ন ধৰণৰ ছিৰিজ ৰাইজক আগবঢ়াই আহিছে। শেহতীয়াকৈ এইটো প্ৰডাকচনে দৰ্শকৰ মাজলৈ লৈ আহিছে পঞ্চায়ত শীৰ্ষক ৱেব ছিৰিজখনৰ তৃতীয়টো ছিজন যিয়েই দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মে’ ২৮ তাৰিখে এমাজন প্ৰাইমত ৰিলিজ হোৱাৰ পিছৰে পৰা এই চিজনটোক দৰ্শকে অভুতপূৰ্ব সহাৰি দিছে,ফুলেৰা নামৰ গাঁওখনৰ পঞ্চায়ত অফিছটো আৰু তাৰ লগত জড়িত এটি ৰাজনৈতিক, সামাজিক আৰু আবেগিক পৰিৱেশৰ সহজ আৰু নিভাজ প্ৰতিফলন পঞ্চায়তৰ এটা উল্লেখযোগ্য বিশেষত্ব। ছিৰিজটোৰ পটভূমি হিচাপে দেখুওৱা হৈছে উত্তৰ প্ৰদেশৰ ফুলেৰা নামৰ গাঁওখনৰ এটা পঞ্চায়ত আৰু কিদৰে এই পঞ্চায়ত কাৰ্যালয়টোকে কেন্দ্ৰ কৰি সংঘটিত হ’ল কিছুমান ঘটনা সেইয়া দেখুওৱা হৈছে। এই ছিৰিজৰ মূল চৰিত্ৰত অভিনয় কৰা জিতেন্দ্ৰ কুমাৰে সচিব চৰিত্ৰৰে এজন চহৰীয়া ডেকাই কিদৰে আৰ্থিক অৱস্থা স্বচ্ছল কৰাৰ বাবেই আহি এখন ভিতৰুৱা গাঁৱত চাকৰি কৰিব লগা হয়, কিদৰে তেওঁ লাহে লাহে গাঁওখনৰ পৰিৱেশটোৰ লগত জড়িত হৈ পৰে সেই বিষয়ে এখন প্ৰতিচ্ছবি ডাঙি ধৰা হৈছে। ‘পঞ্চায়তৰ ছিজন-৩’ ত ফুলেৰাৰ বিধায়ক চন্দ্ৰ কিশোৰ সিঙৰ ওপৰত হোৱা এটা গোচৰক কেন্দ্ৰ কৰি ছিজন ২ত দেখুওৱা ঘটনাটো আৰু সক্ৰিয় হৈ উঠে, ঘটনাটো আৰু অধিক ভয়ানক ৰূপ লয় যেতিয়া বিধায়কৰ মৰমৰ ঘোঁৰা চিতাৰাক ফুলেৰাৰ ৰাইজে তেওঁক লাজত পেলাবলৈ ক্ৰয় কৰে। তাৰ পৰায়ে বিধায়ক আৰু ফুলেৰা গাঁৱৰ ৰাইজৰ মাজত তীব্ৰ ৰণ হোৱাৰ ৰূপ লয়। এই ছিজনৰ শেষৰফালে কোনো দুৰ্বিত্বই ফুলেৰা গাঁৱৰ প্ৰধানৰ ওপৰত গুলীচালনা কৰা দৃশ্যটো সংযোজনেৰে ছিৰিজটোৰ পৰিচালক দীপক কুমাৰ মিশ্ৰই পঞ্চায়তৰ চাৰি নম্বৰৰ ছিজনটো অহাৰ ইংগিত দিয়ে। পঞ্চায়তৰ সংগীত ব্যৱস্থাপনা কৰা অসম সন্তান অনুৰাগ শইকীয়াকো দৰ্শকে বিপুল সঁহাৰি দিছে,তেখেতৰ ‘এ ৰাজা জি’ গীতটোত ১ লাখ সত্তৰ হাজাৰ দৰ্শকে ৰীল তৈয়াৰ কৰি ট্ৰেণ্ডত লৈ আনে। পঞ্চায়তৰ এইটো ছিৰিজক আই এম ডি বি ৰিপৰ্টত ৯.০ ৰেটিঙ প্ৰদান কৰিছে দৰ্শকে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.