দেওবাৰে নিউয়ৰ্কত অনুষ্ঠিত হোৱা ভাৰত আৰু পাকিস্তানৰ টি-২০ বিশ্বকাপৰ খেলখন উপভোগ কৰাৰ কেইঘণ্টামানৰ পাছতে মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যন (MCA)ৰ সভাপতি আমোল কালেৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। আমোল কালেৰ আকস্মিক মৃত্যুৱে ক্ৰিকেটৰ ক্ষেত্ৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু যথেষ্ট সংখ্যক লোকে এই দুঃখবৰত মৰ্মাহত হৈ শোকপ্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, দেওবাৰে মুম্বাই ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক অজিংক্য নাইক আৰু আন এজন বিষয়ববীয়াৰ সৈতে নিউয়ৰ্কৰ নাছাউ কাউন্টি ক্ৰিকেট খেলপথাৰত ভাৰত আৰু পাকিস্তানৰ খেল উপভোগ কৰিছিল আমোল কালে। ৪৭ বছৰীয়া আমোল কালে ২০২২ চনত মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ লগতে মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনৰ নিৰ্বাচনত বিশ্বকাপ বিজয়ী প্ৰাক্তন ক্ৰিকেটাৰ সন্দীপ পাটিলক পৰাস্ত কৰি দেশৰ অন্যতম শক্তিশালী ক্ৰিকেট সংস্থাটোৰ সভাপতি হয়। মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনে এক্সত এক পোষ্টযোগে আমোল কালেৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। আমোল কালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনবিছৰ ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত আছিল। ক্ৰিকেটত কৰা কামৰ উপৰিও নাগপুৰৰ কালে আছিল প্ৰথম শ্ৰেণীৰ ব্যৱসায়ী আৰু এক দশকৰো অধিক সময় মুম্বাইত বসবাস কৰিছিল। BCCIয়ে ঘৰুৱা খেলুৱৈৰ মেচ মাচুল দুগুণ কৰাৰ সিদ্ধান্তৰ পিছতে আগন্তুক ২০২৪-২৫ ছিজনৰ বাবে মুম্বাইৰ জ্যেষ্ঠ ঘৰুৱা ক্ৰিকেটাৰসকলৰ মেচ মাচুল দুগুণ কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰেডবল ক্ৰিকেটৰ প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ কথা প্ৰায়ে কৈছিল কালে। উল্লেখযোগ্য যে মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনে চলিত বৰ্ষৰ আৰম্ভণিতে ২০২৩-২৪ ছিজনৰ পৰা বিজয়ী ৰঞ্জী ট্ৰফী দলটোক ৫ কোটি টকাৰ পুৰস্কাৰ ধন ঘোষণা কৰিছিল। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.